অসম

assam

Assam flood 2022: অপৰিৱৰ্তিত দৰঙৰ বান পৰিস্থিতি

By

Published : Jun 21, 2022, 8:21 PM IST

দৰং জিলাৰ প্ৰায় ৪৫৯ খন গাঁও বানৰ কৱলত (Flood affects Darrang)। বানপীড়িত অঞ্চল পৰিদৰ্শন অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ । বানাক্ৰান্তক সাহায্য বিতৰণ অব্যাহত ৰাখিছে জিলা প্ৰশাসনে ।

Darrang
অপৰিৱৰ্তিত দৰঙৰ বান পৰিস্থিতি

দৰং,২১ জুন :ৰাজ্যৰ বিভিন্ন জিলাত বান পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ আছে (Flood situation of Assam)। দৰং জিলাত ভয়ংকৰ ৰূপ লৈছে বছৰৰ দ্বিতীয়টো বানে । শাকতোলা আৰু ননৈ নদীৰ মথাউৰি ছিগি যোৱাৰ ফলত মঙলবাৰেও জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত হৈ থাকে (Flood in Darrang district)। সোমবাৰলৈকে জিলাখনৰ দলগাঁও, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ ৪৫৯ খন গাঁও বানৰ কবলত পৰিছিল আৰু প্ৰায় ৪,৬৯,২৪১ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে । উক্ত ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৩৪৭.৫০ হেক্টৰ কৃষি ভূমি বানত প্লাৱিত হৈছে । তদুপৰি ৩,৪১,০২৩ টা পশুধন বানৰ কৱলত পৰিছে বুলি জানিব পৰা গৈছে ।

অপৰিৱৰ্তিত দৰঙৰ বান পৰিস্থিতি

এনে পৰিস্থিতিৰ মাজতে জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মঙলবাৰে ছিপাঝাৰ সমষ্টিৰ বিভিন্ন বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে (Chandra Mohan Patowary visits flood affected area in Darrang)। তাৰ পাছতে মন্ত্ৰীগৰাকীয়ে উপায়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা সভাত মিলিত হয় আৰু বানাক্ৰান্তসকলৰ মাজত অধিক ক্ষিপ্ৰতাৰে সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়ে । উক্ত সভাত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমান আৰু বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।

অপৰিৱৰ্তিত দৰঙৰ বান পৰিস্থিতি

ইফালে এতিয়াও জিলাখনৰ বিভিন্ন পথ পানীৰ তলত আছে যাৰ বাবে সেইবোৰ পথত যাতায়ত ব্যৱস্থা বন্ধ আছে । পিপৰাদোকানৰ পৰা শাকতোলা দলং পৰ্যন্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰি থকাৰ ফলত যাতায়ত ব্যাহত হৈ আছে (Floods in NH15)।

ইফালে NDRF আৰু SDRFৰ জোৱানসকলে অবিৰতভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । সমান্তৰালকৈ ভগা মথাউৰিসমূহৰ মেৰামতিৰ কামো ক্ষিপ্ৰ গতিত চলাই থকা হৈছে । জিলাখনত স্থাপন কৰা ১৬ টা বান শিবিৰ আৰু ৮৩ টা বিতৰণ কেন্দ্ৰৰ যোগেদি বানাক্ৰান্তসকলক সাহায্য সামগ্ৰী প্ৰদান কৰা হৈছে ।

উল্লেখ্য যে সোমবাৰলৈকে জিলাখনত বানাক্ৰান্তৰ মাজত চাউল ২২৪৩.০০ কুইন্টল, দাইল ৪০৬.২৭ কুইন্টল, নিমখ ১২৫.৩০ কুইন্টল, মিঠাতেল ১১৯৪৯.০০ লিটাৰ বিতৰণ কৰা হৈছে । তদুপৰি শিশু খাদ্যও বিতৰণ কৰা হৈছে । টাৰ্পোলিন, মম আৰু বিস্কুটো যোগান ধৰা হৈছে । ইয়াৰ উপৰিও ১৪১৩ কুইন্টল পশুখাদ্য বিতৰণ কৰা হৈছে ।

লগতে পঢ়ক :Assam Floods 2022: বানাক্ৰান্তলৈ সহায়ৰ হাত বৰষাৰাণী বিষয়াৰ

ABOUT THE AUTHOR

...view details