অসম

assam

খাৰুপেটীয়াত চৰকাৰী মাটি বেদখলৰ বিৰুদ্ধে আমছু

By

Published : Oct 23, 2020, 5:28 PM IST

দৰঙৰ সৰ্ববৃহৎ আলিকাষ (বালুগাওঁ) আৰু বেছিমাৰী বজাৰৰ মাটি একাংশ ৰাজনৈতিক দলৰ নেতা, পালি নেতা, আত্মীয় স্বজন, চৰকাৰী শিক্ষক, মহলদাৰে ব্যাপক হাৰত চৰকাৰী মাটি বেদখল কৰি যতে-ততে পকী ঘৰ, দোকান, গুদাম আদি নিজৰ ইচ্ছা মতে নিৰ্মাণ কৰাৰ পিছতো ৰহস্যজনক ভাবে দলগাঁও চক্র ৰাজহ চক্ৰৰ চক্র বিষয়া তথা দৰং জিলা প্ৰশাসনে মৌনতা অবলম্বন কৰা বুলি খাৰুপেটীয়াত দৰং জিলা আমছুৱে সংবাদমেল পাতি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।

darrang-aamsu-press-meet
চৰকাৰী মাটি বেদখলৰ বিৰুদ্ধে খাৰুপেটীয়াত আমছুৰ সংবাদমেল

দলগাঁও, ২৩ অক্টোবৰ: দৰঙৰ সৰ্ববৃহৎ আলিকাষ (বালুগাওঁ) আৰু বেছিমাৰী বজাৰৰ মাটি একাংশ ৰাজনৈতিক দলৰ নেতা, পালি নেতা, আত্মীয় স্বজন, চৰকাৰী শিক্ষক, মহলদাৰে ব্যাপক হাৰত চৰকাৰী মাটি বেদখল কৰি যতে-ততে পকী ঘৰ, দোকান, গুদাম আদি নিজৰ ইচ্ছা মতে নিৰ্মাণ কৰাৰ পিছতো ৰহস্যজনক ভাবে দলগাঁও চক্র ৰাজহ চক্ৰৰ চক্র বিষয়া তথা দৰং জিলা প্ৰশাসনে মৌনতা অৱলম্বন কৰা বুলি খাৰুপেটীয়াত দৰং জিলা আমছুৱে সংবাদমেল পাতি এক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ।

সংবাদমেলত জিলা সভাপতি আলেপ উদ্দিনে কয় যে, বৃহত্তৰ আলিকাষ বজাৰৰ মাটি কোনো ধৰনৰ অনুমতি অবিহনে নিৰ্মাণ কৰা হৈছে তিনি শতাধিক অবৈধ পকী গৃহ; যাৰ ফলত বঞ্চিত হৈছে প্ৰকৃত কৃষক সকল । এই সন্দৰ্ভত আমছুয়ে দলগাঁও ৰাজহ চক্র বিষয়াক অভিযোগ দিয়াৰ পিছতো মোটা অংকৰ ধনৰ লেনদেনৰ বাবে পদক্ষেপ গ্রহণ কৰা পৰিৱৰ্তে মৌনতা অবলম্বন কৰা বুলি সংবাদ মেলত অভিযোগ কৰে সংগঠটোৱে । এই ক্ষেত্ৰত দৰং জিলা প্ৰশাসনে অতি শীঘ্রে বজাৰ দুখনত হোৱা বেদখলৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ নকৰিলে ৰাইজৰ স্বাৰ্থত গণতান্ত্রিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আমছুৱে ।
লগতে পঢ়ক: কাঁইটীয়া তাঁৰৰ বাহিৰত এখন গাঁৱৰ ৰাইজৰ মাজত হাহাকাৰ !

ABOUT THE AUTHOR

...view details