অসম

assam

উৎকোচ লৈ হাত দাঙিলে আৰক্ষীৰ উপ পৰিদৰ্শকে

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:54 AM IST

SI arrested for bribery: কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও টাউন আৰক্ষী চকীৰ উপ পৰিদৰ্শক চিন্টু দাসে জব্দ কৰা বাহন মোকলাই দিয়াৰ নামত ডেৰ লাখ টকা বিচাৰিছিল আৰু তাৰে ১০ হেজাৰ টকাৰ উৎকোচ লওতেই দুৰ্নীতি নিবাৰণ শাখাৰ জালত বন্দী হয় ।

Vigilance and Anti Corruption department arrest sub inspector on bribery charges in chirang
উৎকোচ লৈ হাত দাঙিলে এজনে

দুৰ্নীতিগ্ৰস্ত বিষয়াৰ কাহিনী

চিৰাং, 10 জানুৱাৰী :মুখ্যমন্ত্ৰীৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি প্ৰচেষ্টা, সেয়া যেন সপোন হৈয়ে ৰ’ব ৷ নিতৌ গ্ৰেপ্তাৰ হৈ থকা দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ তালিকা বাঢ়িয়ে গৈ আছে । বছৰটোৰ আৰম্ভণিতে মঙলবাৰে নিশা দুৰ্নীতি নিবাৰণ শাখাৰ জালত পৰিল চিৰাং জিলাৰ কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁও টাউন আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া চিন্টু দাস ।

চিৰাং আৰক্ষীক চেকা লগাই উৎকোচ লৈ হাতে-লোটে দুৰ্নীতি নিবাৰণ শাখাৰ হাতত গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াজন । জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ সাপটগ্ৰাম নিবাসী এটা পৰিয়ালে নিজৰ বাহন হেৰোৱা সন্দৰ্ভত বিগত 21 ডিচেম্বৰত গোচৰ ৰুজু কৰিবলৈ আহিছিল ঢালিগাঁও আৰক্ষী চকীলৈ । পৰিয়ালটোৰ এজাহাৰ লৈয়ো পঞ্জীয়ণ নকৰাকৈ ধন দাবীৰে হাৰাশাস্তি কৰিছিল তেওঁলোকক আৰক্ষী বিষয়াজনে । পৰিয়ালটোক ডেৰ লাখ টকা উৎকোচ দাবী কৰিছিল আৰক্ষী বিষয়া চিন্টু দাসে ।

তাৰ পিচতে ভুক্তভোগী পৰিয়ালটো কাষ চাপিছিল দুৰ্নীতি নিবাৰণ শাখাৰ । মঙলবাৰে নিশা দাবী কৰা উৎকোচৰ দহ হেজাৰ টকা লওতেই হাতে-লোটে দুৰ্নীতি নিবাৰণ শাখাই গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া চিন্টু দাসক । নিশা 1 বজালৈ চলে দুৰ্নীতি নিবাৰণ শাখাৰ অভিযান আৰু তাৰ পিচতে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনক তেওঁলোকে লৈ যায় গুৱাহাটীলৈ । এই গ্ৰেপ্তাৰ সন্দৰ্ভত চিৰাং আৰক্ষীয়ে বৰ্তমানলৈকে মুখ খোলা নাই । একেদৰে দুৰ্নীতি নিবাৰণ শাখাইয়ো সংবাদ মাধ্যমক কোনো তথ্য সদৰী কৰা নাই ।

চিৰাং আৰক্ষীৰ জিলা সদৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) শ্বেখৰজ্যোতি ৰায় ঘটনাস্থলীত উপস্থিত থাকে যদিও আৰক্ষী অধীক্ষকে জনাব বুলি কৈ সংবাদ মাধ্যমৰ পৰা আঁতৰি আহে । দুৰ্নীতি নিবাৰণ শাখাৰ ধাৰাবাহিক অভিযানৰ পিচতো যেন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতি দমন কৰিব পৰা নাই চৰকাৰখনে । এজনৰ পিচত আনজন বিষয়া কৰ্মচাৰী গ্ৰেপ্তাৰ হৈয়ে আছে ।

লগতে পঢ়ক :বৰপেটাত উৎকোচ লৈ হাত দাঙিলে জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তাই

ABOUT THE AUTHOR

...view details