অসম

assam

পাটাবাৰীত বেদখল আৰু বন বিভাগৰ সংঘৰ্ষ : প্ৰতিক্ৰিয়া গঞাৰ

By

Published : Sep 17, 2020, 10:45 PM IST

12 ছেপ্টেম্বৰত বেদখলকাৰী লোকৰ আক্ৰমণত আহত হৈছিল কেবাজনো বন বিভাগৰ লোক ৷ এই ঘটনাক লৈ অন্য প্ৰতিক্ৰিয়া চিৰাং জিলাৰ পাটাবাৰী বেদখলকাৰী লোকৰ ৷ বন বিভাগৰ লোকৰ দ্বাৰা অবৈধ ভাৱে টকা সংগ্ৰহক লৈ সংঘাতৰ সৃষ্টি হোৱাৰ অভিযোগ গঞাৰ ।

পাটাবাৰীত বেদখল আৰু বন বিভাগৰ সংঘৰ্ষ : প্ৰতিক্ৰিয়া গঞাৰ
পাটাবাৰীত বেদখল আৰু বন বিভাগৰ সংঘৰ্ষ : প্ৰতিক্ৰিয়া গঞাৰ

চিৰাং, 17 ছেপ্তেম্বৰ : চিৰাং জিলাৰ পাটাবাৰীত বন বিভাগৰ প্ৰায় পাঁচশ হেক্টৰ বন ভূমিত গছ পুলি ৰোপণৰ কাম হাতত লৈছে বন বিভাগে । এনে সময়তে বন বিভাগৰ উক্ত ভূমি পাটাবাৰীৰ কিছু লোকে অবৈধ ভাৱে দখল কৰাৰ চেষ্টা চলায় । বন বিভাগে কেবাবাৰো উক্ত বেদখল কৰিব বিচৰা লোক সকলক খেদিছে যদিও নিতৌ উক্ত বনাঞ্চলৰ পৰা গছ কাটি তহিলং কৰিছে বেদখলকাৰীয়ে ।

পাটাবাৰীত বেদখল আৰু বন বিভাগৰ সংঘৰ্ষ : প্ৰতিক্ৰিয়া গঞাৰ

কিন্তু যোৱা 12 ছেপ্তেম্বৰত হঠাতে বেদখলকাৰীৰ আক্ৰমণত কেবাজনো বন বিভাগৰ লোক আহত হোৱাৰ লগতে বাতাবাৰী জইন্ট ফৰেষ্ট মেনেজমেন্টৰ সভাপতি উত্তম মুচাহাৰী গুৰুতৰ ভাৱে আহত হয় । তাৰ পিচতে বন বিভাগে আমগুৰি থানাত গোচৰ ৰুজু কৰে বেদখলকাৰী সকলৰ বিৰুদ্ধে ।

কিন্তু এই ঘটনাক লৈ বৃহস্পতিবাৰে পাটাবাৰী অঞ্চলৰ লোকে প্ৰদান কৰে অন্য এক ভাষ্য ৷ বন বিভাগৰ কোনো লোকক গাঁওবাসীয়ে আক্ৰমণ কৰা নাই আৰু আক্ৰমণৰ ঘটনা হৈছে যদিও উত্তম মুচাহাৰী নামৰ বাতাবাৰী জইন্ট ফৰেষ্ট মেনেজমেন্টৰ সভাপতিগৰাকীয়ে নিজকে বন বিভাগৰ লোক বুলি পৰিচয় দাঙি ধৰি বনাঞ্চলত থকা মহ আৰু গৰুৰ খুটি সমূহৰ পৰা 300 টকাকৈ সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন কৰে ।

এই বিষয়ে উত্তম মুচাহাৰীক সোধ-পোছ কৰাত এই ঘটনাক ৰাজনৈতিক ৰহন সানিব বিচৰাত তেওঁক আক্ৰমণ কৰাৰ কথাটো স্বীকাৰ কৰে ।

আনহাতে গাঁওবাসীয়ে দাবী কৰে যে,এই বন ভূমিত বিগত 1982 চনৰ পৰা আদিবাসী লোক সকলে অবৈধ ভাৱে দখল কৰি আছিল । কিন্তু 1996 চনৰ আদিবাসী বড়ো গোষ্ঠী সংঘৰ্ষৰ পিচতে আদিবাসী লোক সকল সেই স্থানৰ পৰা আঁতৰি যায় যদিও আকৌ যি কোনো মুহুৰ্তত আদিবাসী সকলে এই বনভূমি দখল কৰিব পাৰে বুলি ভাবিয়ে পাটাবাৰীৰ লোক সকলে দখল কৰিব বিচাৰিছে । কাৰণ সমগ্ৰ অঞ্চলটোৰ লোক সকল নদীৰ গৰাখহনীয়াত আক্ৰান্ত লোক । কোনো মতে ঘৰ সাজি বাস কৰি আছে । গতিকে বন বিভাগৰ ওচৰত তেওঁলোকে দাবী জনায় উক্ত মাটিত খেতি কৰি জীৱিকা নিৰ্বাহৰ সুবিধা দিয়াৰ বাবে । ইতিমধ্যে তেওঁলোকে বন অঞ্চলটোৰ বৃহৎ এলেকা বন কাটি পৰিষ্কাৰ কৰিছে বুলি জনায় ৷

এই বিষয়ে দুই এদিনতে আনুষ্ঠানিক ভাৱে বন বিভাগৰ শীৰ্ষ বিষয়াৰে আলোচনা কৰিব বুলিও জনায় গাঁওবাসীয়ে ৷ গাঁওবাসীয়ে বন বিভাগৰে সংঘাতৰ বিষয়টোৰ উচ্চপৰ্যায়ৰ তদন্তৰ দাবী জনাইছে ।

এই বিষয়ে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে কয় যে, বনাঞ্চল বৃদ্ধিৰ প্ৰচেষ্টা চলাই থকা হৈছে । গতিকে বনাঞ্চলৰ ভূমি কোনো পধ্যেই কাৰোবাক আমি দিব নোৱাৰো । পৰিৱেশৰ ভাৰসাম্য ৰখা কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে এই সময়ত । বনাঞ্চল কমি অহা বাবেই প্ৰতিবছৰে নৈৰ বান আৰু গৰাখহনীয়াৰ সমস্যাই ভয়াবহ ৰূপ ধাৰণ কৰিছে ।

এই বনাঞ্চল আমি সঠিক ভাৱে গঢ় দি তুলিব পাৰিলে নামনীৰ বৃহৎ অঞ্চলৰ প্ৰায় 50 খন গাঁৱৰ গৰাখহনীয়াৰ সমস্যা কমি যাব । গতিকে গাঁওবাসীক বিজ্ঞান সন্মত ভাৱে বিষয়টো বুজাব লাগিব আৰু যিকোনো মূল্যৰ বিনিময়ত বনাঞ্চল ৰক্ষা কৰিবই লাগিব । ইয়াত আন কোনো বিষয় বা কথাত আমি গুৰুত্ব দিব নোৱাৰিম বুলি স্পষ্ট কৰে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

লগতে চাওক-ক্ষতিপূৰণ পাবনে বাঘজানবাসীয়ে ?

ABOUT THE AUTHOR

...view details