অসম

assam

Flood prevention: চৰকাৰলৈ আশা বাদ দিলে চিৰাঙৰ ৰাইজে

By

Published : Jul 31, 2023, 8:21 PM IST

চৰকাৰৰ আশা এৰি কেইবাখনো গাঁৱৰ শ শ লোক ওলাই আহি হাতে-কামে লাগিল নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কামত । প্ৰতিবছৰে নাঙলভাঙা নৈৰ বানপানীয়ে ব্যাপক ক্ষতি কৰে নাঙলভাঙা সহ বহু কেইখন গাঁও । কিন্ত চৰকাৰে কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে ।

chirang public working for flood prevention
নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

চিৰাং, 31 জুলাই :বান আৰু গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে শ শ লোক ওলাই আহিল নাঙলভাঙা নৈৰ বান প্ৰতিৰোধী কাম কৰাৰ বাবে । ভূটানৰ পৰা নামি অহা পানীয়ে ব্যাপক হাৰত বানৰ ৰূপ লৈ নাঙলভাঙাকে আদি কৰি বহু কেইখন গাঁও ক্ষতিগ্ৰস্থ কৰিছে । শেহতীয়া বানপানীৰ ফলত নাঙলভাঙা নৈৰ প্ৰতিৰোধী বান্ধ ভাঙি সুঁতি ওলাই নাঙলভাঙালৈ ভাবুকি কঢ়িয়াই আনিছে । যাৰ বাবে চৰকাৰৰ আশা এৰি এইসকল লোক হাতে-কামে লাগিল নাঙলভাঙা নৈৰ সুঁতি সলাবলৈ ।

নাঙলভাঙা নৈৰ বান প্ৰতিৰোধৰ কাম

চিৰাং জিলাৰ চিদলী বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা নিচিমা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এই নাঙলভাঙাত প্ৰতিবছৰে বানে বিস্তৰ ক্ষতি কৰাৰ পিচতো চৰকাৰীভাৱে বান-গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নকৰাত আজি ৰাইজে নিজেই নিজৰ সম্পত্তি ৰক্ষাত নামিবলগীয়া হৈছে । এই সুঁতি নসলালে আকৌ এবাৰ বান হলে নিশ্চিহ্ন হ’ব নাঙলভাঙা, হুটহুটী, শিশুবাৰী, খয়ৰাবাৰী সহ বহু কেইখন গাঁও ৷

নাঙলভাঙা বজাৰ আৰু অঞ্চলটোৰ একমাত্ৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নাঙলভাঙা নবোদয় হাইস্কুলখনো ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে । যিকোনো মুহূৰ্ততে নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়াৰ সম্ভাৱনা সোমবাৰে আজি এইদৰেই শ শ লোক ওলাই আহিছে নৈৰ সুঁতি সলাবলৈ ।

সকলোৱে নিজৰ নিজৰ বাৰীৰ পৰা বাঁহ অনাৰ লগতে ৰছী আদিয়ো ৰাইজে যোগান ধৰি কাম কৰা পৰিলক্ষিত হৈছে । তেওঁলোকৰ এটাই কথা অতবছৰে চৰকাৰৰ অপেক্ষাত থাক যেতিয়া একো নহ’ল এতিয়া আৰু সেয়ে নিজৰ সম্পত্তি ৰক্ষাৰ বাবে নিজেই কাম কৰিব লাগিব । চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বিগত সময়ত । নিৰ্বাচন আহে জনপ্ৰতিনিধিৰ প্ৰতিশ্ৰুতিৰ বন্যা বয় কিন্ত নিৰ্বাচন যোৱাৰ লগে লগে সকলো প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্ন হয় ।

লগতে পঢ়ক :Public building River dam at Chirang Bhutan border:ভূটানত প্ৰৱেশ চিৰাঙৰ ভূটান সীমান্তৰ পাঁচ সহস্ৰাধিক লোকৰ

ABOUT THE AUTHOR

...view details