অসম

assam

নদীৰ ঘোলা পানী খাই জীৱন কটোৱা বিটিচিৰ এখন গাঁও

By

Published : Jul 27, 2020, 5:35 PM IST

Updated : Jul 27, 2020, 6:46 PM IST

স্বাধীনতাৰ ৭৩ বছৰ গৰকাৰ পিছতো উন্নয়নৰ পোহৰ নপৰা এখন গাঁও । বিটিচিৰ অন্তৰ্গত চিৰাং জিলাৰ লাউক্ৰীগুৰি গাঁৱৰ গাঁওবাসীয়ে আজিও নদীৰ ঘোলা পানী খায়ে জীৱন নিৰ্বাহ কৰি আহিছে । এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত দৰিদ্ৰ গাঁওবাসী বিভিন্ন বেমাৰত আক্ৰান্ত হ'ব লগা হৈছে ।

Chirang drinking water collect from river
নদীৰ ঘোলা পানী খায়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

চিৰাং,২৭ জুলাই: মডেল বিটিচিৰ এক বাস্তৱ ছবি চিৰাঙ জিলাৰ এখন গাঁও,নাম লাউক্ৰীগুৰি । স্বাধীনতাৰ ৭৩ বছৰ পিছতো গাঁওখনত ন'হল কোনো উন্নয়ন । বৰ্তমানেও নদীৰ অপৰিষ্কাৰ পানী খাই জীয়াই থাকিবলগীয়া হৈছে গাঁওবাসীয়ে ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

জনজাতীয় বড়োসকলৰ উন্নয়নৰ বাবে গঠন হোৱা বিটিচি প্ৰশাসনেও বিগত ১৭ বছৰে গাঁওখনলৈ যোগান ধৰিব নোৱাৰিলে এটুপি বিশুদ্ধ খোৱাপানী। উপায়ন্তৰ সাধাৰণ দৰিদ্ৰ কৃষিজীৱী,শ্ৰমজীৱী এই সকল লোকে নদীৰ পানী খায়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

বিশেষকৈ বাৰিষাৰ সময়চোৱাত চুবুৰীয়া দেশ ভূটানৰ পৰা নদীৰে নামি আহে অপৰিষ্কাৰ ঘোলা পানী। উপায়বিহীন গাঁবাসীয়ে নদীৰ এই ঘোলা পানী খায়ে জীৱন নিৰ্বাহ কৰিব লগা হয় । বিটিচি চৰকাৰ তথা প্ৰশাসনে এই সাধাৰণ জনতাক এটুপি যোগান ধৰাৰ ক্ষেত্ৰত সদায় প্ৰতাৰণাহে কৰি অহা পৰিলক্ষিত হ'ল ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

নিৰ্বাচনৰ সময়ত জনপ্ৰতিনিধিয়ে ভুৱা প্ৰতিশ্ৰুতিৰে ভোট বিচাৰি আহে গাঁওবাসীৰ কাষলৈ আৰু জয়ী হোৱাৰ পিচতে পাহৰি যায় সকলো । যুগ যুগ ধৰি এই দৰেই নদীৰ পানী খাই জীয়াই থকা এই সকল যেন পৰাধীন দেশৰ নাগৰিকহে ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ লাউক্ৰীগুৰি হাতীসাৰ গাঁৱৰ মাজেৰে বৈ গৈছে আই নদীৰ মূল সুঁতিতো । ভূটানৰ পৰা নামি অহা এই নদীৰ লেতেৰা ঘোলা পানী খায়েই জীয়াই থাকিব লগা হৈছে এইসকল খিলঞ্জীয়া জনজাতীয় লোকে ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

উল্লেখ্য যে,এই অঞ্চলৰ জন প্ৰতিনিধি গৰাকী হৈছে বিটিচিৰ উপ মুখ‍্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী । ইয়াৰ পিছতো নিজৰ সমষ্টিবাসীৰ বাবে যোৱা ১৭ বছৰে এটুপি বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব‍্যৰ্থ এইগৰাকী উপ মুখ‍্য কাৰ্যবাহী বিষয়া । এই সকল ভোটাৰক প্ৰতিবছৰে পানী যোগানৰ নামত মাথো প্ৰতিশ্ৰুতিহে দি আহিছে । কিন্তু বাস্তৱত সকলো ফটুকাৰ ফেন ।

নদীৰ ঘোলা পানী খাইয়ে জীৱন কটোৱা বিটিচিৰ অন্তৰ্গত এখন গাঁও

নিৰ্বাচন আহিছে আৰু গৈছে । এইসকল লোকেই ৰজা পাতিছে জন প্ৰতিনিধিক । কিন্ত এওঁলোকৰ নহ'ল কোনো উন্নয়ন । সেয়েহে গাঁওবাসীৰ ক্ষোভৰ লগতে জনপ্ৰতিনিধিলৈ এটাই প্ৰশ্ন,কেতিয়া হ'ব তেওঁলোকৰ গাঁৱৰ উন্নয়ন ! নে ভোট পাবৰ বাবে নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দিয়েই দ্বায়িত্ব সামৰিব এই সকল জন প্ৰতিনিধিয়ে ।

লগতে চাওকঃ জম্মু কাশ্মীৰৰ চপিয়ান জিলাত সেনাৰ দ্বাৰা উৎখাত এটা সন্ত্ৰাসবাদী শিবিৰ

Last Updated : Jul 27, 2020, 6:46 PM IST

ABOUT THE AUTHOR

...view details