অসম

assam

সোণাৰীত চাহ বাগিচাৰ পৰিচালকক গণ প্ৰহাৰ শ্ৰমিকৰ

By

Published : Oct 15, 2019, 6:30 PM IST

চৰাইদেউৰ সোণাৰি চাহ বাগিচাৰ পৰিচালক জিতু হাজৰিকাৰ ওপৰত গণ প্ৰহাৰ উত্তেজিত চাহ শ্ৰমিকৰ ৷ যোৰহাটত বাগিছাৰ চিকিৎসকক গণ প্ৰহাৰ কৰি হত্যা কৰাৰ পিচতে এইবাৰ শিৱসাগৰৰ সোণাৰি চাহ বাগিছাত উত্তেজিত একাংশ শ্ৰমিকে প্ৰহৰ কৰিলে বাগিচাৰ পৰিচালকক ৷

চাহ শ্ৰমিকৰ গণ প্ৰহাৰৰ সন্মুখীন সোণাৰী চাহ বাগিচাৰ পৰিচালক

শিৱসাগৰ,15 অক্টোবৰ : চৰাইদেউৰ সোণাৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি মঙলবাৰে ৷ উত্তেজিত চাহ শ্ৰমিকে উত্তম মধ্যম শোধালে বাগিচাৰ পৰিচালক জিতু হাজৰিকাক ৷ পৰিচালক গৰাকীয়ে দীৰ্ঘ দিন ধৰি শ্ৰমিকক শোষণ চলোৱাৰ অভিযোগতেই মঙলবাৰে সংঘটিত হয় এই ঘটনা । ঘটনা অনুসৰি বাগিচা পৰিচালকগৰাকীয়ে কৰ্মত উপস্থিত নথকা শ্ৰমিকক জৰিমনা বিহে ২০০ টকা । ইয়াৰ বিপৰীতে শ্ৰমিকে মজুৰি লাভ কৰে ১৬৭ টকা। ইয়াৰোপৰি বিভিন্ন সময়ত শ্ৰমিকক অশালীন ব্যৱহাৰ কৰা জিতু হাজৰিকাৰ ওপৰত অতিষ্ঠ হৈ ক্ষোভ উজাৰিলে চাহ শ্ৰমিকে । ৰাজহুৱা ভাৱে উত্তম-মধ্যম সোধোৱা পৰিচালক হাজৰিকা আঘাটপ্ৰাপ্ত হৈ বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন। এই ঘটনাৰ পাছত ঘটনাস্থলীত সোণাৰি আৰক্ষী উপস্থিত হোৱাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷

চাহ শ্ৰমিকৰ গণ প্ৰহাৰৰ সন্মুখীন সোণাৰী চাহ বাগিচাৰ পৰিচালক
Intro:Body:Breaking Sonari.

চৰাইদেউৰ সোণাৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ উত্তেজিত শ্ৰমিকে উত্তম মধ্যম শোধালে বাগিচাৰ পৰিচালক জিতু হাজৰিকাক ৷

পৰিচালক গৰাকীয়ে দীৰ্ঘ দিন ধৰি শ্ৰমিকক শোষণ চলোৱাৰ অভিযোগতেই সংঘটিত হ'ল এই ঘটনা।কৰ্তব্যত উপস্থিত নথকা শ্ৰমিকক জৰিমনা বিহে ২০০ টকা।ইয়াৰ বিপৰীতে শ্ৰমিকে মজুৰি লাভ কৰে ১৬৭ টকা।ইয়াৰোপৰি বিভিন্ন সময়ত শ্ৰমিকক অশালীন ব্যৱহাৰ কৰা জিতু হাজৰিকাৰ ওপৰত খড়্গহস্ত হৈ আজি ক্ষোভ উজাৰিলে শ্ৰমিকে।ৰাজহুৱা ভাৱে উত্তম-মাধ্যম শোধোৱা পৰিচালক হাজৰিকা আঘাটপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন।

ঘটনাস্থলীত সোণাৰি আৰক্ষী উপস্থিত হোৱাৰ পাছতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ৷ বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰিছে বাগিছাখনত ৷Conclusion:

ABOUT THE AUTHOR

...view details