অসম

assam

প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ধন আত্মসাতৰ অভিযোগ

By

Published : Aug 18, 2022, 1:08 PM IST

বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে অহা ধন অপব্যৱহাৰ কৰাৰ লগতে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷ ২০১৫/১৬ বৰ্ষতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰা বিদ্যালয়খনত পকী গৃহ নিৰ্মাণৰ বাবে ২১ লাখ টকা আৱণ্টন দিছিল ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিষ্ণু দত্তই ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হৈ গৃহটো নিৰ্মাণৰ কাম নকৰাৰ ফলত আজিও গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল (Headmaster accused of misappropriating funds for construction of school) ৷

Headmaster accused of misappropriating funds
প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন

মৰাণ, 18 আগষ্ট:সোণাৰি ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ বৃহৎ কেলেংকাৰী পোহৰলৈ আহিছে (Headmaster accused of misappropriating funds) ৷ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে অহা ধন অপব্যৱহাৰ কৰাৰ লগতে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰধান শিক্ষকৰ বিৰুদ্ধে ৷

প্ৰধান শিক্ষকৰ বিৰুদ্ধে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন

২০১৫/১৬ বৰ্ষতে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ পৰা বিদ্যালয়খনত পকী গৃহ নিৰ্মাণৰ বাবে ২১ লাখ টকা আৱণ্টন দিছিল ৷ কিন্তু বিদ্যালয়খনৰ প্ৰধান শিক্ষক বিষ্ণু দত্তই ঠিকাদাৰৰ ৰূপত অৱতীৰ্ণ হৈ গৃহটো নিৰ্মাণৰ কাম নকৰাৰ ফলত আজিও গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ'ল ৷ ইয়াৰ উপৰিও অইল ইণ্ডিয়া কৰ্তৃপক্ষই বহু বছৰ পূৰ্বে ছয় লাখ টকা আন এটি গৃহ নিৰ্মাণৰ বাবে প্ৰদান কৰিছিল যদিও প্ৰধান শিক্ষকৰ লগত মিতিৰালি থকা ঠিকাদাৰে গৃহটো আজি পৰ্যন্ত নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ‘ল বুলি অভিযোগ স্থানীয় লোকৰ লগতে দল-সংগঠনৰ (Funds for construction of school) ৷

বিদ্যালয়খনত থকা ছাত্ৰ-ছাত্ৰীসকলে আজিলৈকে দুবছৰ ধৰি বিদ্যালয়ৰ বিনামূলীয়া ইউনিফৰ্ম লাভ নকৰিলে ৷ মাজে সময়ে মধ্যাহ্ন ভোজনৰ নামতো প্ৰধান শিক্ষকগৰাকীয়ে খাদ্য সামগ্ৰী প্ৰদান নকৰা বুলি বিদ্যালয়খনৰ ৰান্ধনীগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷

ইয়াৰোপৰি বিদ্যালয় গৃহ অভাৱৰ অজুহাত দেখুৱাই চৰকাৰে প্ৰদান কৰা কম্পিউটাৰ সমূহো তথৈবচ অৱস্থাত পৰি ৰৈছে বিদ্যালয়খনত ৷ এই অভিযোগসমূহ নস্যাৎ কৰি প্ৰধান শিক্ষকগৰাকীয়ে কয় যে , তেওঁৰ গাতো কিছু ভুল নথকা নহয় ৷ কিন্তু তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহ সম্পূৰ্ণ শুদ্ধ নহয় ৷ নতুনকৈ বিদ্যালয়খনৰ ঘৰ নিৰ্মাণ কৰাৰ নামত এতিয়ালৈকে 10 লাখ টকা ব্যৱহাৰ কৰা হৈছে ৷ বাকী টকাখিনি উলিয়ালেই বিদ্যালয় গৃহটোৰ কাম সম্পূৰ্ণ হ’ব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰধান শিক্ষকগৰাকীয়ে৷ আনহাতে বিদ্যালয়খনত কম্পিউটাৰ শিক্ষক নথকাৰ বাবেই বহু দিন ধৰি কম্পিউটাৰ সমূহ ব্যৱহাৰ নোহোৱাকৈ পৰি আছিল ৷ কিন্তু শেহতীয়াকৈ কম্পিউটাৰৰ শিক্ষক অহাৰ পিছত বিদ্যালয়খনত কম্পিউটাৰ কেইটামান ব্যৱহাৰ কৰিছে যদিও দুটামান কম্পিউটাৰ ব্যৱহাৰ নকৰাৰ কাৰণে বেটেৰী বেয়া হৈ যোৱা বুলি সংবাদমাধ্যমক অৱগত কৰে ৷

ইফালে প্ৰধান শিক্ষক বিষ্ণু দত্তৰ মইমতালিৰ বাবে এনেদৰে বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ অহাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে ৷ সেয়েহে উৰ্দ্ধতম কৰ্তৃপক্ষক তাৎক্ষণিকভাৱে বিদ্যালয়ত হৈ থকা দুৰ্নীতি তদন্ত কৰি দোষী প্ৰধান শিক্ষকগৰাকীক শাস্তি বিহাৰ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:২৬ হাজাৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ক্ষেত্রত কঠোৰ ৰাজ্য চৰকাৰ

ABOUT THE AUTHOR

...view details