অসম

assam

সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক

By

Published : Jul 23, 2021, 10:32 AM IST

চৰাইদেউ জিলাৰ সোণাৰিত চৰাইদেউ জিলা আৰক্ষী আৰু ১২ নং আছাম ৰাইফলচ(red shield division)ৰ যুটীয়া অভিযানত মাৰণাস্ত্ৰসহ‌ বৃহস্পতিবাৰে নিশা আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজন এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ সদস্য বুলি জানিব পৰা গৈছে ৷

3-naga-extrimist-were-caught-on-a-combined-mission-of-assam-police-and-red-shield-division-of-assam-rifles-in-sonari
মাজনিশা সোণাৰিত অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত তিনি নগা উগ্ৰপন্থী আটক

শিৱসাগৰ, 23 জুলাই :বৃহস্পতিবাৰে নিশাচৰাইদেউ জিলাৰসোণাৰিত মাৰণাস্ত্ৰসহ‌ আটক হ’ল তিনি নগা উগ্ৰপন্থী সদস্য । সোণাৰিৰ বালিজান চাহ বাগিচাত চলা এক অভিযানত আটক এনএছছিএনৰ ইশ্বাক মুইভা গোট(NSCN(IM))ৰ এই তিনি সদস্য । চৰাইদেউ জিলা আৰক্ষী আৰু ১২ আছাম ৰাইফলচ (red shield division)ৰ যুটীয়া অভিযানত আটক নগা উগ্ৰপন্থী সদস্যকেইজন ।

সোণাৰিত অস্ত্ৰসহ তিনি নগা উগ্ৰপন্থী আটক
আটকাধীন নগা উগ্ৰপন্থী সদস্য কেইজনৰ নাম টিংলু কন্যাক(২৫), নকেয়ং কন্যাক (২৫) আৰু য়ানু কন্যাক (২৪) বুলি জানিব পৰা গৈছে । এনএছচিএন ইশ্বাক মুইভা গোটৰ সদস্যকেইজনৰ ঘৰ নগালেণ্ডৰ মন জিলাৰ লখুন বস্তিত । আটকাধীন নগা উগ্ৰপন্থী সদস্যকেইজনৰপৰা তিনিটা পিষ্টল, তিনিটা মেগজিন, তিনি ৰাউণ্ড সজীৱ গুলী আৰু তিনিটা মোবাইল ফোন জব্দ কৰিছে আৰক্ষীয়ে ।উগ্ৰপন্থী সদস্য কেইজনৰ বিৰূদ্ধে সোণাৰি আৰক্ষী থানাত 144/21 নম্বৰৰ গোচৰত ভাৰতীয় দণ্ডবিধি আইন(IPC)ৰ 25(1-A) 35 arms act ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।
মাজনিশা সোণাৰিত অসম ৰাইফলছ আৰু আৰক্ষীৰ অভিযানত তিনি নগা উগ্ৰপন্থী আটক

স্মৰ্তব্য যে, বুধবাৰে অৰুণাচল প্ৰদেশৰ লংডিঙত নেচনেল চ’চিলিষ্ট কাউন্সিল অৱ নাগালেণ্ড(কে)(National Socialist Council of Nagaland(K) আৰু NSCN-K (YA) & NSCN K-2 গোটৰ দুজন দুৰ্ধৰ্ষ সদস্যই আত্মসমৰ্পণ কৰিছিল । আছাম ৰাইফলছ(Assam rifles)ৰ লংডিঙৰ সেনাৰ ওচৰত এই দুই গোটৰ সদস্যই আত্মসমৰ্পণ কৰিছিল ৷ আনহাতে, গৃহ মন্ত্ৰণালয়ৰ নিৰ্দেশ মতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য অসম, নাগালেণ্ড আৰু মণিপুৰৰ উপৰিও অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত পুনৰ ৬ মাহৰ বাবে আৰ্মড ফ’ৰ্চেছ স্পেচিয়েল পাৱাৰ এক্ট(AFSPA) প্ৰৱৰ্তন কৰা হৈছে ।

লগতে পঢ়ক :অৰুণাচল প্ৰদেশৰ লংডিঙত দুজন NSCN সদস্যৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details