অসম

assam

বিতৰ্কমূলক ফেচবুক পোষ্টঃআদালতত হাজিৰ অধ্যাপক সৌৰদ্বীপ সেনগুপ্ত

By

Published : Mar 1, 2020, 1:14 AM IST

শিলচৰৰ গুৰুচৰণ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অতিথি অধ্যাপক সৌৰদ্বীপ সেনগুপ্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি 295 A, 153 A আৰু 507 নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷ ফেচবুকত হিন্দু সম্প্ৰদায়কলৈ বিতৰ্কমূলক পোষ্ট আপলোড কৰি গ্ৰেপ্তাৰ হৈছিল অধ্যাপক গৰাকী ৷

Assam Teacher Arretsed for obejctionable FB post on PM after students file FIR
বিতৰ্কমূলক ফেচবুক প'ষ্ট : আদালতত হাজিৰ অধ্যাপক সৌৰদীপ সেনগুপ্ত

নেশ্যনেল ডেস্ক,29 ফেব্ৰুৱাৰীঃশনিবাৰে আদালতত হাজিৰ কৰোৱা হয় ফেচবুকত হিন্দু সম্প্ৰদায়ক লৈ বিতৰ্কমূলক পোষ্ট আপলোড কৰি আটকাধীন অধ্যাপক সৌৰদ্বীপ সেনগুপ্তক ৷ শিলচৰৰ গুৰুচৰণ কলেজৰ পদাৰ্থ বিজ্ঞানৰ অতিথি অধ্যাপক সৌৰদ্বীপ সেনগুপ্তৰ বিৰুদ্ধে শিলচৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰিছিল মহাবিদ্যালয়খনৰ একাংশ ছাত্ৰয়ে ৷ উক্ত এজাহাৰৰ ভিত্তিত শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল অধ্যাপক গৰাকীক ৷

বিতৰ্কমূলক ফেচবুক প'ষ্ট

এজাহাৰত ছাত্ৰসকলে অভিযোগ কৰে এনেদৰে,"অধ্যাপকগৰাকীয়ে বিগত কেইবামাহ ধৰি ভাৰতীয় সনাতন ধৰ্ম,হিন্দু বিশ্বাসৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতি অপমানজনক মন্তব্য কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অধ্যাপক গৰাকীয়ে গণ হত্যাকাৰী বুলিয়ো মন্তব্য দিয়ে"৷

বিতৰ্কমূলক ফেচবুক প'ষ্ট

সম্প্ৰতি দিল্লীত অব্যাহত থকা হিংসাৰ পৰিপ্ৰেক্ষিতত অধ্যাপকগৰাকীৰ প্ৰৰোচনামূলক মন্তব্যই সামাজিক অশান্তি সৃষ্টি কৰিব পাৰে ৷ গতিকে অনতিপলমে অধ্যাপকগৰাকীক আটক কৰি আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনায় মহাবিদ্যালয়খনৰ ছাত্ৰ সমাজে ।

বিতৰ্কমূলক ফেচবুক প'ষ্ট : আদালতত হাজিৰ অধ্যাপক সৌৰদীপ সেনগুপ্ত

উল্লেখ্য যে,অধ্যাপকগৰাকীৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ দ্বাৰা ভাৰতীয় দণ্ডবিধি অনুসৰি 295 A,153 A আৰু 507 শীৰ্ষক তিনিটাকৈ ধাৰা লগোৱা হয় । ইফালে,বিতৰ্কিত পোষ্টটো ফেচবুকৰ পৰা আঁতৰাই দিয়া হৈছে আৰু এই সন্দৰ্ভত ক্ষমা বিচাৰি অধ্যাপক গৰাকীয়ে পুনৰ এটা পোষ্ট আপলোড কৰে ৷ "মোৰ পোষ্টটোৱে ধৰ্মীয় আবেগত আঘাত কৰাৰ বাবে মই ক্ষমা প্ৰাৰ্থী ৷ মই সাম্প্ৰদায়িকতাৰ দৰে স্পৰ্শকাতৰ বিষয়ত দায়িত্বহীন মন্তব্য আগবঢ়ালো ৷ এইটো মোৰ ভুল সিদ্ধান্ত আছিল ৷ মোৰ কোনো ধৰ্মীয় বিশ্বাসক অপমান কৰাৰ কোনো ইচ্ছা নাছিল" বুলি অধ্যাপক গৰাকীয়ে পুনৰ এক পোষ্ট ফেচবুকত আপলোড কৰে ৷

বিতৰ্কমূলক ফেচবুক প'ষ্ট

লগতে চাওকঃ মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত মুহিদ্দিন য়াচ্ছিন

ABOUT THE AUTHOR

...view details