অসম

assam

সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পত খাদ্য সামগ্ৰী বিতৰণৰ নামত কেলেংকাৰী

By

Published : Aug 14, 2020, 12:37 PM IST

বঙাইগাঁৱৰ সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনষ্ঠ গৰ্ভৱতী মহিলা আৰু শিশুৰ মাজত নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ ৷ অংগনবাদী কেন্দ্ৰটোৰ এই কাৰ্যৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া ৷

Scandal in the name of distribution of food items in the Child Development Project in Srijanagram bongaigaon assam etv bharat news
নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ

উত্তৰ অভয়াপুৰী,14 আগষ্ট: বঙাইগাঁও জিলাৰ অভয়াপুৰীত শিশু খাদ্য বিতৰণৰ নামত উত্থাপিত হৈছে কেলেংকাৰীৰ অভিযোগ ৷ কেন্দ্ৰীয় চৰকাৰে সমাজ কল্যাণ বিভাগৰ জৰিয়তে শিশু আৰু গৰ্ভৱতী মহিলাৰ বিকাশৰ বাবে ব্যয় কৰি আহিছে কোটি কোটি টকা ৷ কিন্তু ৰাজ্যৰ একাংশ অঞ্চলত এই আঁচনি ৰূপায়ণৰ নামত সংঘটিত হৈছে কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন কৰিছে আঁচনিৰ লাভালাভৰ পৰা বঞ্চিত হিতাধিকাৰীসকলে ৷ উক্ত আঁচনিৰ অধীনত সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত প্ৰায় ২৫০ টা অংগনবাদী কেন্দ্ৰত বিতৰণ কৰি অহা হৈছে চাউল আৰু মটৰ ৷ কিন্তু গুণগত মানদণ্ডৰ ফালৰ পৰা এই সামগ্ৰী সমূহ যথেষ্ঠ নিম্নমানৰ বুলি অভিযোগ উত্থাপন কৰে হিতাধিকাৰীসকলে ৷

নিম্নমানৰ খাদ্য সামগ্ৰী বিতৰণ

অংগনবাদী কেন্দ্ৰটোৱে বিতৰণ কৰা চাউল গেলি পচি যোৱাৰ লগতে পোক-পৰুৱাই আগুৰি ধৰাত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ৷ এই চাউল খাদ্য হিচাপে গ্ৰহণ কৰিলে ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বুলি প্ৰকট হৈছে ৷ চৰকাৰে যোগান ধৰাৰ পিছতো সৃজনগ্ৰাম সংহত শিশু উন্নয়ন প্ৰকল্পই কি কাৰণে হিতাধিকাৰীৰ মাজত নিম্নমানৰ সামগ্ৰী যোগান ধৰিছে সেয়া ৰহস্যৰ আৱৰ্তত ৷

লগতে চাওকঃড্ৰাগছৰ বাবেই হত্যা আত্মীয়ক

ABOUT THE AUTHOR

...view details