অসম

assam

বঙাইগাঁৱত বাঢ়নী পানীৰ জটিল ৰূপ ধাৰণ

By

Published : Jul 1, 2021, 5:19 PM IST

বঙাইগাঁও জিলাৰ আই, মানাহ নদীৰ সংযোগস্থলী ঘোঁৰামাৰা আৰু দলাগাছা সম্প্ৰতি খহনীয়াৰ কবলত ৷ কেইবাটাও পৰিয়ালৰ বাসগৃহ জাহ যোৱাৰ লগতে বিস্তীৰ্ণ কৃষি ভূমিৰ পানীৰ কবলত পৰিছে ৷

বঙাইগাঁৱত মানাহ আৰু আই নদীৰ বাঢ়নী পানীয়ে ক্ৰমাৎ লৈছে জটিল ৰূপ
বঙাইগাঁৱত মানাহ আৰু আই নদীৰ বাঢ়নী পানীয়ে ক্ৰমাৎ লৈছে জটিল ৰূপ

অভয়াপুৰী,1 জুলাই : দেশত মহামাৰী ক’ভিড-19 ৰ (COVID-19) ভয়াৱহতাই ধাৰণ কৰিছে জটিল ৰূপ ৷ তাৰ মাজতে ৰাজ্যবাসী সাজু হ’ব লগা হৈছে বানৰ (FLOOD) সৈতে মোকাবিলা কৰিবলৈ ৷ কিয়নো বাৰিষা অহাৰৰ লগে লগে ৰাজ্যৰ বান পৰিস্থিতিয়ে কি পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া আমাৰ সকলোৰে জ্ঞাত ৷

আজি কেইবাদিনো ধৰি নেৰানেপেৰাকৈ হৈ থকা বৰষুণৰ ফলত মানাহ আৰু আই নদীৰ লগতে সূঁতিসমূহৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিছে ৷ এনেদৰে বাঢ়ি অহা নদীৰ পানী আৰু প্ৰবল সোঁতে ঠায়ে ঠায়ে বিপদঘণ্টা বজাইছে ৷ যাৰ ফলত এতিয়া উত্তৰ অভয়াপুৰী সমষ্টিৰ বিভিন্ন ঠাইত ৰাষ্টা, মথাউৰি, কালভাৰ্টৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে । লগতে সৃষ্টি হৈছে গৰাখহনীয়াৰ ৷

উল্লেখযোগ্য যে, বুধবাৰে মানাহ নদীৰ ওপৰত থকা নাৰাৰভিটা আৰু মইনাপাৰা সংযোগী বাঁহৰ দলংখন উটুৱাই লৈ যায় বাঢ়নী পানীয়ে । নাৰাৰভিটা মইনাপাৰা সংযোগী আছিল এই একমাত্ৰ বাঁহৰ দলংখন । সম্প্ৰতি কুৰিখনৰো অধিক গাঁৱৰ লোকে অহা-যোৱা কৰাৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিবলগা হৈছে ।

বঙাইগাঁৱত মানাহ আৰু আই নদীৰ বাঢ়নী পানীয়ে ক্ৰমাৎ লৈছে জটিল ৰূপ

আনপিনে আই আৰু মানাহ নদীৰ সংযোগস্থলী ঘোঁৰামাৰা-দলাগাছাত খহনীয়াই লৈছে জটিল ৰূপ । খহনীয়াত জাহ গৈছে সেউজীয়া কৃষিভূমি আৰু কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ । বাৰিষাৰ পূৰ্বে খহনীয়া আৰম্ভ হোৱাত স্থানীয় ৰাইজে ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি খহনীয়া প্ৰতিৰোধৰ চেষ্টা কৰাৰ বাতৰি ইটিভিত প্ৰকাশ হৈছিল ৷

খহনীয়াৰ বাতৰি সম্প্ৰচাৰ হোৱাত স্থানীয় সাংসদ গৰাকী তৎপৰ হৈ পৰিছিল । আনকি উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল বাতিন খন্দকাৰে জিলা উপায়ুক্তৰ লগত খহনীয়া প্ৰতিৰোধ বাবে বিহিত ব্যৱস্থা লোৱাৰ বাবে আলোচনা কৰিছে বুলি জানিব পৰা গৈছে । তদুপৰি জলসম্পদ মন্ত্ৰীৰ লগত আলোচনা কৰি শীঘ্ৰে ব্যৱস্থা ল’ব বুলি সদৰী কৰে বিধায়ক গৰাকীয়ে ।

তাৎপৰ্যপূৰ্ণভাৱে উক্ত বৈঠকৰ আজি কেইবাদিনো পাৰ হ’ল ৷ এসপ্তাহ ধৰি খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰাত কেইবাটাও পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ গৈছে ৷ গুৰুত্ব নাই বিধায়ক, বিভাগীয় কৰ্তৃপক্ষৰ ৷

উল্লেখযোগ্য যে, চৰকাৰে এইসমূহ অঞ্চলত বান সমস্যা সমাধান কৰিব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৷ বছৰৰ পাচত বছৰ গৈছে, ইখনৰ পাচত সিখন চৰকাৰ আহিছে-গৈছে, কিন্তু ইয়াৰ মাজত ৰাইজৰ সমস্যা যেন সমস্যা হৈয়ে আছে ৷ নিৰ্বাচন গ’লে সকলো নেতাৰ মুখৰ কথাৰ গুৰুত্ব নোহোৱা হয় বুলি ক্ষোভ উজাৰে ভুক্তভোগী বানাক্ৰান্তই ৷

একেদৰে এই অঞ্চলসমূহত যাতায়াত, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী, ভূমি পট্টাৰ লগতে অনাময় আঁচনিৰ ব্যৱস্থাও কৰি দিয়া নাই চৰকাৰে ৷ বছৰৰ বাৰমাহে কষ্টকৰ জীৱন অতিবাহিত কৰি আহিছে অঞ্চলবাসীয়ে । অতি শীঘ্ৰেই এই অনুন্নত আৰু পিছপৰি ৰোৱা অঞ্চলসমূহৰ বাট-পথ, বিশুদ্ধ খোৱা পানী, উন্নত বিদ্যুৎ সেৱা, অনাময় ব্যৱস্থাকে আদি কৰি বিভিন্ন জ্বলন্ত সমস্যাসমূহ সমাধানৰ ব্যৱস্থা ল'বলৈ নৱ নিৰ্বাচিত চৰকাৰ, জনপ্ৰতিনিধিসকলক দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়কঃ অসমত ব্লেক ফাংগাছত আক্ৰান্ত দ্বিতীয়জন ৰোগীৰ মৃত্যু

ABOUT THE AUTHOR

...view details