অসম

assam

নাই বিদ্যুৎ সংযোগঃ বিধায়কৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ আমছুৰ

By

Published : Aug 14, 2020, 6:45 PM IST

বিগত আঢ়ৈ মাহে বিদ‍্যুৎ সংযোগ নাই বঙাইগাঁও জিলা তথা বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত দেউতাৰী গাঁৱত। বিজনী সমষ্টিৰ বিধায়কৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ আমছুৰ।

chirang-aamsu-burn-effigy-of-bijni-mla
নাই বিদ্যুৎ সংযোগঃ বিধায়কৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ আমছুৰ

চিৰাং, 14 আগষ্ট: বিগত আঢ়ৈ মাহে বিদ‍্যুৎ সংযোগ নাই বঙাইগাঁও জিলা তথা বিজনী বিধানসভা সমষ্টিৰ অন্তৰ্গত দেউতাৰী গাঁৱত। গাঁৱখনৰ ২টাকৈ বিদ্যুৎ বিভাগৰ ট্ৰান্সমিটাৰ বিগত আঢ়ৈ মাহ ধৰি নিস্ক্ৰিয় হৈ আছে। এই সমস্যা সন্দৰ্ভত গাঁৱৰ মুখিয়াল ব্যক্তি সকলে বিজনী সমষ্টিৰ বিধায়ক কমল সিং নাৰ্জাৰীৰ ওচৰত গৈ তেখেতৰ কোঠাৰ পৰা ২টা ট্ৰান্সমিটাৰ লিখি দিবলৈ অনুনয় বিনয়য় কৰিছিল,কিন্তু বিধায়ক গৰাকীয়ে দেওতাৰি গাঁৱৰ ৰাইজে তেখেতক ভোট নিদিয়াৰ অভিযোগ তুলি উক্ত গাঁৱত কোনো টান্সমিটাৰ দিয়া নহয় বুলি হুংকাৰ দিয়ে।

নাই বিদ্যুৎ সংযোগঃ বিধায়কৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ আমছুৰ

এজন জনপ্ৰতিনিধিৰ এনে মন্তব্যৰ প্ৰতিবাদ জনাই শুকুৰবাৰে দেওতাৰি গাঁৱৰ স্থানীয় ৰাইজৰ সহযোগত আলুখুন্দা আঞ্চলিক সমিতি আমছুয়ে বিধায়ক নাৰ্জাৰীৰ প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী ৰূপায়ন কৰে।

নাই বিদ্যুৎ সংযোগঃ বিধায়কৰ প্ৰতিমুৰ্তি দাহ কৰি প্ৰতিবাদ আমছুৰ

কমল সিং নাৰ্জাৰী মুৰ্দাবাদ, কমলসিং নাৰ্জাৰী হায় হায়,আদি শ্ল'গান দি আলুখুন্দা আঞ্চলিক সমিতিৰ সভাপতি নবিৰ হুছেইনে কয় যে, "এজন জনপ্ৰতিনিধিৰ এনে বক্তব্য নিন্দনীয়, গৰিহণাjযোগ্য আৰু অগণতান্ত্ৰিক গতিকে অহা ২১ৰ নিৰ্বাচনত এই অঞ্চললৈ তেখেতক ভোট ভিক্ষা খুজিবলৈ নাহিবলৈ আহ্বান জনোৱাৰ লগতে ২১ৰ নিৰ্বাচনত তেখেতক যোগ্য প্ৰত্যুত্তৰ দিয়া হব বুলিও সকীয়াই দিয়ে ৷ "

লগতে পঢ়ক : সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা

ABOUT THE AUTHOR

...view details