অসম

assam

অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

By

Published : Jan 23, 2021, 1:05 PM IST

প্ৰশাসনৰ চকুত ধূলি দি একাংশই চলাই আছে কাঠৰ বেহা । শুকুৰবাৰে নিশা বঙাইগাঁৱৰ অভয়াপুৰীত AS ১৮ ২৩৬৩ নম্বৰৰ এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ ।

bongaigaon
অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

বঙাইগাঁও, ২৩ জানুৱাৰী: ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । বঙাইগাঁৱৰ অভয়াপুৰীতো অব্যাহত আছে চোৰাং কাঠৰ বেহা । প্ৰশাসনৰ চকুত ধূলি দি একাংশই চলাই আছে কাঠৰ বেহা । বিভিন্ন সময়ত অঞ্চলটোৰ দল-সংগঠন তথা ৰাইজৰ সহযোগত প্ৰশাসনে চোৰাং কাঠৰ ট্ৰাক জব্দ কৰি আহিছে যদিও বহু মূল্যবান কাঠৰ বেহা বৰ্তমানেও অব্যাহত ৰাখিছে একাংশ দুষ্ট চক্ৰই ।

অভয়াপুৰীত জব্দ চোৰাং কাঠ ভৰ্তি ট্ৰাক

শুকুৰবাৰে নিশা পুনৰ বঙাইগাঁৱৰ অভয়াপুৰীত স্থানীয় ৰাইজৰ সহযোগত AS১৮ ২৩৬৩ নম্বৰৰ এখন চোৰাং শাল কাঠ ভৰ্তি ট্ৰাক জব্দ কৰে । নিশা কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখনে অভয়াপুৰী চহৰৰ মাজেৰে গৈ থকা অৱস্থাত স্থানীয় ৰাইজে ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনকো আটক কৰি আৰক্ষীত হাতত গতাই দিয়ে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, প্ৰায়ে উক্ত পথেৰে চোৰাং কাঠ ভৰ্তি ট্ৰাকৰ সৰবৰাহ চলি আহিছে যদিও আজিকোপতি প্ৰশাসনে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ।

জানিব পৰা মতে, ট্ৰাকখনত সৰ্বমুঠ ৫৯ টা শালগছৰ কুণ্ডা আছিল । জব্দ কৰা কাঠখিনিৰ মূল্য কেইবা লক্ষাধিক বুলি অনুমান কৰা হৈছে । নিশাই আৰক্ষীয়ে ট্ৰাকখন ভয়াপুৰী বনবিভাগৰ হাতত গতাই দিয়ে । কাঠখিনি বৈধ নে অবৈধ সেই সন্দৰ্ভত বনবিভাগে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:উজান বজাৰত 'গৰু' চাবলৈ ৰাইজৰ ভিৰ

ABOUT THE AUTHOR

...view details