অসম

assam

Child abusing issue : শিশু সুৰক্ষা বিষয়াৰ বিৰুদ্ধেই শিশুক শাৰিৰীক, মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 9:20 AM IST

বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়াৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ ৷ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল অভিযোগকাৰীৰ ৷ উৎকোচ লোৱাৰ লগতে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ৷

Bongaigaon Child Protection Officer accused of abusing children
অভিযুক্ত শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰী

বঙাইগাঁও, 11 অক্টোবৰ: বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ শিশু সুৰক্ষা বিষয়াগৰাকীয়ে নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হোৱা শিশুটিক বঙাইগাঁও আৱৰ্ত ভৱনত ভাষ্য গ্ৰহণ কৰে শিশু সুৰক্ষা আয়োগে ৷ মাণিকপুৰৰ এজন ব্যক্তিৰ অভিযোগৰ ভিত্তিত শিশু সুৰক্ষা আয়োগে শিশুটিৰ ভাষ্য গ্ৰহণ কৰে ।

মঙলবাৰে বঙাইগাঁও জিলা আৱৰ্ত ভৱনত শিশু সুৰক্ষা আয়োগৰ দলে অভিযোগকাৰীৰ শুনানি গ্ৰহণ কৰে । জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীক অভিযোগ দাখিল কৰা অভিযোগকাৰী আব্দুল কুদ্দুচে বঙাইগাঁও জিলা শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীয়ে 90 হাজাৰ টকা উৎকোচ লোৱাৰ লগতে কিশোৰী এগৰাকীৰ জন্মৰ প্ৰমাণ পত্ৰ মোকলাই দিয়া নাই বুলি জনায় । 60 হাজাৰ টকাৰ বিনিময়তহে প্ৰমাণ পত্ৰ দিয়া হ’ব বুলি শিশু সুৰক্ষা বিষয়াগৰাকীয়ে কয় ।

অভিযুক্ত শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰী

আনহাতে, আন পাঁচজন অভিযোগকাৰীয়ে অভিযুক্ত বিষয়া ধনজিৎ চৌধুৰীয়ে তেওঁলোকৰ পৰা ধন লোৱাৰ লগতে শাৰিৰীক আৰু মানসিক নিৰ্যাতন চলোৱাৰ ভাষ্য প্ৰদান কৰে আয়োগৰ ওচৰত । ওমৰ আলী নামৰ এজন ব্যক্তিৰ পৰা ধনজিৎ চৌধুৰীয়ে 40 হাজাৰ টকা উৎকোচ লোৱাৰ ভাষ্য আগবঢ়ায় আয়োগৰ ওচৰত । সৃজনগ্ৰামৰ এগৰাকী কিশোৰী পলাই যোৱাৰ বাবে কাৰ্যালয়ত ধৰি আনি অকথ্য নিৰ্যাতন চলোৱা বুলি ভাষ্য দিয়ে আয়োগৰ ওচৰত ।

আন এক অভিযোগ পত্ৰত উল্লেখ কৰা মতে চিৰাং জিলাৰ চিকাজাৰৰ এগৰাকী কিশোৰীয়ে প্ৰেম বিবাহৰ উদ্দেশ্যৰে 2022 চনৰ মে’ মাহত পলাই গৈছিল । তেতিয়া শিশু সুৰক্ষা বিষয়া ধনজিৎ চৌধুৰীয়ে আৰক্ষীৰ সহযোগত কিশোৰীগৰাকীক উদ্ধাৰ কৰি বঙাইগাঁও জিলাৰ শিশু সুৰক্ষা বিষয়াৰ কাৰ্যালয়ত আনি কাপোৰেৰে মুখত সোপা দি অমানুষিক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ তোলে অভিযোগকাৰীয়ে । আনকি, কিশোৰীগৰাকীৰ চুলি পৰ্যন্ত কাটি দি মোমায়েকৰ হাতত তুলি দিয়ে বুলি অভিযোগ তুলিছে অভিযোগকাৰীয়ে ।

ঘটনা সন্দৰ্ভত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ শিশু সুৰক্ষা বিষয়াৰ হাতত শিশু যেতিয়া সুৰক্ষিত নহয়, তেন্তে শিশু ক’ত সুৰক্ষিত হ’ব বুলিও প্ৰশ্ন উত্থাপন কৰিছে আন্তঃৰাষ্ট্ৰীয় কোঁচ-ৰাজবংশী সংস্থাৰ সভাপতি ভদ্ৰেশ্বৰ বৰ্মনে ৷ ঘটনা সন্দৰ্ভত ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ কাষ চপাৰ পিচত বিষয়াগৰাকীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰ্ৱৰ্তী সময়তহে হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক :Beats student badly : ঘৰুৱা শিক্ষকৰ প্ৰহাৰত আহত পঞ্চম শ্ৰেণীৰ ছাত্ৰ, অভিভাৱকৰ এজাহাৰ দাখিল

ABOUT THE AUTHOR

...view details