অসম

assam

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ

By

Published : May 23, 2021, 10:57 PM IST

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা প্ৰদান কৰিব অসম টে'ট শিক্ষক যৌথ মঞ্চই ৷ দেওবাৰে, এই কথা ঘোষণা কৰিলে মঞ্চৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰয়ে ।

tet-teachers-union-to-donate-1-day-salary-to-cm-relief-fund
মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ

বিশ্বনাথ, ২৩ মে': ক’ভিড পৰিস্থিতিৰ লগত মোকাবিলা কৰাৰ বাবে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজক আৰ্থিক বৰঙনি আগবঢ়াবলৈ আহ্বান জনাইছিল। উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চই ।

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ এটা দিনৰ দৰমহা টে'ট শিক্ষক যৌথ মঞ্চৰ

শেহতীয়াকৈ, মঞ্চই তেওঁলোকৰ সহযোগী সংগঠন সমূহৰ সভাপতি, সম্পাদক সকলৰ লগত অনলাইন কনফাৰেন্সৰ জড়িয়তে এখনি সভা আয়োজন কৰে । উক্ত সভাত টে’ট শিক্ষক সকলৰ এদিনৰ দৰমহা মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিত প্ৰদান কৰিবলৈ সৰ্বসন্মতি ক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে অসম টে'ট শিক্ষক যৌথ মঞ্চৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে ৷

তেওঁ লগতে প্ৰকাশ কৰে যে, উক্ত ধন প্ৰদান কৰাৰ কথা লৈ সৰ্বশিক্ষাৰ মিছন সঞ্চালক আৰু মুখ্য গাণনিক বিষয়ালৈ এক প্ৰস্তাৱ হিচাপে প্ৰেৰণ কৰা হৈছে ৷ এই সভাতে অংশগ্ৰহণ কৰে সদৌ অসম টে’ট শিক্ষক যৌথ মঞ্চৰ ভাতৃ সংগঠন ক্ৰমে শিক্ষামিত্ৰ টে’ট টিচাৰ্চ ইউনিয়ন, এচ.চি. এচ.টি টে’ট টিচাৰ্চ এচ’ছিয়েছন, ডিমাহাচাও টে’ট টিচাৰ্চ এচ’ছিয়েছন, বিটিচি চিক্স চিডুল টে’ট টিচাৰ্চ এচ’ছিয়েছন, বৰাকভেলী টে’ট টিচাৰ্চ এচ’ছিয়েছন আৰু ২০১২ টে’ট শিক্ষক গোটে

আনহাতে ভাতৃ সংগঠন সমূহৰ সৈতে হোৱা আলোচনাৰ সময়ত অংশগ্ৰহণ কৰে অসম টে'ট শিক্ষক যৌথ মঞ্চৰ সভাপতি বিনোদ বড়ো, কাৰ্যকৰী সভাপতি বিশ্বজিৎ ৰয়, সাধাৰণ সম্পাদক নিৰ্মল বৰুৱা, সহঃ সাধাৰণ সম্পাদক তাপস দাস, মুখ্য উপদেষ্টা বিচিত্ৰ নাথ, ম. মতিউৰ ৰহমানকে ধৰি বহু কেইজন শিক্ষকে ৷

লগতে পঢ়ক :ব্ৰাউন চুগাৰসহ বৰপেটাত তিনিজন ড্ৰাগছ ব্যৱসায়ী আটক

ABOUT THE AUTHOR

...view details