অসম

assam

Fortnight for Development: বিশ্বনাথত মুখ্যমন্ত্ৰীয়ে বহুকেইটা উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলাৰ লগতে কৰিব শুভ উদ্বোধন

By

Published : Dec 10, 2022, 11:36 AM IST

Fortnight for Development

বিশ্বনাথ জিলাত আয়োজিত কৰা হৈছে ‘‘বিকাশৰ বাবে এটা পষেক’’ শীৰ্ষক এটা অনুষ্ঠান (Fortnight for Development program in Biswanath) ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে কিছু সময়ৰ পাচতে বিশ্বনাথত উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷

বিশ্বনাথ, ১০ ডিচেম্বৰ : জনতাৰ মাজলৈ বিকাশৰ ভাগীৰথী যাত্ৰা আগুৱাই লৈ যাবলৈ ঐতিহাসিক বিশ্বনাথ জিলাকো সামৰি লৈছে অসম চৰকাৰে । ৰাজ্যৰ ১১ খন জিলা সামৰি গ্ৰহণ কৰা ‘‘বিকাশৰ বাবে এটা পষেক’’ শীৰ্ষক আঁচনিৰ অধীনত বিশ্বনাথক সামৰি লোৱা হৈছে (Fortnight for Development program in Biswanath)। এই উদেশ্যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে অৰ্থাৎ আজি বিশ্বনাথ জিলাত দুখন বিশাল ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথ জিলাৰ অন্তৰ্গত আটাইকেইটা বিধানসভা সমষ্টি সামৰি মুঠ ৩৮৮.৯৯ কোটি টকা ব্যয় সাপেক্ষ ১৪ টা উন্নয়নমূলক প্ৰকল্পৰ ডিজিটেল মাধ্যমৰ জৰিয়তে আধাৰশিলা স্থাপন কৰিব ৷ লগতে দুটি প্ৰকল্পৰ শুভ উদ্বোধনো কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগীয়া প্ৰথমখন সভাত এই ঐতিহাসিক জিলাত ৰূপায়িত কৰিব ১০ খন অভিলাষী আঁচনি (Fortnight for Development) ৷ সেইকেইখন হৈছে ক্ৰমে বিশ্বনাথ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়, বিশ্বনাথ জিলাৰ আৱৰ্ত ভৱন, বিশ্বনাথ চাৰিআলিত প্ৰস্তাৱিত জিলা ক্ৰীড়া প্ৰকল্প, বিশ্বনাথৰ পাভৈ(দিৰিঙ)ত নতুনকৈ প্ৰতিষ্ঠা হ'ব লগা অসম আৰক্ষী বেটেলিয়নৰ কাৰ্যালয়, বিশ্বনাথঘাটৰ পৰা পানপুৰলৈ নিৰ্মাণ হ'ব লগা ৮ কিলোমিটাৰ দৈৰ্ঘ্য পথ তথা মথাউৰি, চতিয়াত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান উন্নীতকৰণ প্ৰকল্প ৷

বিশ্বনাথত আয়োজন বিকাশৰ বাবে এটা পষেক শীৰ্ষক অনুষ্ঠান

সেইদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত দিকৰাই পাইকাৰী বজাৰৰ আধুনিকীকৰণ আৰু উন্নয়ন প্ৰকল্পৰ, গহপুৰ বিধানসভা সমষ্টিত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পহুকটা সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্য পথ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আমদৈগুৰি সংযোগী ৫ কিলোমিটাৰ দৈৰ্ঘ্য পথ, সোলেঙী নদীৰ বাওঁপাৰৰ খহনীয়া প্ৰতিৰোধ আৰু অন্যান্য ক্ষতিগ্ৰস্ত অঞ্চলৰ পুনৰ নিৰ্মাণ কামৰ আধাৰশিলা স্থাপন কৰিব ।

আনহাতে, একেদিনাই মুখ্যমন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীৰ জনতা বাকৰিত অনুষ্ঠিত হ'ব লগীয়া দ্বিতীয়খন বিশাল ৰাজহুৱা সভাত কেবাটাও শিলান্যাস কৰিব ৷ এই অভিলাষী আঁচনিসমূহ হৈছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ পৰা বিহালী বটিয়ামাৰী আৰু ইয়াৰ কাষৰীয়া এলেকা সুৰক্ষিত কৰাৰ বাবে খহনীয়া প্ৰতিৰোধ ব্যৱস্থাৰ আধাৰশিলা, বিহালী মিনি ষ্টেডিয়াম, মৰাণ গাঁও নাচবৰ পথ, বিহালীত চৰকাৰী পলিটেকনিক প্ৰতিষ্ঠান আৰু ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উন্নীতকৰণ প্ৰকল্প ।

ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হোৱা দুটি প্ৰকল্প ক্ৰমে বিহালীত নৱ নিৰ্মিত সদ্ভাৱনা ভৱন আৰু বিহালী উন্নয়ন খণ্ডৰ চৌহদত নিৰ্মিত প্ৰেক্ষাগৃহৰ শুভ উদ্বোধনো কৰিব মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । বিশ্বনাথ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা এই দুয়োখন সভাত বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকা, তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস আৰু জিলাখনৰ বিধায়কসকল ক্ৰমে প্ৰমোদ বৰঠাকুৰ, ৰঞ্জিত দত্ত, পদ্ম হাজৰিকা আৰু উৎপল বৰা প্ৰমুখ্যে ব্যক্তিসকলে উপস্থিত থাকিব ।

উল্লেখযোগ্য যে, বিশ্বনাথ জিলাত ১৪ টা অভিলাষী প্ৰকল্পৰ একেলগে আধাৰশিলা স্থাপন আৰু ২ টা প্ৰকল্পৰ শুভ উদ্বোধন ৰাজ্যখনৰ ইতিহাসত বিৰল ঘটনা বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক :Film maker Rajat Kapoor in Tezpur: তেজপুৰ সাহিত্য উৎসৱত বলীউড তাৰকা ৰজত কাপুৰ

ABOUT THE AUTHOR

...view details