ETV Bharat / state

হাতীগাঁও আৰক্ষীৰ জালত যুৱতীসহ প্ৰৱঞ্চকৰ দল - Guwahati Vehicle scam

author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 5:07 PM IST

GUWAHATI VEHICLE SCAM
আৰক্ষীৰ জালত যুৱতীসহ প্ৰৱঞ্চকৰ দল

মহানগৰীত আৰক্ষীৰ জালত যুৱতীসহ প্ৰৱঞ্চকৰ দল ৷ দলটোৰ চাৰিজন সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো এতিয়াও পলাতক হৈ আছে ৷

গুৱাহাটী, 27 এপ্ৰিল : হাতীগাঁও আৰক্ষীৰ জালত পৰিছে যুৱতীসহ প্ৰৱঞ্চকৰ বৃহৎ দল ৷ আৰক্ষীৰ জালত পৰা চাৰি ধৃত ক্ৰমে শদিয়াৰ অমিত গুপ্তা, গুৱাহাটীৰ জিয়াবুৰ ৰহমান, মণীষ ছেত্ৰী আৰু চৰাইদেইউৰ এগৰাকী যুৱতী ৷ গেংটোৰ চাৰিগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন কেইবাজনো এতিয়াও পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷

ঋণ লৈ দিয়া আৰু লিজত দিয়াৰ নামত চক্ৰটোৱে বহু গাড়ী বিক্ৰী কৰিছিল বহিঃৰাজ্যত ৷ ঋণত গাড়ী ক্ৰয় কৰি দিয়া আৰু সেই গাড়ী লিজত বিভিন্ন কাৰ্যালয়ত দিয়াৰ প্ৰতিশ্ৰুতি দি বহু বাহন ডিমাপুৰ, অৰুণাচলকে ধৰি অসাধু চক্ৰক বিক্ৰী কৰাৰ অভিযোগ এই প্ৰৱঞ্চক দলটোৰ বিৰুদ্ধে ৷ ইতিমধ্যে আৰক্ষীৰ জালত পৰা চক্ৰটোৰ সন্দৰ্ভত আৰু অধিক তদন্ত অব্যাহত ৰাখিছে হাতীগাঁও আৰক্ষীয়ে ৷

অভিযোগ অনুসৰি বৃহৎ প্ৰৱঞ্চকৰ দলটোৱে সৰ্বসাধাৰণ লোকক লক্ষ্য কৰি বিভিন্ন প্ৰলোভন দিয়ে ৷ সহজ-সৰল লোকক প্ৰলোভন দি প্ৰথমে গাড়ী ক্ৰয় কৰি দিয়ে চক্ৰটোৱে ৷ তাৰ পিচত হোটেল, এজেন্সি, ব্যৱসায়ী প্ৰতিষ্ঠানক গাড়ীবোৰ নিয়োগ কৰি গাড়ীৰ ই এম আইৰ লগতে লাভৰ এটা অংশ গাড়ীৰ মালিকক দিয়া হ'ব বুলি চুক্তি কৰি লয় ৷ প্ৰথমে কেইমাহমান গাড়ীৰ গৰাকীক চক্ৰটোৱে ধন আদায় দিয়ে ৷ পিচলৈ চক্ৰটোৱে গাড়ীবোৰ বহিঃৰাজ্যত বিক্ৰী কৰি দিয়ে আৰু গাড়ীৰ গৰাকীৰ লগত যোগাযোগ বন্ধ কৰি দিয়ে ৷ এনে প্ৰৱঞ্চনাৰ বলি হোৱা লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই চাৰি প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰি সোধ-পোচ অব্যাহত ৰাখিছে ৷ এই বৃহৎ প্ৰৱঞ্চক দলৰ মূল মাষ্টাৰ মাইণ্ড এতিয়াও আৰক্ষীৰ জালত পৰা নাই ৷

লগতে পঢ়ক : নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ হাতত যৌন নিৰ্যাতনৰ বলি কিশোৰী - De Addiction Centre In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.