Film maker Rajat Kapoor in Tezpur: তেজপুৰ সাহিত্য উৎসৱত বলীউড তাৰকা ৰজত কাপুৰ

author img

By

Published : Dec 9, 2022, 7:53 PM IST

Updated : Dec 10, 2022, 9:29 AM IST

Film maker Rajat Kapoor in Tezpur

‘‘সাহিত্য আৰু চলচ্চিত্ৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে, চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ, দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী’’- তেজপুৰ সাহিত্য উৎসৱত অংশ গ্ৰহণ কৰি এই মন্তব্য বলীউড তাৰকা ৰজত কাপুৰৰ ৷ ৰাজ্যৰ বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানতো অংশ লয় ছবি নিৰ্মাতা তথা অভিনেতাগৰাকীয়ে ৷

তেজপুৰ, 9ডিচেম্বৰ: আজিৰে পৰা অনুষ্ঠিত হৈছে ‘তেজপুৰ সাহিত্য উৎসৱ-2022(Tezpur literary festival-2022) ৷ তিনিদিনীয়া কাৰ্যসূচীৰে তেজপুৰত প্ৰথমবাৰৰ অনুষ্ঠিত হৈছে এই সাহিত্য উৎসৱ ৷ অনুষ্ঠানত অংশ গ্ৰহণৰ কৰিছেহি ৰাজ্যৰ লগতে দেশৰ বিভিন্ন স্থানৰ বহু খ্যাতি সম্পন্ন লেখক-লেখিকাই ৷ লগতে অংশ গ্ৰহণ কৰিছে বলীউডৰ চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক তথা অভিনেতা ৰজত কাপুৰে(Actor Rajat Kapoor) ৷

অনুষ্ঠানৰ প্ৰথম সন্ধিয়া ৰাজ্যৰ বিশিষ্ট সাংবাদিক জাৰিৰ হুছেইনৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ লয় বিশিষ্ট অভিনেতাগৰাকীয়ে(Journalist Jarrir Hussain) ৷ সাংবাদিকগৰাকীৰ সৈতে হোৱা আলাপত কেতবোৰ অতি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷ বিশিষ্ট অভিনেতাগৰাকীৰ মন্তব্য-‘‘ সাহিত্য আৰু চলচ্চিত্ৰৰ ওতঃপ্ৰোত সম্পৰ্ক আছে’’ ৷

লগতে তেখেতে কয়-‘‘ মই কেতিয়াও আনৰ চিনেমা চায়েই পোৱা নাই , চিনেমাৰ বিষয়ে যেনেকৈ কাহিনী নিৰ্মাণ কৰা হয় সেই ধৰণৰে ব্যক্তিজনে চৰিত্ৰটি অংকিত কৰে। চিনেমা হিট হ'বৰ কাৰণে মই কেতিয়াও চিনেমা নিৰ্মাণ কৰা নাই । মই চাইছোঁ একমাত্ৰ "গলী বয়" চিনেমাখন। সেইখন ছবিয়ে মোক আকৰ্ষিত কৰিছে’’৷ "মোৰ ছবি দৰ্শকে আদৰি নল'লেও তাত মোৰ কোনো আক্ষেপ নাই" বুলিও মন্তব্য কৰে বিশিষ্ট অভিনেতা তথা প্ৰযোজকগৰাকীয়ে ৷

তেজপুৰ সাহিত্য উৎসৱত বলীউড তৰকা ৰজত কাপুৰ

মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীয়ে বিভিন্ন প্ৰশ্নৰে ৰসাল আৰু মনোজ্ঞ কৰি তোলা ছিৰিয়াছ ছবি নিৰ্মাতা গৰাকীয়ে অসমীয়া শেহতীয়া ছবি "অনুৰ" অৰ্থাৎ নিজে মুখ্য চৰিত্ৰত অভিনয় কৰা "অনুৰ" প্ৰসংগ উল্লেখ কৰি গৌৰৱান্বিত হয়(Rajat kapoor Interacts with college students) । বিশেষকৈ তেজপুৰৰ পৰা অনুৰাধা শৰ্মা পূজাৰীৰ এটি গল্পৰ আধাৰত নিৰ্মাণ কৰা "অনুৰ" প্ৰসংগত প্ৰশংসাসূচক মন্তব্য কৰাৰ সময়ত গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ লগতে "অনুৰ" ৰ সংগীত পৰিচালিকা তৰালী শৰ্মাও উপস্থিত থকাৰ পিছত ‘অনুৰ’ প্ৰসংগত ইতিবাচক মন্তব্যই অনুৰৰ পৰিয়ালকো আজি উৎফুল্লিত কৰি তোলে(Anuradha sharma pujari)।

এই ছবিখনত কাম কৰি যথেষ্ট সুখী বুলি কৈ অসমৰ পটভূমিত ভাল ছবি নিৰ্মাণ কৰাৰ বহু স্থল আছে বুলিও মন্তব্য কৰে ছবি নিৰ্মাতাগৰাকীয়ে । মহাবিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে কলে - ‘‘চিনেমা হিট হোৱা নোহোৱাকলৈ মই কাম নকৰোঁ, দহজন মানুহে মোৰ চিনেমা চালেও মই সুখী’’।

আনহাতে তেওঁৰ কৰ্মজীৱনৰ দীঘলীয়া সময়খিনিত এগৰাকী প্ৰতিষ্ঠিত ছবি নিৰ্মাতা হিচাপেহে চিনাকি দিবলৈ সৰুৰে পৰা চেষ্টা কৰিছিল বুলিও অনুষ্ঠানত উল্লেখ কৰে । অনুষ্ঠানটোত তাৰকা গৰাকীয়ে সাহিত্য আৰু চিনেমাৰ অংগাংগী সম্পৰ্ক আছে বুলিও মন্তব্য কৰে ৷ মূলসূঁতিৰ কোনো ছবিক লৈ তেওঁ আগ্ৰহী নহয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷

আনহাতে অনুষ্ঠানৰ অন্তত ছবি নিৰ্মাতাগৰাকীয়ে তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰতি মোহিত হোৱাৰ লগতে তেজপুৰবাসী অতিথি পৰায়ণ বুলি উল্লেখ কৰে(Natural beauty of Tezpur) ৷ লগতে আয়োজকক এই সাহিত্য উৎসৱৰ ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Assam Arunachal clash: অসমৰ ভূমিত অৰুণাচলীয়ে ভাঙি লণ্ডভণ্ড কৰিলে অমৃত সৰোবৰৰ আধাৰশিলা

Last Updated :Dec 10, 2022, 9:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.