অসম

assam

বিশ্বনাথত 17 জন বাংলাদেশী নাগৰিকক আটক

By

Published : Sep 17, 2022, 6:54 PM IST

বিশ্বনাথত 17 জন বাংলাদেশী নাগৰিকক আটক
বিশ্বনাথত 17 জন বাংলাদেশী নাগৰিকক আটক ()

বিশ্বনাথত আটক কৰা হ’ল 17 জন বাংলাদেশী নাগৰিকক (Bangladeshi detained at Biswanath)৷ টুৰিষ্ট পাৰ্মিট লৈ ভাৰতত প্ৰৱেশ কৰা দলটোৱে বিশ্বনাথত চলাই আছিল ধৰ্মপ্ৰচাৰ ৷

বিশ্বনাথ, 17 ছেপ্টেম্বৰ: বিশ্বনাথ চাৰিআলিৰ বাঘমাৰীৰ ব্ৰহ্মপুত্ৰ চাপৰিৰ পৰা ১৭ জনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ ৷ ভাৰতৰ দিল্লী আজমেৰ চৰিফ আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰিবলৈ টুৰিষ্ট ভিছা লৈ বাংলাদেশৰ পৰা অহা দলটোৱ অবৈধভাৱে বিশ্বনাথৰ বাঘমাৰীত ধৰ্মপ্ৰচাৰ কৰি থকাৰ তথ্য লাভ কৰাত বিশ্বনাথ আৰক্ষীয়ে আটক কৰিছে বাংলাদেশীকেইজনক (Bangladeshi detained at Biswanath)৷

ধৃত বাংলাদেশীকেইজনক সম্প্ৰতি বিশ্বনাথ চাৰিআলি থানাত ৰখা হৈছে ৷ শনিবাৰেই বাংলাদেশৰ দলটোক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিব বুলি বিশ্বনাথ আৰক্ষীয়ে জানিবলৈ দিছে । বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক নবীন সিঙে (Biswanath SP Nabin Singh) জানিবলৈ দিয়া অনুসৰি উক্ত দলটোৱে যোৱা ১৩ চেপ্তেম্বৰত কোঁচ বিহাৰৰ পৰা বাছযোগে বিশ্বনাথৰ বাঘমাৰিত উপস্থিত হৈছিল ।

বিশ্বনাথত 17 জন বাংলাদেশী নাগৰিকক আটক

দলটোৰ ভিতৰত ছৈয়দ আশ্ৰাফুল আলম নামৰ লোকজন ধৰ্মীয় গুৰু । আনহাতে দলটোৰ বাকী ১৬ জন বাংলাদেশী নাগৰিক ধৰ্মীয় গুৰুজনৰ শিষ্য বুলি জানিব পৰা গৈছে । ধৰ্মীয় গুৰুজনে নিজৰ শিষ্যসকলক লগত লৈ বিশ্বনাথৰ বাঘমাৰীৰ অতি দুৰ্গম অঞ্চল ব্ৰহ্মপুত্ৰ চাপৰিত ধৰ্ম প্ৰচাৰ চলায় । তদুপৰি বাঘমাৰীৰ উক্ত অঞ্চলত প্ৰায় ৫০০ মান লোকক নিজৰ শিষ্য হিচাবে গ্ৰহণ কৰিছিল ধৰ্মীয় গুৰুজনে ।

ইফালে এই দলটোৱে ভাৰতৰ দিল্লী, আজমেৰ চৰিফ(Ajmer Sharif Dargah) আদি ধৰ্মীয়স্থান পৰিভ্ৰমণ কৰাৰ বাবে টুৰিষ্ট ভিছা(Tourist Visa for India) লৈ অসমত প্ৰৱেশ কৰি এনেদৰে ধৰ্ম প্ৰচাৰ কৰাৰ কথা বিশ্বনাথ জিলা আৰক্ষীয়ে গোপন সূত্ৰে জানিব পাৰি ধৰ্মীয় গুৰুজনসহ বাকী ১৬ জন বাংলাদেশীক এজন লোকৰ ঘৰৰ পৰা আটক কৰে । ইপিনে আজি আৰক্ষীয়ে আটক কৰা ধৰ্মগুৰুজনে যোৱা ২৯ আগষ্টত দক্ষিণ শালমাৰাতো এইদৰে ধৰ্মীয় প্ৰচাৰ কৰাৰ কথা জানিব পাৰি শালমৰা আৰক্ষীয়ে ধৰ্মীয় গুৰুজনক শালমাৰাৰ পৰা উভতি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল ।

সেই নিৰ্দেশমৰ্মে বাংলাদেশৰ দলটো দিল্লীৰ আজমেৰ চৰিফলৈ গৈ পুনৰ কোচ বিহাৰৰ পৰা বিশ্বনাথৰ বাঘমাৰীলৈ আহে । উল্লেখ্য যে, বিশ্বনাথৰ বাঘমাৰী অঞ্চল হৈছে সংখ্যালঘু জনবসতিপূৰ্ণ অঞ্চল । পূৰ্বেতেও আৰক্ষীয়ে বিশ্বনাথৰ বাঘমাৰী অঞ্চলৰ পৰা বহু অপৰাধী তথা চোৰাং চিকাৰীকে ধৰি অপৰাধ জগতৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে । বিশ্বনাথ জিলা আৰক্ষীয়ে বাংলাদেশৰ দলটোৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰাৰ লগতে সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:বাৰাণসীত মোদীৰ জন্মদিনত যুৱকসকলৰ টেটু অংকন

ABOUT THE AUTHOR

...view details