অসম

assam

নিৰুদ্দিষ্ট পত্নীক বিচাৰি হাহাকাৰ স্বামীৰ

By

Published : Oct 2, 2022, 6:26 PM IST

women missing case at Kalgachia
নিৰুদ্দিষ্ট পত্নীক বিচাৰি হাহাকাৰ স্বামী

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱত যোৱা 25 ছেপ্টেম্বৰ তাৰিখে মানিকজান নামৰ এগৰাকী 54 বছৰীয়া মহিলাই ঘৰৰ সা-সম্পত্তি লৈ পলায় যায় (Wife missing case in Barpeta) ৷ যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক দেখা পাই তেন্তে 7604858327 নম্বৰত নাইবা ওচৰতে থকা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷

জনীয়া, 2 অক্টোবৰ: "মই ঘৰলৈ অহালৈ তাই কান্দি আহিছিল ৷ মই কিয় কান্দিছে বুলি সোধাত তাইৰ কান্দোন বন্ধ হ’ল ৷ তাৰ পিছতে মই বজাৰলৈ বুলি ওলাই গ’লো ৷ কিন্তু বজাৰৰ পৰা আহি পোৱাৰ পিছতে মই ভাত খাম বুলি হাত-ভৰি ধোৱাৰ পিছতে চাওঁ যে মোৰ পত্নী ঘৰত নাই ৷ মই মোৰ কন্যাক সুধিছিলো মা ক’লৈ গ’ল ? তেতিয়া মোক নাজানো বুলি কয় ৷ মোৰ পত্নীয়ে ভাতৰ ডেক্সি, কেৰাহী, কাপোৰ-কানি, বিচনাৰ কাপোৰ পৰ্যন্ত লৈ ঘৰৰ পৰা ওলাই যায় ৷" নিজ পত্নীক বিচাৰি নাপাই হিয়া ধাকুৰি কান্দিছে ছমিৰ আলী নামৰ এজন লোকে (Woman missing at Kalgachia) ৷

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱত যোৱা 25 ছেপ্টেম্বৰ তাৰিখে মানিকজান নামৰ এগৰাকী 54 বছৰীয়া মহিলাই ঘৰৰ সা-সম্পত্তি লৈ পলায় যায় (Wife missing case in Barpeta) ৷ তাৰ পিছৰে পৰা ঘৰৰ লোকে কোনো সন্ধান পোৱা নাই মানিকজানৰ ৷

নিৰুদ্দিষ্ট পত্নীক বিচাৰি হাহাকাৰ স্বামী

উল্লেখযোগ্য যে, ঘৰুৱা বিবাদক কেন্দ্ৰ কৰি মানিকজান নামৰ মহিলা গৰাকীয়ে ঘৰৰ কোনোৱে নজনাকৈ পুৱাৰ ভাগত কিছু বাচন বৰ্তন, লাগতিয়াল সামগ্ৰী আৰু নথি-পত্ৰ লৈ গুচি যায় ৷ ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইৰ লগতে সকলো আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰিও মানিকজানৰ খবৰ উলিয়াবলৈ পৰা নাই ৷

অৱশেষত দুৰ্ভগীয়া স্বামীয়ে কান্দি কান্দি পত্নীৰ সন্ধান বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে ৷ যদি কোনো সদাশয় ব্যক্তিয়ে মহিলাগৰাকীক দেখা পাই তেন্তে 7604858327 নম্বৰত নাইবা ওচৰতে থকা আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে ৷ ইতিমধ্যে পত্নী নিখোজ হোৱাৰ সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামীৰ পৰিয়ালৰ লোকে (Case registered for wife missing case) ৷

মানিকজানে কি খাইছে, ক’ত আছে, কেনেকৈ আছে এই চিন্তাই টোপনি হৰিছে স্বামী ছমিৰৰ ৷ পত্নী অবিহনে কেনেকুৱা অনুভৱ হৈছে ব্যক্ত কৰিব নোৱাৰি অন কেমেৰা হুকহুকাই কান্দে ছমিৰে ৷

লগতে পঢ়ক:পুনৰ ভয়াৱহ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল এখন ফেৰী

ABOUT THE AUTHOR

...view details