অসম

assam

Fraud arrested in Barpeta: বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

By

Published : Nov 14, 2022, 10:34 PM IST

বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ডৰ ৰমৰমীয়া ব্যৱসায় (Fake Ayushman Card business in Barpeta)। ধনৰ বিনিময়ত যোগান ধৰে ভুৱা আয়ুষ্মান কাৰ্ড । বৰপেটা আৰক্ষীৰ অভিযানত উৎখাত ভুৱা আয়ুষ্মান কাৰ্ড যোগান ধৰা চক্ৰ । আৰক্ষীৰ জালত তিনি অভিযুক্ত ।

Fake Ayushman Card business in Barpeta
বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

বৰপেটা, 14 নৱেম্বৰ :ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰি আৰক্ষীৰ জালত পৰিল বৰপেটাৰ তিনি যুৱক (Fake Ayushman card prepared at Barpeta) ৷ ইতিমধ্য়ে বৰপেটা আৰক্ষীয়ে যুৱক তিনিজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ জালত পৰা যুৱককেইজন হৈছে ক্ৰমে চেঙাৰ ধনজিৎ বৈশ্য, শুক মানাহৰ ৰেজাউল হক আৰু বৰপেটা চহৰৰ শান্তি নগৰৰ ধ্ৰুৱজ্যোতি তালুকদাৰ (Three youths arrested in Barpeta) ৷

ধৃত যুৱককেইজন আয়ুষ্মান কাৰ্ড প্ৰস্তুতৰ লগত জড়িত এটা ঠিকাদাৰী প্ৰতিষ্ঠান অধীনৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ জিলা স্বাস্থ্য বিষয়া দেৱাশ্ৰী বৰাই দাখিল কৰা এজাহাৰৰ ভিত্তিত কৰ্মচাৰী তিনিজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

বৰপেটাত ভুৱা আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰা তিনি যুৱকক গ্ৰেপ্তাৰ

উল্লেখ্য যে, নিয়ম অনুসৰি ২০১১ চনৰ লোকপিয়লত নাম সন্নিবিষ্ট থকা লোককহে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় ৷ কিন্তু ২০১১ চনৰ লোকপিয়লত নাম সন্নিবিষ্ট নথকা কেইবাজনো লোকক ধৃত যুৱককেইজনে জালিয়াতিৰে আয়ুষ্মান কাৰ্ড যোগান ধৰিছিল ৷ ইয়াৰে ৰেজাউল হক নামৰ যুৱকজনে পত্নীৰ নামতো এখন আয়ুষ্মান কাৰ্ড প্ৰস্তুত কৰিছিল ৷

এই তিনিজন যুৱকৰ পৰা ইতিমধ্যে এনেধৰণৰ ৭ খন ভুৱা আয়ুষ্মান কাৰ্ড আৰক্ষীয়ে জব্দ কৰিছে ৷ উক্ত চক্ৰটোৱে বৰপেটা জিলাৰ আন একাংশ লোককো ভুৱা আয়ুষ্মান কাৰ্ড যোগান ধৰিছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ ইতিমধ্য যুৱককেইজনক বৰপেটা আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লৈ তদন্ত অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময় এই চক্ৰৰ সৈতে জড়িত আৰু অধিক লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভৱনা আছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

লগতে পঢ়ক:Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

ABOUT THE AUTHOR

...view details