জনীয়া, 12 ছেপ্টেম্বৰ: অনুন্নত বাট-পথৰ বাবে এতিয়াও যমৰ-যাতনা ভুগিব লগীয়া হৈছে ৰাজ্যৰ বহু অঞ্চলৰ জনসাধাৰণে (Public protest against poor road condition) ৷ বাট-পথ নথকাৰ বাবে এম্বুলেঞ্চ পৰ্যন্ত যাব নোৱাৰা বহু অঞ্চল আছে এইখন অসমতে ৷ এনে এক পৰিস্থিতিত উন্নয়ণৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত ৫৮ নং বৰভিঠা গাঁও পঞ্চায়ৰ একাংশ ৰাইজে ৷
উল্লেখ্য যে, চান্দমামাৰ পৰা বৰভিঠা হৈ ময়নবৰীলৈ যোৱা CCMC ৰ মাজৰ পথচোৱাই এতিয়া জ্বলা-কলা খুৱাইছে পথচাৰীক । এই জৰাজীৰ্ণ পথেৰে বহু বছৰ ধৰি অতি কষ্টৰে যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে । এই গুৰুত্বপূৰ্ণ বিষয়টোক লৈ স্থানীয় সাংসদ, জনীয়া সমষ্টিৰ বিধায়ক আৰু বৰভিঠা গাঁও পঞ্চায়তৰ সভানেত্ৰীক বহুবাৰ অৱগত কৰি আহিছে যদিও আজিকোপতি কোনো সু-ফল নাপালে গাঁওখনৰ ৰাইজে ৷