অসম

assam

কলগাছিয়াত বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা

By

Published : Jun 24, 2022, 5:34 PM IST

কলগাছিয়াত বান সাহায্য বিতৰণত বিসংগতিৰ অভিযোগত সৃষ্টি হ’ল তীব্ৰ উত্তেজনাৰ (Flood relief in Kalgachia)৷ গাঁওবুঢ়াৰ লগতে আন কেইবাগৰাকীও লোকৰ বিৰুদ্ধে উত্তাপিত হৈছে সাহায্য সামগ্ৰী আত্মসাতৰ অভিযোগ ৷

Flood relief camp in Kalgachia
কলগাছিয়াত বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা

জনীয়া, 24 জুন: কলগাছিয়াৰ বালাৰপাথাত বান সাহায্যক কেন্দ্ৰ কৰি সৃষ্টি হ’ল তীব্ৰ উত্তেজনা ৷ বানপীড়িত অঞ্চলটোত সাহায্য হিচাবে চাউল আৰু দাইল বিতৰণ কৰাৰ সময়তে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷

উল্লেখ্য যে, ৩৬২ নং বালাৰপাথাৰ প্ৰাথমিক বিদ্যালয়ৰ শিবিৰত সাহায্য(Flood relief camp in Kalgachia) বিতৰণত অনিয়ম হোৱাৰ অভিযোগ উত্থাপিত হয় ৷ অঞ্চলটোৰ বানপীড়িত ৰাইজৰ বাবে চৰকাৰে যোগান ধৰা চাউল আৰু দাইল বিতৰণৰ বাবে দ্বায়িত্ব অৰ্পন কৰা হৈছিল গাঁওবুঢ়াৰ লগতে স্থানীয় আন কেইজনমান লোকক (Flood relief in Kalgachia)৷ প্ৰতিজন ব্যক্তিৰ বাবদ আবণ্টিত ১ কেজি ৫০০ গ্ৰাম চাউলৰ বিপৰীতে মাত্ৰ ১ কেজি ৩০০ গ্ৰাম আৰু ৩০০ গ্ৰাম দাইলৰ বিপৰীতে দুশ গ্ৰাম বিতৰণ কৰি বাকী সামগ্ৰী আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হয় ।

কলগাছিয়াত বান সাহায্য বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি বালাৰপাথাৰ গাঁৱৰ গাঁওবুঢ়া ময়ান আলী, পঞ্চায়তৰ সদস্য ৰমজান আলী আৰু সদস্যাৰ স্বামী কাশেম আলীকে ধৰি কেইবাজনো ব্যক্তিয়ে বান সাহায্য বিতৰণৰ দায়িত্ব লাভ কৰি প্ৰায় ৮০ শতাংশ লোকৰ চাউল, দালি আত্মসাৎ কৰে ৷ ইয়াকে লৈ স্থানীয় ৰাইজে উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰে ৷

পৰৱৰ্তী সময়ত উক্ত স্থানত কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া(Kalgachia circle officer) আৰু কলগাছিয়া আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । ইয়াৰ লগতে আবণ্টিত পৰিমাণতকৈ কমকৈ বিতৰণ কৰা সামগ্ৰীসমূহ উদ্ধাৰৰ ব্যৱস্থা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি প্ৰদান কৰা হ’ব বুলি ৰাইজৰ সন্মুখত মন্তব্য কৰে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কৃষ্ণসদৃশ: সহায়ৰ ভিক্ষা বানাক্ৰান্তৰ

ABOUT THE AUTHOR

...view details