অসম

assam

Wood loaded truck missing: দহ দিন পাছত বৰপেটাৰোডত উদ্ধাৰ কাঠ ভৰ্তি ট্ৰাক

By

Published : Oct 26, 2022, 7:28 PM IST

বৰপেটাৰোডৰ পৰা নিৰুদ্দেশ হোৱা কাঠ ভৰ্তি ট্ৰাক উদ্ধাৰ(Missing timber truck recovered from Barpeta Road) ৷ আৰক্ষীৰ চকুৰ পৰা সাৰিবলৈ ট্ৰাকখনৰ নম্বৰত সানি থোৱা হৈছিল কলা ৰং ৷

Missing timber truck recovered from Barpeta Road
Wood loaded truck missing: দহ দিন পাছত বৰপেটাৰোডত উদ্ধাৰ কাঠ ভৰ্তি ট্ৰাক

বৰপেটা ৰোড 26 অক্টোবৰ:বৰপেটাৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা যোৱা 17 অক্টোবৰৰ দিনা কাঠ ভৰ্তি ট্ৰাক নিৰুদ্দেশ হোৱাৰ দহ দিন পাছত বৰপেটাৰোড আৰক্ষীয়ে কাঠসহ ট্ৰাকখনৰ চালকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে(Wood loaded truck missing in Barpeta NH) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ট্ৰাক চালকজনৰ নাম আছাদ আলী বুলি জানিব পৰা গৈছে ৷

Wood loaded truck missing: দহ দিন পাছত বৰপেটাৰোডত উদ্ধাৰ কাঠ ভৰ্তি ট্ৰাক

ঘটনাৰ বিৱৰণী মতে বৰপেটাৰ বহৰিৰ মহিদুল শ্বেইখ নামৰ এজন কাঠ বেপাৰীয়ে কাজলগাওঁৰ খণ্ড বন বিষয়া কাৰ্যালয়ৰ পৰা ৮২ টা বনচোম আৰু খোকন কাঠৰ টুকুৰা নিলামত ক্ৰয় কৰিছিল ৷ উক্ত কাঠবোৰ কাজলগাওঁৰ পৰা বৰপেটাৰ বহৰিলৈ কঢ়িয়াই আনিবলৈ কাঠ বেপাৰী মহিদুল শ্বেইখে AS -09C-7632 নম্বৰ ট্ৰাকখন ভাৰালৈ লৈছিল ৷ উক্ত কাঠখিনি কঢ়িয়াই আনি থাকোতে 17 অক্টোবৰৰ নিশা প্ৰায় 11-30 মান বজাত বৰপেটাৰোডৰ বেঁকীৰ পাৰৰ পৰা চালক আছাদ আলীয়ে কাঠ ভৰ্তি ট্ৰাকখন লৈ হঠাতে নিৰুদ্দেশ হৈ পৰে ৷

প্ৰায় 5 লাখ টকা মূল্যৰ কাঠৰ লগতে ট্ৰাক চালক আছাদ আলীৰ কোনো সন্ধান নাপাই কাঠ বেপাৰী মহিদুল শ্বেইখে বৰপেটাৰোড আৰক্ষী থানাত 23 অক্টোবৰত এখন এজাহাৰ দাখিল কৰে ৷ সেইমৰ্মে বৰপেটাৰোড আৰক্ষীয়ে তদন্ত চলাই যোৱা 23 অক্টোবৰৰ নিশাই বৰপেটাৰোডৰ বিলাসীপাৰাৰ পৰা খালী ট্ৰাকখন উদ্ধাৰ কৰিছিল যদিও কাঠখিনি উদ্ধাৰ কৰিব পৰা নাছিল ৷ অৱশেষত যোৱা সোমবাৰে কলগাছিয়াৰ খৰিচলাত লুকুৱাই ৰখা অৱস্থাত উক্ত কাঠখিনি বৰপেটাৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বৰপেটাৰোড আৰক্ষীয়ে ধৃত ট্ৰাক চালক আছাদ আলীক বৰপেটা আদালতত হাজিৰ কৰাই নিজৰ জিম্মালৈ আনি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । উল্লেখ্য যে কাঠ ভৰ্তি ট্ৰাকখন লৈ নিৰুদ্দেশ হোৱা চালকজনে আৰক্ষীৰ চকুৰ পৰা সাৰিবলৈ ট্ৰাকখনৰ নম্বৰত কলা ৰঙ সানিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ ধৃত ট্ৰাক চালকজনৰ ঘৰ বৰপেটাৰ হাউলীত বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক:Dibrugarh All India Radio: আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত প্ৰতিবাদ গণনাট্য সংঘৰ

ABOUT THE AUTHOR

...view details