অসম

assam

অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন

By

Published : Feb 17, 2021, 2:35 PM IST

বৰপেটা জিলাৰ চান্দমামা এম ই মাদ্ৰাছা খেলপথাৰ প্ৰাংগণত ১৫- ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন । মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি সাগৰ বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ভাস্কৰ বৰা ।

অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন
অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন

জনীয়া, ১৭ ফেব্ৰুৱাৰী: বৰপেটা জিলাৰ চান্দমামা এম ই মাদ্ৰাছা খেলপথাৰ প্ৰাংগণত ১৫- ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন । অধিৱেশনৰ অন্তিম দিনাখন জিলা সভাপতি শ্বেখ ৰহমত উল্লাহৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি সাগৰ বৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক ভাস্কৰ বৰা ।

অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলা সমিতিৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশন

বিশিষ্ট সাংবাদিক বৰাই উপস্থিত ৰাইজৰ সমাগম আৰু কলাকৃষ্টিত আপ্লুত হৈ পৰে । লগতে আগন্তুক ২০২১ চনৰ লোকপিয়লত সকলো ৰাইজক দুষ্ট চক্ৰৰ প্ৰৰোচনাত নপৰি নি:সংকুচে মাতৃভাষা অসমীয়া বুলি লিপিবদ্ধ কৰি অসমীয়া ভাষাৰ সংখ্যাগৰিষ্ঠতাৰ সাংবিধানিক মৰ্যাদা অক্ষুন্ন ৰাখিবলৈ সকলোকে আহ্বান জনায় ।

অনুষ্ঠানটোত সাংবাদিক, সাহিত্যিক আৰু সমাজৰ বিভিন্ন দিশত অৱদান আগবঢ়োৱা ২৭ গৰাকী ব্যাক্তিক মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে বৰপেটা জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মাক মাতৃভাষা প্ৰীতি বঁটা প্ৰদান কৰা হয় । অনুষ্ঠানত ৬ খনকৈ গ্ৰন্থৰ লগতে স্মৃতিগ্ৰন্থ 'সমন্বয়ৰ সমাহা'ৰ উন্মোচন কৰা হয় ।

লগতে পঢ়ক:অমিত শ্বাহে বিজেপিক উদ্ধাৰ কৰিবলৈ তাবিজ লবলৈ অসমলৈ আহিছে: দেবব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details