অসম

assam

অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

By

Published : Feb 23, 2021, 10:54 PM IST

Updated : Feb 23, 2021, 11:06 PM IST

প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাচত দেশৰ নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাক লৈ সন্দেহ প্ৰকাশ কৰে সাংসদ গৌৰৱ গগৈয়ে ৷

gourav gogoi at barpeta
অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

বৰপেটা, ২৩ ফেব্ৰুৱাৰী: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে মঙলবাৰে ‘অসম বচাও’ অভিযানত অংশগ্ৰহণ কৰি বৰপেটা সত্ৰত আৰ্শীষ লয় ৷ সৰভোগৰ ঐতিহ্যমণ্ডিত গৰখীয়া গোসাঁই থানৰ পৰা মঙলবাৰে কংগ্ৰেছ দলে আৰম্ভ কৰা অসম বচাও অভিযানত অংশ লৈ সৰভোগ, হাউলী, জনীয়া পৰিভ্ৰমণ কৰি বৰপেটাত উপস্থিত হোৱা সাংসদ গৌৰৱ গগৈয়ে অসমবাসী ৰাইজৰ মংগল আৰু শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে সত্ৰনগৰী বৰপেটাত উপস্থিত হৈ বৰপেটা সত্ৰত সেৱা জনায় ৷ গগৈয়ে ক’ৰণা মহামাৰীৰ ফলত অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্থ ৰাজ্যবাসীৰ বাবে নতুন বছৰটোৱে যাতে পোহৰ কঢ়িয়াই আনে তাৰ বাবেও ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায় ৷

অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

২১ৰ নিৰ্বাচনত ৰাজ্যত মহাজোঁটৰ চৰকাৰ হোৱাতো নিশ্চিত হোৱা বুলি উল্লেখ কৰি সাংসদ গৰাকীয়ে প্ৰথম ৬ মাহৰ ভিতৰত চৰকাৰে কোনবোৰ সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দিব, কোনবোৰ কাম কৰিব, কোনবোৰ সমস্যাৰ ওপৰত একচন লোৱা হ’ব, প্ৰথম কেবিনেটত কি সিদ্ধান্ত ল’ব, কোনবোৰ বিষয়ৰ ওপৰত একচন ল’ব সেই বিষয়ৰ ব্লুপ্ৰিন্ট ৰচনাৰ কাম চলি থকা বুলি মন্তব্য কৰে ৷ ইপিনে ৰাজ্যত মহাজোঁটৰ চৰকাৰ হ’বলৈ গৈ আছে আৰু ৰাইজৰ আশীৰ্বাদৰ অংশীদাৰ হ’বলৈ আগবাঢ়ি আহিলে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদক স্বাগতম জনাব বুলি উল্লেখ কৰে সাংসদ গৰাকীয়ে ৷ তেওঁ লগতে দল দুটাই মহাজোঁটৰ অংশীদাৰ নহ'লেও দল দুটাৰ প্ৰতি শুভ কামনা থাকিব বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ লগতে কংগ্ৰেছ চৰকাৰ বাংলাদেশতহে হ’ব বুলি ড৹ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যদিহে অসমত মহাজোঁটৰ চৰকাৰ গঠন নহয় তেন্তে বানপানীৰ সময়ত অসমলৈ আহিব নোৱাৰা প্ৰধানমন্ত্ৰীয়ে বাৰে বাৰে অসম ভ্ৰমণ কিয় কৰিবলগীয়া হৈছে বুলি প্ৰশ্ন কৰে ৷ সাংসদগৰাকীয়ে লগতে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিষয়ত অসম অন্য ৰাজ্যৰ তুলনাত পিছ পৰি ৰোৱা আৰু মহিলাসকলে মাইক্ৰ’ফাইনেঞ্চৰ ঋণৰ বোজা লৈ থাকিবলগীয়া হোৱাৰ কথা প্ৰকাশ কৰে ৷ আনহাতে ক্ষমতাত নাথাকিলে ড0 হিমন্ত বিশ্ব শৰ্মাই বিজেপি কৰিবনে নকৰে সেই কথা কোৱাৰ কিয় সাহস নাই বুলি প্ৰশ্ন তোলে ৷

অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

সাংসদগৰাকীয়ে লগতে হিমন্ত বিশ্ব শৰ্মা যে এগৰাকী চতুৰ (মেচিউৰ) পলিটিচিয়ান আৰু তেওঁ যে চল চাই কঠীয়া পাৰে সেই কথাৰ উমান আৰএছএছে পাইছে বুলি উল্লেখ কৰি তেওঁৰ সপোন আৰ এছ এছে পূৰ হ’বলৈ নিদিয়ে বুলিও মন্তব্য কৰে ৷ আনহাতে ২১ৰ নিৰ্বাচনত ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদ্বন্দিতা নকৰে বুলি কোৱা কথাতো দলৰ পৰা অধিক মৰম পোৱাৰ বাবেহে কোৱা বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে ৷ তেওঁ এই মুহুৰ্তত কংগ্ৰেছৰ হাতলৈ ১০১খন আসন আহিছে আৰু মিত্ৰজোঁটৰ আসন ভাগ বটোৱাৰা সম্পৰ্কে আলোচনা কৰাতকৈ ৰাইজক সজাগ কৰা আৰু ৰাইজৰ সমস্যাৰ বুজ লোৱাটোহে অধিক গুৰুত্বপূৰ্ণ বুলি প্ৰকাশ কৰি অহা মাৰ্চ মাহত প্ৰাৰ্থী ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰে ৷ গৌৰৱ গগৈয়ে প্ৰধানমন্ত্ৰীৰ মন্তব্যৰ পাচত দেশৰ নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাক লৈয়ো সন্দেহ প্ৰকাশ কৰে ৷

অসম বচাও’ অভিযানত অংশগ্ৰহণ সাংসদ গৌৰৱ গগৈৰ

লগতে পঢ়ক :বিজেপিৰ উদ্যোগত ৰাজ্যজুৰি পৰিয়াল সম্পর্ক অভিযান

Last Updated :Feb 23, 2021, 11:06 PM IST

ABOUT THE AUTHOR

...view details