অসম

assam

বৰপেটাত ভস্মীভূত চাৰিখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান

By

Published : Sep 8, 2022, 1:04 PM IST

তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰি হাট-বজাৰত বুধবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (Fire incident at Bahari)। অগ্নিকাণ্ডটোত চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় (4 Shop burnt in fire incident) ।

fire-breakout-at-bahari-in-barpeta
জুইত ভস্মীভূত হ’ল চাৰিখনকৈ দোকান

বৰপেটা, 8 ছেপ্টেম্বৰ: বৰপেটাৰ বহৰি হাট-বজাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা (Fire breakout in Barpeta)৷ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বহৰি হাট-বজাৰত বুধবাৰে নিশা প্ৰায় 11 বজাত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড (Fire incident at Bahari)। অগ্নিকাণ্ডটোত চাৰিখনকৈ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় (4 Shop burnt in fire incident) ।

এই অগ্নিকাণ্ডত চেলিম মহম্মদৰ বস্তাৰ দোকান, খবিৰ মোল্লা আৰু ৰফিক মোল্লাৰ ফাৰ্নিচাৰৰ দোকান আৰু নুৰ মহম্মদ নামৰ লোকজনৰ হোমিঅ' ফাৰ্মাচীখন সম্পূৰ্ণৰূপে জাহ যায় ৷ চেলিম মহম্মদ নামৰ লোকগৰাকীৰ বস্তাৰ দোকানত কামাল মিঞাৰ এক লাখ টকাৰ মচলাজাতীয় সামগ্ৰী মজুত ৰাখিছিল আৰু সেইখিনি সামগ্ৰীও জুইত জাহ গৈছে বুলি জানিবলৈ দিয়ে স্থানীয় লোকে।

অগ্নিকাণ্ডটোত মুঠ 15 লাখ টকাৰ সা-সামগ্ৰী বিনষ্ট হয় বুলিও স্থানীয় লোকে মন্তব্য কৰে । অৱশ্যে কিহৰ কাৰণে এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে এতিয়ালৈকে জানিব পৰা নাই ৷

স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ লগ লগে তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ নেওগৰ তৎপৰতাত এটা অগ্নি নিৰ্বাপক দলৰ দুখন বাহনসহ আৰক্ষীৰ দলটো আহি ঘটনাস্থলীত উপস্থিত হয় ৷ ইয়াৰ পিছতেই অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় লোকৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয় ৷

লগতে পঢ়ক:টুম্প্ৰেঙত ভয়ংকৰ অগ্নিকাণ্ড: ভষ্মীভূত ছয়খনকৈ দোকান

ABOUT THE AUTHOR

...view details