অসম

assam

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে সৰভোগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jun 24, 2021, 7:01 PM IST

বৰপেটা জিলা বিজেপিৰ সভাপতি তথা বিগত বিধানসভা নিৰ্বাচনৰ সৰভোগ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰয়াত শংকৰ চন্দ্ৰ দাস(Sankar Chandra Das)ৰ সৰভোগস্থিত নিজ বাসভৱনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr. Himanta Biswa Sarma) উপস্থিত হৈ নেতা গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

CM visit at the residence of Sarbhog BJP leader Shankar Chandra Das
সৰভোগৰ বিজেপি নেতা প্ৰয়াত শংকৰ চন্দ্ৰ দাসৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী

বৰপেটাৰোড, 24 জুন : বৰপেটা জিলা বিজেপি(BJP)ৰ সভাপতি, অসম ৰাজ্যিক বিদ্যুৎ নিগমৰ পৰিচালক মণ্ডলীৰ অন্যতম সদস্য তথা বিগত বিধানসভা নিৰ্বাচন(Legislative Assembly Election)ৰ সৰভোগ সমষ্টিৰ বিজেপি(BJP)ৰ প্ৰাৰ্থী প্ৰয়াত শংকৰ চন্দ্ৰ দাস(Sankar Chandra Das)ৰ সৰভোগস্থিত বাসভৱনত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Dr. Himanta Biswa Sarma) উপস্থিত হৈ নেতা গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা নিবেদন কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মা(CM Dr. Himanta Biswa Sarma)ই নেতা গৰাকীৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে জনসংঘৰ কালৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ লগত নিবিড় সম্পৰ্ক থকা প্ৰয়াত শংকৰ চন্দ্ৰ দাসে(Sankar Chandra Das) বৰপেটা জিলাত বিজেপি(BJP)ক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক অভূতপূৰ্ব অৱদানৰ কথা দোহাৰে ৷

বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত নেতা গৰাকীয়ে নিজকে উৎসৰ্গা কৰাৰ লগতে শেহতীয়াকৈ সৰভোগত নিৰ্মাণ হোৱা ব্ৰজ শৰ্মা সদনৰ দৰে গুৰুত্বপূৰ্ণ কাম-কাজত নিজকে নিয়োজিত কৰিছিল বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷ তাৰোপৰি বৰপেটা জিলাত শংকৰদেৱ শিশু নিকেতন(Sankardev Shishu Niketan)ৰ বিকাশতো বিশাল অৱদান আছিল শংকৰ চন্দ্ৰ দাসৰ ৷ তেখেতৰ মৃত্যুত দলৰ এগৰাকী নিষ্ঠাবান কাৰ্যকৰ্তা হেৰুওৱা বুলি উল্লেখ কৰি সমগ্ৰ বৰপেটা জিলাৰ ৰাইজে এগৰাকী উৎসৰ্গিত সমাজকৰ্মীক হেৰুৱালে বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

সৰভোগৰ বিজেপি নেতা প্ৰয়াত শংকৰ চন্দ্ৰ দাসৰ ঘৰত উপস্থিত মুখ্যমন্ত্ৰী

প্ৰয়াত শংকৰ চন্দ্ৰ দাস(Sankar Chandra Das)ৰ ঘৰত মুখ্যমন্ত্ৰীৰ লগত ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিত হয় ৷

উল্লেখ্য যে, ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ জ্যেষ্ঠ নেতা শংকৰ চন্দ্ৰ দাসৰ 16 জুনত গুৱাহাটীত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে ৷ তেখেত বৰনগৰ কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন সাংবাদিক, এপিডিচিএল(APDCL)ৰ প্ৰাক্তন সঞ্চালক তথা বৰপেটা জিলা বিজেপিৰ সভাপতি আছিল ৷ প্ৰয়াত দাসে যোৱা বিধানসভা নিৰ্বাচন (Legislative Assembly Election)ত সৰভোগ সমষ্টিত বিজেপি দল(BJP)ৰ প্ৰাৰ্থী হিচাবে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল ৷

কিন্তু কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হোৱাত তেওঁক বৰপেটা মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত পাছত গুৱাহাটীৰ এখনি ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছিল ৷ পৰৱৰ্তী সময়ত তেখেতৰ ক’ভিড নিগেটিভ হয় যদিও শৰীৰত আনুসংগিক ৰোগে দেখা দিয়ে ৷ অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে বিজেপিৰ জ্যেষ্ঠ কৰ্মীজনে ৷

লগতে পঢ়ক : সংসদ ভৱন নে বাজপেয়ী ভৱনঃ ক'ত হ'ব সোণোৱালৰ সংস্থাপন ?

ABOUT THE AUTHOR

...view details