অসম

assam

Congress Bharat Jodo Yatra: জনীয়াত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

By

Published : Nov 10, 2022, 3:22 PM IST

অসমত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দশম দিন (Congress Bharat Jodo Yatra in Assam)। বৰপেটাৰ জনীয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ অংশগ্ৰহণ । দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফলৰ লগতে কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য ভূপেন বৰাৰ ।

APCC
ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

বৰপেটা,১০ নৱেম্বৰ :কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা অব্যাহত আছে (Congress Bharat Jodo Yatra)। সমান্তৰালকৈ বিভিন্ন ৰাজ্যত প্ৰদেশ কংগ্ৰেছে আৰম্ভ কৰিছে ভাৰত জোড়ো যাত্ৰাৰ । অসমতো প্ৰদেশ কংগ্ৰেছে ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে । অসমত এই যাত্ৰাৰ দশম দিন (Congress Bharat Jodo Yatra in Assam)।

বৰপেটা জিলাৰ জনীয়াত ভূপেন বৰাৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰাৰ দল উপস্থিত (Bhupen Bora participate Bharat Jodo Yatra) ৷ জনীয়াৰ উক্ত অঞ্চলটোত ভাৰত জোড়ো যাত্ৰাৰ পৰিকল্পনা নাছিল যদিও ৰাইজৰ বিপুল দাবীত কংগ্ৰেছে যাত্ৰা কৰাৰ কথা উল্লেখ কৰে ভূপেন বৰাই । ভাৰত জোড়ো যাত্ৰাত অংশ লৈ বিভিন্ন বিষয়ত মন্তব্যও কৰা দেখা গৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক ।

ভাৰত জোড়ো যাত্ৰাত ভূপেন বৰাৰ বিস্ফোৰণ

দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভূপেন বৰাই কয় যে কংগ্ৰেছে নিৰ্বাচনৰ ফলাফলক নিৰ্মালি হিচাপে গ্ৰহণ কৰিছে (Bhupen Bora reacts over DAC election results) ৷ দেউৰী পৰিষদৰ নিৰ্বাচনে আহি থকা দিনত পট পৰিৱৰ্তনৰ সংকেত দিছে বুলিও তেওঁ উল্লেখ কৰে ৷ বিজেপিক তীব্ৰ সমালোচনা কৰি ভূপেন বৰাই কয় যে দেউৰী স্বায়ত্ত শাসিত নিৰ্বাচনত ২২ খন আসন পাব বুলি গপত গঙাটোপ হৈ থকা বিজেপিয়ে মূল্যবৃদ্ধি বা নিবনুৱা সমস্যা ৰোধ নকৰে, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, বান সমস্যা সমাধান নকৰে, চাহ শ্ৰমিকৰ সমস্যা সমাধান নকৰে সেয়ে দেউৰী পৰিষদৰ নিৰ্বাচনত যেনেকৈ বিজেপিৰ ভেঁটি খহিছে তেনেদৰে সমগ্ৰ অসমতে বিজেপিৰ ভেঁটি খহিব বুলিও তেওঁ দাবী কৰে (APCC president slams BJP) ৷

তেওঁৰ মতে বিজেপিয়ে ৰাইজৰ হৃদস্পন্দন বুজি পোৱাৰ ক্ষমতা হেৰুৱাইছে ৷ ইফালে এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলকো সমালোচনা কৰে ভূপেন বৰাই । আজমলে চাহৰ বাবে নিমন্ত্ৰণ জনোৱা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে এতিয়া আজমল তেওঁৰ বাবে সুদূৰ পৰাহত (Bhupen Bora slams Badaruddin Ajmal) ৷ এআইইউডিএফৰ সৈতে আলোচনা কৰাৰ কংগ্ৰেছৰ সময় নাই বুলিও কয় ভূপেন বৰাই ৷ জনীয়া সমষ্টিৰ এআইইউডিএফৰ বিধায়ককো সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক :Zubeen Garg in Biswanath: মোৰ মাজুলীৰ ৰাস চাবলৈ মন আছে: জুবিন গাৰ্গ

ABOUT THE AUTHOR

...view details