অসম

assam

Anti drugs operation by Assam police: ৰাজ্যৰ কেইবাটাও স্থানত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

By

Published : Jan 18, 2022, 10:11 AM IST

ড্ৰাগছৰ বিৰুদ্ধে অব্যহত থকা আৰক্ষীৰ তৎপৰতাৰ (Assam police against drugs smuggling)পাচতো কিন্তু একাংশই এই সমূহ কাৰোবাৰ অব্যাহত ৰাখিছে ৷ সোমবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হয় ৷ কেইবাটাও স্থানৰ পৰা আৰক্ষীয়ে ড্ৰাগছ-গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰিলে কেইবাজনো লোকক ৷

Anti drugs operation by Assam police
Anti drugs operation by Assam police

নিউজ ডেস্ক, 18 জানুৱাৰী :অসমত আৰক্ষীৰ শেহতীয়া সক্ৰিয়তাৰ ফলত পোহৰলৈ আহিছে দীৰ্ঘদিনৰ পৰা থিতাপি লোৱা বিভিন্ন নিষিদ্ধ বেহা, দালালৰাজ আদিৰ তথ্য (Illegal activities in Assam) ৷ ইতিমধ্যে অপৰাধ নাশৰ ক্ষেত্ৰত আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হৈছে ৷ অবাধে চলি থকা এইসমূহ বেহাৰ সৈতে জড়িতসকলৰ বাবে এতিয়া প্ৰত্যাহ্বান সৃষ্টি কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ অভিযানত জালত পৰিছে বিভিন্ন অবৈধ কাৰোবাৰৰ লগত জড়িত থকা লোক ৷ ৰাজ্যত অপৰাধীৰ বিৰুদ্ধে চলা এনকাউন্টাৰত অৰ্ধ শতাধিক ঘূণীয়া হোৱাৰ লগতে কেইবাজনো নিহত হৈছে (Police encounter in Assam) ৷

আৰক্ষীৰ এই তৎপৰতাৰ পাচতো কিন্তু একাংশই এই সমূহ কাৰোবাৰ অব্যাহত ৰাখিছে ৷ সেয়া লাগিলে ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহেই হওক অথবা চুৰি-ডকাইতি কিম্বা দালালী-প্ৰৱঞ্চনায়েই নহওক কিয় ৷ এচামে চেগ চাই এইসমূহ অবৈধ কাৰোবাৰ চলায়েই আছে ৷ ফলত আৰক্ষীও ব্যস্ত হৈ থাকিব লগীয়া হৈছে এইসমূহ কাৰ্য বন্ধ কৰাত ৷ ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহ অব্যাহত থকাৰ মাজতে সোমবাৰে ৰাজ্যজুৰি আৰক্ষীয়ে বিশেষ সফলতা লাভ কৰা পৰিলক্ষিত হয় ৷

ৰাজ্যৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহকাৰী আটক কৰাৰ লগতে উদ্ধাৰ কৰিছে নিচাজাতীয় সামগ্ৰী (Police apprehended smuggler with drugs in Assam)৷ লগতে আটক কৰিছে নিচাজাতীয় সমাগ্ৰী সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক ৷ কলিয়াবৰৰ বাগৰি আৰক্ষীয়ে চলোৱা অভিযানত বাগৰিৰ হাৰমতীৰ পৰা কৰায়ত্ব কৰে দুজন ড্ৰাগছ সৰবৰাহকাৰীক । কৰায়ত্ব কৰা দুজনক আয়ুৱ আলি আৰু ইনতাজ আলি বুলি চিনাক্ত কৰা হৈছে। আটকাধীন দুয়োজনকে জখলাবন্ধা আৰক্ষী নিৱেশত জেৰা অব‍্যাহত ৰাখিছে জখলাবন্ধা আৰক্ষীয়ে ৷

বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত শওপুৰৰ কৰাৰকুৰ বজাৰত ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা এজন সৰবৰাহকাৰীক ড্ৰাগছসহ কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । কলগাছিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বামুনদংৰা গাঁৱৰ ছাদ্দাম হুছেইন নামৰ যুৱকজনক । সৰবৰাহকাৰী যুৱকজনে প্ৰায় ৬০ গ্ৰাম ব্ৰাউনচুগাৰ আৰু ৮ টা খালী কন্টেইনাৰ স্কুটিৰ হেলমেটত লুকুৱাই ৰাখিছিল যদিও আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সৰবৰাহকাৰী যুৱকজনক হাতে-লোটে ধৰা পেলায় ।

কৰিমগঞ্জৰ নিলামবজাৰতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানত জব্দ ৭.১১ গ্ৰাম ব্ৰাউন চুগাৰ ৷ আটক ক্ৰেতা-বিক্ৰেতা ৷ নিলামবজাৰৰ যাত্ৰাপুৰত বিক্ৰেতা আজহাৰ উদ্দিনৰ পৰা ৭.১১ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ক্ৰেতা চুলতান হুছেইনৰ পৰা ভালেখিনি ড্ৰাগছৰ টেমা জব্দ কৰে আৰক্ষীয়ে ৷ দুয়োকে আটক কৰি লৈ অনাৰ সময়ত ঠাইখনত কিছু লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷

ইফালে বঙাইগাঁৱতো আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান । জিলাখনৰ বৰঘোলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত কাছাৰপেটীৰ পৰা বৰঘোলা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে । কাছাৰপেটী তৃতীয় খণ্ড গাঁৱৰ আবেদ আলী আৰু সামেজ আলীৰ ঘৰৰ পৰা 3. 9 কিলোগ্ৰাম শুকান আৰু 10 কিলোগ্ৰাম কেঁচা গাঞ্জা জব্দ কৰে । অৱশ্যে গাঞ্জা জব্দ কৰিছে যদিও ইয়াৰ লগত জড়িত কোনো এজনকো আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

তামুলপুৰৰ কাউলীত নিশা সুৰা বিৰোধী অভিযান কুমাৰীকাটা আৰক্ষীৰ । ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এট আৰক্ষীৰ দলে স্থানীয় গাঁওবুঢ়াৰ সহযোগত আৰম্ভ কৰে এই অভিযান । এই অভিযানত ২ নং পাহাৰপুৰ বজাৰৰ পৰা লিটাৰে লিটাৰে দেশীয় আৰু বিদেশী সুৰা নষ্ট কৰে আৰক্ষীৰ দলটোৱে । ৩০ লিটাৰতকৈও অধিক সুৰা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটো ।

লগতে পঢ়ক :Encounter at Bokajan : আৰক্ষীৰ বেহুৰ পৰা পলোৱা ড্ৰাগছ সৰবৰাহকাৰীৰ ভৰিত লাগিল আৰক্ষীৰ গুলী

ABOUT THE AUTHOR

...view details