অসম

assam

ডিমাহাচাও কাণ্ডৰ প্ৰতিবাদত ৰাজ্যজুৰি ২৪ ঘণ্টীয়া চকা বন্ধ

By

Published : Aug 30, 2021, 10:32 PM IST

ডিমাহাচাও সংঘটিত হোৱা নৃশংস ঘটনাৰ প্ৰতিবাদত ২৪ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনাইছে তিনিটাকৈ সংগঠনে ৷ ৩১ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ১ ছেপ্তেম্বৰৰ পুৱা ৫ বজালৈকে বাহাল থাকিব চকা বন্ধ কাৰ্যসূচী ৷

all-assam-chaka-bandh-by-3-organization
ডিমাহাচাও কাণ্ডৰ প্ৰতিবাদত ৰাজ্যজুৰি ২৪ ঘণ্টীয়া চকা বন্ধ

হোজাই,30 আগষ্ট: ডিমা হাচাও জিলাত যোৱা 26 আগষ্টত 5 জনকৈ নিৰিহ ট্ৰাক চালকক হত্যা কৰাৰ প্ৰতিবাদত মঙলবাৰে সমগ্ৰ অসমতে 24 ঘন্টীয়া চকা বন্ধ কাৰ্যসূচীৰ আহ্বান জনাইছে সদৌ অসম মটৰ শ্ৰমিক সন্থা, লংকা ট্ৰাক মালিক সন্থা আৰু লংকা ট্ৰাক ড্ৰাইভাৰ ইউনিয়নে ৷ সেই মৰ্মে 31 আগষ্টৰ পুৱা 5 বজাৰ পৰা 1 চেপ্তেম্বৰৰ পুৱা 5 বজালৈ সমগ্ৰ অসম জুৰি চকা বন্ধ কাৰ্যসূচী বাহাল ৰখাৰ আহ্বান জনাইছে সন্থা কেইটাৰ প্ৰতিনিধি সকলে ৷

উল্লেখ্য যে, ডিমা হাচাওলৈ অহা-যোৱা কৰা ট্ৰাকৰ লগতে ড্ৰাইভাৰ আৰু হেণ্ডিমেনৰ জীৱনৰ নিৰাপত্তা দিয়াৰ দাবীত এই 24 ঘন্টীয়া বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হ'ব বুলি জনাইছে লংকা ট্ৰাক মালিক সন্থাৰ উপদেষ্টাই ৷ ইয়াৰোপৰি ঘটনাত নিহত প্ৰতিগৰাকীলৈ ১৫ লাখকৈ টকাৰ ক্ষতিপূৰণ দিয়াৰ লগতে আহত সকলক ৩ লাখকৈ টকা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে সংগঠন কেইটাই ৷ এনেধৰণৰ ঘটনা পূৰ্বেও সংঘটিত হোৱাৰ পাছতো চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াৰ অভিযোগ সংগঠন কেইটাৰ ৷

ডিমাহাচাও কাণ্ডৰ প্ৰতিবাদত ৰাজ্যজুৰি ২৪ ঘণ্টীয়া চকা বন্ধ

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে নিশা প্ৰায় 9 বজাত উমৰাংছ’ৰ ডালমিয়া চিমেণ্টৰ পৰা লংকালৈ যোৱা পাঁচখনকৈ ট্ৰাকত গুলীচালনা কৰাৰ লগতে অগ্নিসংযোগ কৰিছিল সন্দেহযুক্ত ডিএনএলএ (DNLA)ৰ সদস্যই ৷ ডিমা হাছাওত সন্দেহযুক্ত উগ্ৰপন্থীয়ে যি বৰ্বৰ আক্ৰমণ চলালে, এই আক্ৰমণত প্ৰাণ হেৰুৱালে পাঁচগৰাকীকৈ নিৰীহ ট্ৰাক চালকে ৷

উক্ত ঘটনাৰ প্ৰতিবাদত তথা এনেধৰণৰ ঘটনা যাতে ভৱিষ্যতে কেতিয়াও সংঘটিত নহয়, সেই সন্দৰ্ভত চৰকাৰক নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী জনাই এই বন্ধ কাৰ্যসূচীৰ আহ্বান জনাইছে সংগঠন কেইটাই ৷

লগতে পঢ়কঃঅৰ্জুনৰ দৰে মোৰো এতিয়া এটাই লক্ষ্য, বিজেপিক উৎখাত কৰা: গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details