অসম

assam

বাঁহবাৰী ডকাইতি কাণ্ডত জড়িত সমৰ সিং নাৰ্জাৰীক গ্ৰেপ্তাৰ

By

Published : Aug 5, 2021, 8:03 PM IST

বাক্সাৰ বাঁহবাৰীত বুধবাৰে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰ (State Bank of India Grahak Seva Kendra)ৰ পৰা তিনিজনীয়া ডকাইতৰ দলে দিন দুপৰতে পিস্তল দেখুৱাই প্ৰায় চাৰি লাখ টকা লুট কৰি নিয়ে ৷

two dacoits arrested in barpetaroad
SBI ডকাইতি কাণ্ড : দুজনক আটক

বৰপেটাৰোড, 5 আগষ্ট :ডকাইতি সংঘটিত হোৱাৰ এদিনৰ পাচতে আৰক্ষীয়ে আটক কৰিলে বাক্সাৰ বাঁহবাৰীত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এটা গ্ৰাহক সেৱা কেন্দ্ৰৰ ডকাইতিত জড়িত আন এটা ডকাইতক ৷ বাক্সাৰ শালবাৰী মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যৰ নেতৃত্বত শিমলা, গোৱৰ্দ্ধনা, বাঁহবাৰীৰ আৰক্ষীয়ে অভিযান চলাই অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ডকাইতটোক ৷ এটা 7.65 mm পিষ্টল, ছয় জাঁই সজীৱ গুলী, এখন ডেগাৰ আৰু নগদ ৪১,০০০ টকা ডকাইতটোৰ পৰা জব্দ কৰিছে আৰক্ষীয়ে ৷

SBI ডকাইতি কাণ্ড : দুজনক আটক

এই ঘটনাত মুঠ তিনিজন যুৱক জড়িত আছিল ৷ ইয়াৰে বিজিত বড়ো নামৰ ডকাইতটোক বুধবাৰেই আটক কৰিছিল আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰে সমৰ সিং নাৰ্জাৰী ৷ আনহাতে, বৰ্তমানেও পলাতক হৈ আছে দলটোৰ আন এঠা ডকাইত ৷

বাঁহবাৰীৰ সমীপৱৰ্তী কুঠৰীঝাৰ ষ্টেট বেংকৰ গ্ৰাহক সুৰক্ষা কেন্দ্ৰটোৰ পৰা দুখন বাইকত অহা তিনিজনীয়া ডকাইতৰ দলটোৱে প্ৰায় 40 লাখ টকা লুট (Money Loot) কৰি নিছিল ৷ অৱশ্যে আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত লগে লগে অভিযান চলাই এটা ডকাইতক কৰায়ত্ব কৰাৰ লগতে দুখন বাইক জব্দ কৰিবলৈ সক্ষম হয় ৷

SBI ডকাইতি কাণ্ড : দুজনক আটক

আৰক্ষীয়ে ডকাইতটোৰ স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে অভিযান চলাই মানাহৰ জংঘলৰ সমীপৰ পৰা সমৰ সিং নাৰ্জাৰী নামৰ আনটো ডকাইতক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে আন এটা পলাতক ডকাইতৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে ৷ শালবাৰীৰ মহকুমা আৰক্ষী বিষয়া সমীৰণ বৈশ্যই বৃহস্পতিবাৰে বাঁহবাৰীত এখন সংবাদমেল আয়োজিত কৰি এই কথা সদৰি কৰে ৷

লগতে পঢ়ক :বাক্সাৰ ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গ্ৰাহক সেৱা কেন্দ্ৰত ডকাইতি

ABOUT THE AUTHOR

...view details