অসম

assam

বেতনাত আছুৱে আৱদ্ধ কৰিলে ডাম্পাৰ

By

Published : May 22, 2019, 12:09 AM IST

বাক্সা জিলাৰ উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই আৱদ্ধ কৰি ৰাখে অবৈধ শিল-বালি কঢ়িওৱা 5খনকৈ ডাম্পাৰ ৷

মহৰিপাৰাত আবদ্ধ ডাম্পাৰসমূহ

তামুলপুৰ, 21 মেঃ বাক্সা জিলাৰ উপায়ুক্তৰ মৌখিক প্ৰতিশ্ৰুতি অমান্য কৰি জিলাখনৰ উত্তৰ বেতনা অব্যাহত আছে অবৈধ শিল-বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্য ৷ দৈনিক শ-শ ডাম্পাৰ এইদৰে চলাচল কৰাৰ বাবে বহুসময়ত সংঘটিত হৈছে বহুকেইটা দুৰ্ঘটনা ৷

বেতনাত আছুৱে আবদ্ধ কৰিলে ডাম্পাৰ

গোৰেশ্বৰৰ মহৰিপাৰা নাওকাটাৰ মাজেৰে যোৱা বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথেৰে এচাম চোৰাং ব্যৱসায়ীয়ে দিনে নিশাই পুথিমাৰী নৈৰ পৰা শিল-বালি কঢ়িয়াই আহিছে ৷ ডাম্পাৰসমূহে অতিৰিক্ত বোজা কঢ়িওৱাৰ ফলত উক্ত পথছোৱাৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাৰ লগতে সঘনে দুৰ্ঘটনাও সংঘটিত হৈ আহিছে ৷ এনে অৱস্থাত বাক্সাৰ জিলা উপাযুক্তই দিনৰ ভাগত ডাম্পাৰৰ চলাচল বন্ধ কৰি নিশা 8 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈ চলিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া সম্ভৱ হৈ নুঠিল ৷ সেয়েহে আজি উত্তৰ বেতনা আঞ্চলিক ছাত্ৰ সন্থাই এইদৰে ডাম্পাৰসমূহ আৱদ্ধ কৰি ৰাখে ৷

Intro:তামুলপুৰৰ মহৰিপাৰাত ডাম্পাৰ আৱদ্ধ কৰি থলে উত্তৰ বেটনা আঞ্চলিক ছাত্র সন্থাই।

দুমাহ আগতে বাক্মা জিলাৰ উপায়ুক্ত ই দিনৰ ভাগত ডাম্পাৰ সমুহৰ চলাচল বন্ধ ৰাখিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিছিল।

দৈনিক শ শ ডাম্পাৰ চলাৰ বাবে পথটোত সঘনে দুৰ্ঘটনা সংঘটিত হৈ আছে।Body:তামুলপুৰ,২১/৫/০১৯.
তামুলপুৰৰ মহৰিপাৰাত আজি উত্তৰ বেটনা আঞ্চলিক ছাত্র সন্থাই ৫ খন ডাম্পাৰ আৱদ্ধ কৰি থয়।গোৰেশ্বৰ মহৰিপাৰা নাওকটাৰ মাজেৰে যোৱা বাইহাটা চাৰিয়ালী ৰামগাও নাগ্ৰিজুলী পথেৰে এচাম ব্যৱসায়ীয়ে দিনে নিশাই শ শ ডাম্পাৰেৰে পুঠিমাৰী নৈৰ পৰা শিল বালি কঢ়িয়াই আহিছে।ডাম্পাৰ সমুহে অভাৰ লোড কৰি শিল বালি কঢ়িওৱা ৰ ফলতে পথটোৰ অৱস্থা নিৰ্মাণ সম্পূৰ্ণ নহওতে শোচনীয় হৈ পৰিছে।ডাম্পাৰ ৰ প্ৰায় ড্ৰাইভাৰ অভিজ্ঞ নোহোৱাৰ বাবে সঘনে পথটোত দুৰ্ঘটনা সংঘটিত হৈ আছে।ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় ড্ৰাইভাৰ ৰ চৰকাৰী নথি পত্ৰ ও সন্দেহ জনক।
পথটোত কিছু দিন আগতে সংঘটিত হোৱা এটি দুৰ্ঘটনা ক লৈ মহৰিপাৰাৰ ৰাইজ উত্তেজিত হৈছিল তেতিয়া উত্তৰ বেটনা আঞ্চলিক ছাত্র সন্থাই ৰাইজক শান্ত কৰি বাক্মা জিলাৰ উপায়ুক্ত ডাঙৰীয়া ৰ লগত আলোচনাত বহে । আলোচনা অনুসৰি উপায়ুক্ত ডাঙৰীয়াই দিনৰ ভাগত ডাম্পাৰ ৰ চলাচল বন্ধ কৰি নিশা ৮ বজাৰ পৰা ৰাতিপুৱা৬ বজালৈ ডাম্পাৰ চলিব বুলি মৌখিক প্ৰতিশ্ৰুতি দিয়ে।কিন্তু এই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিল।দিনেনিশাই ডাম্পাৰ চলিয়ে থাকিল ,সেয়েহে আজি উত্তৰ বেটনা আঞ্চলিক ছাত্র সন্থাই ডাম্পাৰ সমুহ আৱদ্ধ কৰি থৈছে আৰু এই ডাম্পাৰ সমুহ নিশা৮ বজাত মুকলি কৰি দিব।প্ৰশাসনলৈ উত্তৰ বেটনা আঞ্চলিক ছাত্র সন্থাৰ অনুৰোধ শীঘ্ৰে দিনৰ ভাগত ডাম্পাৰ ৰ চলাচল বন্ধ কৰি ৰাইজক নিৰ্ভয়ে পথ টোত যাতায়ত কৰিবলৈ সুবিধা কৰি দিয়া।অন্য থা ভৱিষ্যতে আৰু আন্দোলনৰ কাৰ্য্যসূচী হাতত লৱ।

তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:

ABOUT THE AUTHOR

...view details