অসম

assam

Students Protest : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

By

Published : Nov 17, 2021, 7:26 PM IST

বৰমা মহাবিদ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাইছোৰাম লাড্ডুসিঙৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

Protest against Vice Chancellor of Bodoland University
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

বাক্সা, ১৭ নবেম্বৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত বাক্সা জিলাৰ অন্তৰ্গত বৰমা মহাবিদ্যালয়ত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে বাক্সা জিলাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই । বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য লাইছোৰাম লাড্ডুসিঙৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ছাত্ৰ-ছাত্ৰী সকলে ।

প্ৰতিবাদী শিক্ষাৰ্থী সকলৰ অভিযোগ অনুসৰি, উপাচাৰ্য গৰাকীয়ে বিশ্ববিদ্যালয়খনত মইমতালিৰে বিভিন্ন কাৰ্যসূচী ৰূপায়ন তথা বিশ্ববিদ্যালয়খন পৰিচালনা কৰিছে ৷ বি.এ ফাইনেল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাচতো মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে লাভ কৰা নাই মাৰ্কচিট ৷ যাৰ বাবে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থী সকলে বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বুলি অভিযোগ তুলিছে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচার্য বহিষ্কাৰৰ দাবী নিখিল বড়ো ছাত্ৰ সন্থাৰ

তদুপৰি বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গৰাকীক এতিয়ালৈকে আইচি পদত বহাই থোৱা বিষয়টোক লৈয়ো ক্ষোভ প্ৰকাশ কৰে প্ৰতিবাদী শিক্ষাৰ্থী সকলে ৷ এনে পৰিপ্ৰেক্ষিততে বিশ্ববিদ্যালয়খনৰ পৰা উপাচার্য লাইছোৰাম লাড্ডুসিঙক বহিষ্কাৰ কৰি বিটিআৰ অঞ্চলৰ এগৰাকী দক্ষতা সম্পন্ন লোকক উপাচার্যৰ পদত নিযুক্তি দিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী ছাত্ৰ ছাত্ৰী সকলে ৷

লগতে পঢ়ক:Dowry : স্বামীয়ে বিচৰা ধন দিব নোৱাৰি মাতৃগৃহ পালেহি বৰ্ণালী

ABOUT THE AUTHOR

...view details