বাক্সা, ৩১ জুলাই:বাক্সা জিলাৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসে(Principal Dr Tiken Chandra Das) আজি অধ্যক্ষ পদৰ পৰা অৱসৰ লয় । ২০১৪ চনত বৰমা মহাবিদ্যালয়ত অধ্যক্ষ হিচাবে নিযুক্তি লাভ কৰা অধ্যক্ষগৰাকীয়ে আঠ বছৰ ছয় মাহ কৰ্ম সম্পাদন কৰি আজি অৱসৰ গ্ৰহণ কৰে ।
অধ্যক্ষগৰাকীৰ অৱসৰৰ লগত সংগতি ৰাখি বৰমা মহাবিদ্যালয়ৰ অধ্যক্ষৰ আলোচনা কক্ষত পৰিচালনা সমিতিৰ সভাপতি বিজয় বসুমতাৰীৰ সভাপতিত্বত এখন বিদায় সভা অনুষ্ঠিত হয় । সভাত পৰিচালনা সমিতিৰ অন্যান্য সদস্য, শিক্ষক গোটৰ একাংশ, ছাত্ৰ একতা সভা, মহাবিদ্যালয় পৰিচালনা সমিতি, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি শুভাকাংক্ষীসকল উপস্থিত থাকি বিদায়ী অধ্যক্ষ ড৹ টিকেন চন্দ্ৰ দাসক সম্বৰ্ধনা জনায়(Felicitation to Barama college principal) ।