স্পৰ্টছ ডেস্ক,১১ মাৰ্চ:কাশ্মীৰৰ যুৱকসকলে শিক্ষা আৰু বিভিন্ন ক্ষেত্ৰৰ লগতে ক্ৰীড়া জগতৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ক্ৰীড়া ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈও সক্ষম হৈছে কাশ্মীৰৰ যুৱকসকল । বিশেষ ক্ৰীড়াৰ জৰিয়তে এইবাৰ চৰ্চা লাভ কৰিছে ১৮ বছৰীয়া বাশাৰট আহাদে । শ্ৰীনগৰৰ পৰিমপোৰা অঞ্চলৰ বাসিন্দা বাশাৰাটে কোৱা মতে তেওঁ শৈশৱৰ পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আছিল । কিছু ব্যতিক্ৰম কৰাৰ উদ্দেশ্যে বাশাৰাটে আইচ স্কেটিং বাছনি কৰিছিল । পৰৱৰ্তী সময়ত এই খেলৰ জৰিয়তে তেওঁ বহুতো পুৰস্কাৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ।
ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাশাৰটে কয় যে ইউৰোপত আইচ স্কেটিং প্ৰতিযোগিতাৰ বাবে তেওঁ বাছনি কৰাটো তেওঁৰ বাবে এটা অলৌকিক ঘটনাতকৈ কম নহয় । বাশাৰাটে জনোৱা মতে তেওঁ টিভি আৰু স্কুলত স্কেটিং দেখি আগ্ৰহী হৈছিল । এই ক্ৰীড়াৰ জৰিয়তে ভৱিষ্যতে শীৰ্ষ পৰ্যায়ত অংশগ্ৰহণৰ ইচ্ছা আছে বাশাৰাটৰ ।