অসম

assam

ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত অধিনায়ক ৰানী ৰামপাল

By

Published : Jun 2, 2020, 6:17 PM IST

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে হকী ইণ্ডিয়াই মনোনীত কৰিলে ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানী ৰামপালৰ নাম । ৰান ৰামপালৰ নেতৃত্বতেই এফআইএইজ ৰেংকিঙত নৱম স্থানত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে ভাৰত । বিশ্ব ক্ৰীড়া এথলীট পুৰস্কাৰ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা খেলুৱৈগৰাকীয়ে ইয়াৰ পূৰ্বে 2016 চনত অৰ্জুন বঁটা আৰু 2020 চনত পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

indian womens hockey team captain rani rampal nominated for rajiv gandhi khel ratna award
indian womens hockey team captain rani rampal nominated for rajiv gandhi khel ratna award

স্পৰ্টছ ডেস্ক, 2 জুনঃ ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰৰ বাবে মনোনীত হ'ল ভাৰতীয় মহিলা হকী দলৰ অধিনায়ক ৰানীৰামপালৰনাম । হকী ইণ্ডিয়াৰ তৰফৰ পৰা মনোনীত কৰা হৈছে খেলুৱৈগৰাকীৰ নাম । আনহাতে বন্দনা কটাৰিয়া, মনিকাআৰু হৰমনপ্ৰীত সিঙকঅৰ্জুন বঁটা পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে । ইপিনে মেজৰ ধ্যানচাঁন্দ জীৱনজোৰা সাধনাৰ পুৰস্কাৰৰ বাবে ভাৰতৰ প্ৰাক্তন খেলুৱৈ আৰপী সিং আৰু তুষাৰ খাণ্ডেকৰৰ নাম প্ৰদান কৰিছে হকী ইণ্ডিয়াই । অন্যহাতে প্ৰশিক্ষক বীজে কৰিয়প্পা আৰু ৰমেশ পঠানিয়াৰ নাম দ্ৰোণাচাৰ্য পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে ।

হৰমনপ্ৰীত সিং

দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন পুৰস্কাৰ 1 জানুৱাৰী 2016 ৰ পৰা 31 ডিচেম্বৰ 2019 লৈ কৰা প্ৰদৰ্শনৰ ভিত্তিত প্ৰদান কৰা হ'ব । খেল মন্ত্ৰণালয়ৰ এক সমিতিয়ে পৰৱৰ্তী সময়ত বিজয়ী প্ৰাৰ্থীৰ নাম নিৰ্বাচন কৰিব । 29 আগষ্ট অৰ্থাৎ ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰদিনা প্ৰদান কৰা হ'ব এই সন্মান সমূহ ।

ৰানী ৰামপালৰ নেতৃত্বতেই ভাৰতে 2017 চনত মহিলা এছিয়া কাপ জয়ী হোৱাৰ বিপৰীতে 2018 চনত এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । আনহাতে 2019 চনত অলিম্পিক কোৱালিফায়াৰ মেচত ভাৰতৰ বাবে বিজয় গ'ল মাৰি টকিঅ' অলিম্পিকৰ টিকট প্ৰদান কৰিছিল ৰামপালে। ৰানী ৰামপালে ইয়াৰ পূৰ্বে 2016চনত অৰ্জুন বঁটাআৰু 2020চনত পদ্মশ্ৰীপুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে ।

আনহাতে অৰ্জুন বঁটাৰ বাবে মনোনীত হোৱা বন্দনাই ভাৰতৰ হৈ 200 খনত কৈ অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অংশগ্ৰহণ কৰিছে । ইপিনে 150 খনত কৈ অধিক আন্তঃৰাষ্ট্ৰীয় মেচত অৱতীৰ্ণ হৈছে মনিকা । দুয়োৰে ভাৰতীয় হকী দলত আছে উল্লেখনীয় অৱদান । ইয়াৰ লগতে ভাৰতীয় পুৰুষ হকী দল হৰমনপ্ৰীত সিঙৰ নামো অৰ্জুন বঁটা পুৰস্কাৰৰ বাবে হকী ইণ্ডিয়াৰ ফালৰ পৰা মনোনীত কৰা হৈছে ।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ অহমদে কয়,ৰাজীৱ গান্ধী খেল ৰত্ন লাভ কৰা শেষগৰাকী হকী খেলুৱৈ আছিল চৰদাৰ সিং । ৰানী ৰামপালে ভাৰতীয় মহিলা হকীক এক নতুন দিগন্তলৈ নিবলৈ সক্ষম হৈছে । তেওঁ এই সন্মান লাভৰ অধিকাৰী ।

ABOUT THE AUTHOR

...view details