অসম

assam

Chase Master Virat Kohli : ৰাণ অনুসৰণৰ সৈতে নিবিড় প্ৰেমৰ সম্পৰ্ক বিৰাট কোহলীৰ !

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 1:54 PM IST

চেজ মাষ্টাৰ বিৰাট কোহলীয়ে দেওবাৰে নিশা ধৰ্মশালাৰ মনোৰম ষ্টেডিয়ামত ভাৰতক নিউজীলেণ্ডৰ বিৰুদ্ধে ৰাণ-চেজ সম্পূৰ্ণ কৰাত অনবদ্য ভূমিকা পালন কৰে ।

Chase Master Virat Kohli
Chase Master Virat Kohli

স্পৰ্টছ ডেস্ক, ২৩ অক্টোবৰ : সীমিত অভাৰৰ ক্ৰিকেট সংস্কৰণেই হওক বা টি-২০ ফৰ্মেট, বিজয় লক্ষ্য অনুসৰণ কৰি ভালপায় ষ্টাৰ বেটাৰ বিৰাট কোহলীয়ে । সেয়েহে তেওঁক 'চেজ মাষ্টাৰ' বুলি কোৱা হয় । যদি ১৯৯০ আৰু ২০০০-ৰ দশকৰ কথা স্মৰণ কৰা হয়, তেনেহ'লে ভাৰতে এগৰাকী খেলুৱৈৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁ হৈছে শচীন তেণ্ডুলকাৰ । আৰু বৰ্তমান দেশৰ ক্ৰিকেটপ্ৰেমীসকলৰ বিৰাট কোহলীৰ ওপৰত অগাধ বিশ্বাস জাগি উঠিছে । তেওঁ ক্ৰিজত থাকে মানে দলটোৱে বিজয় লক্ষ্য অনুসৰণ কৰাত কোনো যেন সমস্যা নাই ।

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে চলিত বিশ্বকাপৰ মাত্ৰ দুটা দিনৰ ব্যৱধানতে সেই কথা পুনৰবাৰ প্ৰমাণ কৰিলে । যোৱা বৃহস্পতিবাৰে বিৰাট কোহলীয়ে আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩-ৰ লীগ পৰ্যায়ত পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়ত অপৰাজিত শতক অৰ্জন কৰিছিল ।

হিমাচল প্ৰদেশ ক্ৰিকেট এছ'চিয়েচন ষ্টেডিয়ামত দেওবাৰৰ মেচখনতো কোহলীয়ে পুনৰ এবাৰ নিজৰ দক্ষতা প্ৰদৰ্শন কৰে । লগতে চলিত ক্ৰিকেট বিশ্বকাপৰ লীগ মেচত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ সফল ৰাণ চেজৰ সময়ত নিউজীলেণ্ডৰ বলাৰৰ বাবে এক লৰাব নোৱাৰা শিলৰ দৰে থিয় হৈ আছিল । দায়িত্বশীল ৯৫ ৰাণৰ ইনিংছ উপহাৰ দিয়া কোহলীয়ে ভাৰতক কিৱি বাহিনীক চাৰি উইকেটত পৰাজিত কৰাত আৰু এই 'মাৰ্কি টুৰ্ণামেণ্ট'ত ভাৰতৰ অবিজিত ধাৰা অব্যাহত ৰখাত সহায় কৰে ।

ইফালে অধিনায়ক ৰোহিত শৰ্মাই কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে । "আমি তেওঁক বছৰ বছৰ ধৰি এনেদৰে প্ৰদৰ্শন কৰা দেখি আহিছোঁ । তেওঁ ইমান শান্ত মগজুৰে নিজৰ কাম সমাধা কৰিবলৈ আগবাঢ়ে যে সেয়া উল্লেখ নকৰি নোৱাৰি ।" দলৰ বিজয়ৰ পিছত ৰোহিত শৰ্মাই কয় । উল্লেখ্য যে কোহলীয়ে ভাৰতৰ এদিনীয়াত সফল ৰাণ-চেজত অভিলেখসংখ্যক ৯৬ টা ইনিংছ খেলিছে । তেওঁ তাৰে ভিতৰত ৪৮ টা ইনিংছত ৫০-তকৈ অধিক ৰাণৰ ইনিংছ উপহাৰ দিছে । ভাৰতৰ সফল ৰাণ-চেজত তেওঁৰ ২৩ টা শতক আৰু ২৫ টা অৰ্ধশতক আছে । সেয়েহে দিল্লীৰ এইগাৰাকী খেলুৱৈক ৰাণ অনুসৰণৰ সৈতে নিবিড় প্ৰেমৰ সম্পৰ্ক থকা বুলি কোৱা হয় ।

অৱশ্যে সফল ৰাণ চেজত কোহলী তিনিবাৰ ৯০ ৰাণৰ ঘৰত থমকি ৰৈছে । সেয়া হৈছে ২০১০ চনত মিৰপুৰত বাংলাদেশৰ বিৰুদ্ধে ৯১, ২০২৯ চনত বাৰ্মিংহামত বাংলাদেশৰ বিৰুদ্ধে অপৰাজিত ৯৬ ৰাণ আৰু চলিত বিশ্বকাপত ধৰ্মশালাত নিউজীলেণ্ডৰ বিৰুদ্ধে ৯৫ ৰাণত আউট ।

আনহাতে, ভাৰতে ধৰ্মশালাত ২৭৪ ৰাণৰ বিজয় লক্ষ্য অনুসৰণ কৰাটো হৈছে এদিনীয়া বিশ্বকাপৰ ইতিহাসত চতুৰ্থ সৰ্বাধিক ৰাণ অনুসৰণ । উল্লেখনীয়ভাৱে, এইবাৰৰ বিশ্বকাপত ভাৰতে চেন্নাইত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে, নতুন দিল্লীত আফগানিস্তানৰ বিৰুদ্ধে, আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে, পুনেৰ এমচিএ ষ্টেডিয়ামত বাংলাদেশৰ বিৰুদ্ধে আৰু ধৰ্মশালাত নিউজীলেণ্ডৰ বিৰুদ্ধে বিজয় লক্ষ্য অনুসৰণ কৰি আটাইকেইখন মেচতে জয়লাভ কৰিছে ।

ইফালে ভাৰতৰ প্ৰাক্তন খেলুৱৈসকলেও দেওবাৰে নিশা ধৰ্মশালাত বিৰাটৰ অনবদ্য ইনিংছটোৰ বাবে প্ৰশংসাৰে উপচাই পেলাইছিল । 'ৰাণ মেচিন' বিৰাট কোহলী ইতিমধ্যে ২০১১ চনত আইচিচি এদিনীয়া ক্ৰিকেট বিশ্বকাপ বিজয়ী ভাৰতীয় দলটোত আছিল । যদি ভাৰতে এইবাৰৰ এদিনীয়া বিশ্বকাপ ট্ৰফী দাঙিবলৈ সক্ষম হয়, তেন্তে বিৰাট কোহলীৰ ভূমিকা স্মৰণীয় হ'ব ।

লগতে পঢ়ক :World Cup 2023 : নিউজীলেণ্ডৰ বিৰুদ্ধে বিৰাটৰ বিজয়ী ইনিংছ, স্বামীৰ প্ৰদৰ্শনত আনন্দিত অনুষ্কা

ABOUT THE AUTHOR

...view details