অসম

assam

বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতেই খেল পথাৰত ওলাল সাপ

By

Published : Oct 2, 2022, 7:59 PM IST

Updated : Oct 2, 2022, 8:29 PM IST

barsapara cricket stadium

বৰ্ষাপাৰা খেল পথাৰত (Barsapara cricket stadium) ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতেই খেল পথাৰত ওলাল সাপ (snake in Barsapara cricket stadium) ৷

গুৱাহাটী, 2 অক্টোবৰ: খেল পথাৰত ওলাল সাপ । আচৰিত যেন লাগিলেও সঁচা । গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত (Barsapara cricket stadium) ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ ক্ৰিকেট খেলি চলি থকাৰ মাজতে খেলপথাৰত দেখিবলৈ পোৱা গ'ল এডাল সাপ (snake in Barsapara cricket stadium)। হঠাতে সাপ দেখা পাই সকলো আচৰিত হৈ পৰে আৰু কিছু সময়ৰ বাবে খেলত বাধাৰ সৃষ্টি হয় । সপ্তম অভাৰ চলি থকাৰ মাজতে খেল পথাৰত দেখা যায় সাপডাল (India South Africa T20 in Guwahati) ৷

অৱশ্যে লগে লগে সাপডালক খেলপথাৰৰ আঁতৰ কৰোৱা হয় । ইয়াৰ পাছত পুনৰ খেল আৰম্ভ হয় (Cricket match in Barsapara stadium)। এই ঘটনাটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ লগে লগে সকলোৰে এটাই কথা গুৱাহাটীত খেল হ'লে কিবা নহয় কিবা এটা হ'বই ।

বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেলৰ মাজতেই খেল পথাৰত ওলাল সাপ

উল্লেখ্য যে, সন্ধিয়া ৭ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় টী-২০ ক্ৰিকেট খেল । খেলখনৰ বাবে সংশ্লিষ্ট এলেকাত কটকটীয়া নিৰপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।

ইফালে টছত জয়ী হৈ প্ৰথমে বলিং কৰিছে দক্ষিণ আফ্ৰিকাই । প্ৰথমে বেট ধৰি ভাল প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৰোহিত বাহিনীয়ে । আঢ়ৈ বছৰৰ মূৰত গুৱাহাটীত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টী-২০ খেলখন প্ৰায় ৪১ হাজাৰ দৰ্শকে প্ৰত্যক্ষ কৰিছে । ইফালে মহাসপ্তমীৰ মাজতে অনুষ্ঠিত হোৱা খেলখনকলৈ গুৱাহাটীত ব্যাপক যান-জঁটৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক:মহাসপ্তমীৰ উচাহৰ মাজতে হাইভল্টেজ ক্ৰিকেট মেচ

Last Updated :Oct 2, 2022, 8:29 PM IST

ABOUT THE AUTHOR

...view details