অসম

assam

Mandhana Run Record T20 WC : চলিত টি-২০ বিশ্বকাপত স্মৃতি মান্ধানাৰ অভিলেখ

By

Published : Feb 21, 2023, 2:21 PM IST

স্মৃতি মান্ধানা মহিলা টি-২০ বিশ্বকাপ ২০২৩ ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটছমেন হিচাপে পৰিগণিত হৈছে (Top scorer at Womens T20 World Cup)। অষ্ট্ৰেলিয়াৰ খেলুৱৈ এলিছা হিলিকো অতিক্ৰম কৰিছে মান্ধানাই । আয়াৰলেণ্ডৰ বিৰুদ্ধে মান্ধানাই সোমবাৰে ৮৭ ৰাণ সংগ্ৰহ কৰিছিল ।

Mandhana Run Record T20 WC
চলিত টি-২০ বিশ্বকাপত স্মৃতি মান্ধানাৰ অভিলেখ

স্পৰ্টছ ডেস্ক,২১ ফেব্ৰুৱাৰী :দক্ষিণ আফ্ৰিকাত চলি আছে আইচিচি মহিলা টি-২০ বিশ্বকাপ ২০২৩ (Womens T20 World Cup 2023)। বিশ্বকাপত এতিয়ালৈ ভাৰতীয় মহিলা দলটোৱে উন্নত প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে । ইয়াৰ মাজতে ভাৰতীয় মহিলা দলটোৰ অন্যতম বেটছমেন স্মৃতি মান্ধানাই অভিলেখ সৃষ্টি কৰিছে (Mandhana Run Record in T20 WC)। চলিত প্ৰতিযোগিতাটোত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে মান্ধানাই অভিলেখ সৃষ্টি কৰিছে । অষ্ট্ৰেলিয়াৰ এলিছা হিলিকো (Alyssa Healy) অতিক্ৰম কৰিছে মান্ধানাই ।

উল্লেখ্য যে প্ৰতিযোগিতাৰ ১৮ সংখ্যক খেলখন ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত খেলা হৈছিল (India beat Ireland in Womens T20 World Cup)। ২০ ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰে অনুষ্ঠিত এই খেলখনত ভাৰতে আয়াৰলেণ্ডক ৫ ৰাণত পৰাস্ত কৰে । খেলখনত স্মৃতি মান্ধানাই আশ্চৰ্যজনক প্ৰদৰ্শন দেখুৱাইছে । মান্ধানাই খেলখনত সৰ্বাধিক ৮৭ ৰাণ সংগ্ৰহ কৰে । যাৰ ফলত টি-২০ বিশ্বকাপ ২০২৩ত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা খেলুৱৈ হিচাপে তেওঁ পৰিগণিত হৈছে ।

এই খেলখনত জয়ী হোৱাৰ লগে লগে ভাৰতীয় মহিলা দলটোৱে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে (India Womens enter semi final in T20 World Cup)। ভাৰতীয় মহিলা দলৰ স্মৃতি মান্ধানাই তেওঁৰ বেটিঙেৰে সুন্দৰ প্ৰদৰ্শন দেখুওৱাৰ লগতে দলটোক শক্তিশালী স্থিতিলৈ লৈ গৈছে ।

মান্ধানাই এতিয়ালৈকে চলিত টি-২০ বিশ্বকাপ টুৰ্ণামেণ্টত মাত্ৰ তিনিখন খেল খেলিছে । এই খেলবোৰত তেওঁ মুঠ ১৪৯ ৰাণ সংগ্ৰহ কৰিছে । একে সময়তে, মান্ধানা এতিয়া বিশ্বকাপ ২০২৩-ত সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হৈ পৰিছে (Highest run scorer in Womens T20 World Cup)। অষ্ট্ৰেলিয়াৰ এলিছা হিলিয়ে এতিয়ালৈকে তিনিখন খেলত ১৪৬ ৰাণ কৰিছে ।

ইয়াৰ উপৰিও নিউজিলেণ্ডৰ চুজি বেটছে ১৩৭ ৰাণ, ৱেষ্ট ইণ্ডিজৰ হেলি মেথিউছে ১৩০ ৰাণ আৰু ভাৰতৰ ৰিচা ঘোষে ১২২ ৰাণ সংগ্ৰহ কৰি শীৰ্ষ ৫ ত স্থান দখল কৰিছে । সোমবাৰৰ খেলখনত ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমে বেটিং কৰি ৬ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰে । য'ত ভাৰতীয় দলটোৰ হৈ স্মৃতি মান্ধানাই ৮৭ ৰাণ, শ্বাফালী বাৰ্মাই ২৪ ৰাণ আৰু জেমিমা ৰড্ৰিগছে ১৯ ৰাণ সংগ্ৰহ কৰে ।

প্ৰতিযোগিতাখনত গ্ৰুপ 'B'ত থকা ভাৰতীয় মহিলা দলটোৱে এতিয়ালৈ ৪ খন খেল খেলিছে (Team India at Womens T20 World Cup)। তাৰ ভিতৰত ১ খন খেলত পৰাস্ত হৈছে ভাৰতীয় দলটো । ৬ পইণ্টৰ সৈতে ভাৰতীয় দলটো গ্ৰুপ তালিকাত দ্বিতীয় স্থানত আছে ।

লগতে পঢ়ক :IND vs IRE T20 WC: আয়াৰলেণ্ডক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

ABOUT THE AUTHOR

...view details