অসম

assam

ICC World Cup 2023: স্পীনৰ বিপৰীতে চলিত বিশ্বকাপত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে পেচাৰে

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 9:14 PM IST

ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপ ২০২৩ৰ পূৰ্বে বেছিভাগ দলৰ বাবে স্পীনাৰসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছিল আৰু পিটচ সমূহে তেওঁলোকক সহায় কৰিব বুলি ধাৰণা কৰা হৈছিল ৷ কিন্তু এতিয়া এই ধাৰণা বিপৰীত হৈ পৰিছে ৷ প্ৰতিযোগিতাখনত এতিয়ালৈকে শীৰ্ষ দলসমূহৰ সফলতাৰ কাহিনীত পেচাৰসকলে নায়ক হিচাপে আত্মপ্ৰকাশ কৰিছে ৷

ICC World Cup 2023
বিশ্বকাপৰ চলিত সংস্কৰণত এটা নতুন ধাৰা দেখা গৈছে

স্পৰ্টছ ডেস্ক, 26 অক্টোবৰ : 2023 চনৰ এদিনীয়া বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিযোগিতাখনক কেন্দ্ৰ কৰি তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হৈছিল আৰু ভাৰতক হট ফেভাৰিট বুলি গণ্য কৰা হৈছিল ৷ কাৰণ পিটচসমূহে স্পীনাৰসকলৰ বাবে কিছু সহায় আগবঢ়োৱাৰ সম্ভাৱনা আছিল, যিটো ভাৰতীয় দলৰ বাবে এক শক্তিশালী ক্ষেত্ৰ ৷ লগতে স্পীনাৰ থকা দলসমূহে খিতাপ জয়ৰ বাবে অনুকূল আছিল আৰু বেছিভাগ পিটচেই স্পীন বলাৰসকলৰ বাবে কিছু সহায় আগবঢ়াইছিল ৷ ভাৰতৰ দলত কুলদীপ যাদৱ আৰু ৰবীন্দ্ৰ জাডেজাৰ দৰে খেলুৱৈৰ লগতে ৰবিচন্দ্ৰন অশ্বিন আছিল, যিয়ে এটা ভয়ংকৰ স্পীন ইউনিট গঠন কৰে ৷

কিন্তু বিশ্বকাপৰ চলিত সংস্কৰণত এটা নতুন ধাৰা দেখা গৈছে ৷ কাৰণ পেচাৰসকলে তেওঁলোকৰ দলৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ পইণ্ট তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে ভাৰতে আৰু পেচ বলিঙত যশপ্ৰীত বুমৰাহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ দ্বিতীয় স্থানত থকা দক্ষিণ আফ্ৰিকাৰ হৈ জেৰাল্ড ক’টজি, কেগিছ’ ৰাবাডা আৰু মাৰ্কো জান্সেনে দলটোৰ হৈ উইকেটৰ ডাঙৰ অংশ লৈ দুৰ্দান্ত বলিং কৰি আহিছে ৷

মিচেল ছেণ্টনাৰ আৰু আডাম জাম্পাই ক্ৰমে নিউজীলেণ্ড আৰু অষ্ট্ৰেলিয়া দলত বিপুল প্ৰভাৱ পেলাইছে, মেট হেনৰীয়ে নিউজীলেণ্ড দলত উল্লেখযোগ্য অৱদান আগবঢ়াইছে ৷

লগতে 2023 চনৰ বিশ্বকাপত সৰ্বাধিক উইকেট দখল কৰা শীৰ্ষ 10 জন বলাৰৰ তালিকাত আঠজন বেগী বলাৰ আছে, যিয়ে বলৰ সৈতে তেওঁলোকে এৰি থৈ যোৱা প্ৰভাৱৰ পৰিমাণ সূচায় ৷ পেচ ইউনিট আৰু বেছিভাগ দলৰ বাবে স্পীন বিভাগৰ প্ৰদৰ্শনৰ তুলনাত বেগী বলাৰসকলৰ তাৎপৰ্য্যও উজ্জ্বল কৰি তুলিছে ৷

এজন বলাৰৰ ষ্ট্ৰাইক ৰেট হ’ল তেওঁ এজন বেটছমেনক আউট কৰিবলৈ লোৱা ডেলিভাৰীৰ সংখ্যা আৰু সেই মেট্ৰিকত সকলো দলৰ পেচ বিভাগ আৰু স্পীন বিভাগৰ তুলনা কৰিলে দেখা যায় যে প্ৰতিযোগিতাখনত পেচাৰসকলে লোৱা মূল ভূমিকা ৷

পেচ বলিং ইউনিটৰ তুলনাত স্পীন বিভাগৰ ষ্ট্ৰাইক ৰেট উন্নত হোৱা একমাত্ৰ দল অষ্ট্ৰেলিয়া, নেদাৰলেণ্ড আৰু বাংলাদেশ ৷ ভাৰতৰ বাবে পেচ বিভাগৰ ষ্ট্ৰাইক ৰেট 26.9 হোৱাৰ বিপৰীতে স্পীনাৰসকলৰ ষ্ট্ৰাইক ৰেট সামূহিকভাৱে 40.44 ৷ দক্ষিণ আফ্ৰিকাৰ বাবে পেচ বিভাগৰ ষ্ট্ৰাইক ৰেট 23.45 হোৱাৰ বিপৰীতে স্পীন বিভাগৰ ষ্ট্ৰাইক ৰেট 36.5 ৷

তলত শীৰ্ষ তিনিটা দলৰ পেচ আৰু স্পীন বিভাগৰ প্ৰদৰ্শনৰ তুলনা কৰা হৈছে-

Team Matchers Innings Wickets Economy Average Strike Rate WK%
South Africa Pace 5 5 38 6.22 24.32 23.45 82.6
Spin 8 4.66 28.38 36.5 17.4
India Pace 5 5 30 5.37 24.07 26.9 65.21
Spin 16 4.35 29.31 40.44 34.79
New Zealand Pace 5 5 26 5.1 25.19 29.65 59.09
Spin 18 5.05 28.22 33.56 40.91

প্ৰতিযোগিতাখনৰ শীৰ্ষ পাঁচজন উইকেট দখল কৰা বেগী বলাৰ আৰু স্পীনাৰৰ ওপৰত চকু ফুৰালেও ভাৰতীয় পিটচক স্পীনাৰৰ অনুকূল বুলি কোৱা নিয়মৰ ওলোটা ৰূপ দেখা যায় ৷ মিচেল ছেণ্টনাৰ আৰু আডাম জাম্পাৰ বাহিৰে কোনো স্পীনাৰৰ হাতত 10 বা তাতকৈ অধিক উইকেট নাই যদিও 7 জন পেচাৰে কমেও 10 টা উইকেট দখল কৰিছে ৷ ষ্ট্ৰাইক ৰেটেও ইয়াক সমৰ্থন কৰে কাৰণ 7 জন বলাৰৰ ষ্ট্ৰাইক ৰেট প্ৰায় 25 বা তাতকৈ কম আনহাতে জাম্পা আৰু ছেণ্টনাৰৰ বাহিৰে পাঁচজনৰ ষ্ট্ৰাইক ৰেট 26 তকৈ অধিক ৷

Top five fast bowlers in WC 2023 Top five spin bowlers in WC 2023
Players Innings Wickets Economy Average Strike Rate Players Innings Wickets Economy Average Strike Rate
D Madushanka (SL) 5 11 6.17 23 22.36 A Zampa (AUS) 5 13 5.92 17.77 18
JJ Bumrah (IND) 5 11 3.81 16.27 25.64 MJ Santner (NZ) 5 12 4.26 16.92 23.83
G Coetzee (SA) 4 10 7.16 22.20 18.6 Kuldeep Yadav (IND) 5 8 4.74 29.62 37.5
K Rabada (SA) 5 10 5.36 21.9 24.5 A Dutt (NED) 5 7 5.52 33.14 36
M Jansen (SA) 5 10 6.5 24.7 22.8 KA Maharaj (SA) 5 7 4.61 27 35.14

যদিও প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে ধাৰণা কৰা হৈছিল যে ভাৰতীয় পিটচত স্পীনাৰে শাসন কৰিব ৷ কিন্তু এতিয়া পেচাৰসকলে বলৰ সৈতে নিজৰ নিজৰ দলৰ বাবে জিলিকি উঠিছে ৷ যশপ্ৰীত বুমৰাহ হওক, জেৰাল্ড ক’ৰ্টজী হওক বা মেট হেনৰীয়ে হওক এই সকলোৱেই বিশ্বকাপত নিজৰ জাতীয় দলৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক :ICC World cup 2023 : বিশ্বকাপত বিপৰ্যয় অব্যাহত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ, বেংগালুৰুত শ্ৰীলংকাৰ হাতত 8 উইকেটত পৰাস্ত

ABOUT THE AUTHOR

...view details