অসম

assam

প্ৰতিটো ফৰমেটত ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ক্ৰিকেটাৰ বিৰাট কোহলি

By

Published : Dec 6, 2021, 1:46 PM IST

সোমবাৰে ক্ৰিকেটৰ প্ৰতিটো ফৰমেটতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ জয় কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ'ল ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি (Virat Kohli sets New Record) । ভাৰত-নিউজিলেণ্ডৰ মাজৰ দুখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে নিউজিলেণ্ডক ৩৭২ ৰাণত পৰাস্ত কৰে(India defeated New Zealand by 372 runs) ।

Kohli becomes first player to win 50 international matches in each format
৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ বিজয়ী প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি

স্পৰ্টছ ডেস্ক, ৬ ডিচেম্বৰ: সোমবাৰে ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত ভাৰত বনাম নিউজিলেণ্ডৰ দ্বিতীয়খন টেষ্ট মেছত ভাৰতে নিউজিলেণ্ডক পৰাস্ত কৰাৰ পাচতে বিৰাট কোহলীয়ে গঢ়িলে এক নতুন ৰেকৰ্ড ৷ ক্ৰিকেটৰ প্ৰতিটো ফৰমেটতে ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচ জয় কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰ হিচাপে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলিয়ে (Virat Kohli sets New Record) ।

সোমবাৰে ভাৰত-নিউজিলেণ্ডৰ মাজৰ দুখন খেলৰ শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে নিউজিলেণ্ডক ৩৭২ ৰাণৰ ব্যৱধানত পৰাজিত কৰে । এই জয়ৰ পাচতে ভাৰতীয় দলটো আইচিচি টেষ্ট ৰেংকিঙৰ প্ৰথন স্থান দখল কৰিবলৈ সক্ষম হৈছে । নিউজিলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ শৃংখলাত ১-০ত ভাৰতে জয় নিশ্চিত কৰিছে ।

এতিয়া কোহলিৰ নেতৃত্বত ভাৰতীয় দলটোৱে ২৬ ডিচেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হ'বলগীয়া তিনিখন টেষ্ট আৰু তিনিখন এদিনীয়া খেলত অংশগ্ৰহণ কৰিব । খেলৰ প্ৰতিটো ফৰ্মেটতে খেলি ৫০ খন আন্তঃৰাষ্ট্ৰীয় মেচত জয় লাভ কৰা প্ৰথমজন খেলুৱৈগৰাকীক বিচিচিআইয়ে টুইটযোগে শুভেচ্ছা জনায় ।

দ্বিতীয় টেষ্ট মেচৰ চতুৰ্থ দিনটোত ৫টা উইকেট আৰু ১৪০ ৰাণৰ পৰা নিউজিলেণ্ডে আৰম্ভণি কৰে । চতুৰ্থ দিনটোত নিউজিলেণ্ড ১৬৭ ৰাণত অলআউট হয় । ভাৰতে ৩৭২ ৰাণৰ ব্যৱধানত জয় লাভ কৰে ।

ভাৰতৰ জয়ন্ত যাদৱে উইকেট লোৱাৰ পূৰ্বে নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ আৰু আৰু হেনৰী নিকোলছে যুটীয়াভাৱে মাথোঁ ২২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী অভাৰত জয়ন্ত যাদৱে কাইল জামেইছন আৰু টিম ছাউথীৰ উইকেট লয় আৰু মুঠ ৪টা উইকেট লাভ কৰে ।

লগতে পঢ়ক:Jaspreet Bumrah Birthday : পত্নী সঞ্জনাৰ দ্বাৰা Bowled হ’ল বিশ্বৰ অন্যতম শীৰ্ষ বলাৰগৰাকী

ABOUT THE AUTHOR

...view details