অসম

assam

30 টা বসন্ত গৰকিলে ইংলেণ্ডৰ দুৰ্দান্ত অল ৰাউণ্ডাৰ বেন ষ্টোকচে

By

Published : Jun 4, 2021, 7:11 PM IST

৩০ বছৰত ভৰি দিলে ইংলেণ্ড ক্ৰিকেট দলৰ অন্যতম অল ৰাউণ্ডাৰ তথা বিশ্বজুৰি চৰ্চিত খেলুৱৈ বেন ষ্টোকচে । বিশ্বজুৰি তেওঁৰ অনুৰাগীয়ে জনালে খেলুৱৈ গৰাকীক শুভেচ্ছা ।

0TH BIRTHDAY OF BEN STOKE
ইংলেণ্ডৰ দুধৰ্ষ অল ৰাউণ্ডাৰ বেন ষ্টোকচৰ জন্মদিন

স্পৰ্টছ ডেস্ক, ৪ জুন :বিশ্বৰ দুধৰ্ষ বেটছমেন সকলৰ কথা সুধিলে হয়টো বহুতৰে মুখৰ পৰা ওলাব ইংলেণ্ডৰ বেন ষ্টোকচৰ নাম । শেহতীয়া কেইটামান বছৰত আইপিএল বা টি-২০ ক্ৰিকেটত দুধৰ্ষ প্ৰদৰ্শন কৰি বহু নৱ প্ৰজন্মৰ প্ৰিয় খেলুৱৈ হৈ পৰিছে বেন ষ্টোকচ । এইগৰাকী খেলুৱৈয়ে ভৰি দিলে ৩০ বছৰত । খেলুৱৈ গৰাকীৰ জন্মদিনত বিভিন্ন মাধ্যমত বিশ্বজুৰি তেওঁৰ অনুৰাগীয়ে জনাইছে শুভেচ্ছা ।

১৯৯১ চনৰ ৪ জুনত নিউজিলেণ্ডৰ ক্ৰিষ্টচাৰ্চত জন্মগ্ৰহণ কৰিছিল বেন ষ্টোকছে আৰু তেওঁৰ পিতৃ জেৰাৰ্ড ষ্টোকচক এটা ৰাগবী ক্লাবৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিছত ১২ বছৰ বয়সতে বেন ষ্টোকচ ইংলেণ্ডলৈ যায় । অৱশ্যে, তেওঁৰ পৰিয়াল নিউজিলেণ্ডলৈ ঘূৰি যোৱাৰ পিছতো, ষ্টোকচে ইংলেণ্ডৰ হৈ ক্ৰিকেট খেলাৰ সপোন মনত পুহি ৰাখিছিল ।

ইংলেণ্ডৰ দুধৰ্ষ অল ৰাউণ্ডাৰ বেন ষ্টোকচৰ জন্মদিন

অৱশেষত তেওঁ ২০১১ চনত আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেলত ইংলেণ্ডৰ হৈ প্ৰথমখন খেলৰ জৰিয়তে তেওঁৰ সপোন বাস্তৱত ৰূপায়ণ কৰে । ইয়াৰ এমাহ পিছত তেওঁ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ত আত্মপ্ৰকাশ কৰে । প্ৰায় ২ বছৰৰ অন্তত অল ৰাউণ্ডাৰ বেন ষ্টোকচে ২০১৩-১৪ চনৰ ঐতিহাসিক এছেজ মেচ শৃংখলাত তেওঁ প্ৰথম টেষ্ট খেলিছিল । এনেদৰে ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা খেলুৱৈ গৰাকীয়ে কিছুমান এনেকুৱা প্ৰদৰ্শন দেখুৱাইছে যাৰ বাবে এতিয়া বিশ্বৰ বহুতৰে প্ৰিয় বেন ষ্টোকচ ।

তেওঁৰ কেৰিয়াৰৰ অতি দৰ্শনীয় খেলবোৰৰ ভিতৰত অন্যতম আছিল ২০১৯ চনৰ বিশ্বকাপ ফাইনেল । য'ত অল ৰাউণ্ডাৰজনে নিউজিলেণ্ডৰ বিৰুদ্ধে নিজৰ উইকেট নেহেৰুৱাকৈ ৮৪ ৰাণ সংগ্ৰহ কৰিছিল । ১৯৯২ চনৰ পিছত ইংলেণ্ড দলটোৱে খেলা এইখন প্ৰথম ফাইনেল আছিল । এই ফাইনেলখনত জছ বাটলাৰৰ সৈতে বেন ষ্টোকচে এক ঐতিহাসিক ইনিঙছ খেলিছিল । এই ইনিঙছৰ বাবে আজিও বেন ষ্টোকচ বিশ্বজুৰি চৰ্চিত ।

কেৱল এয়াই নহয় এনেধৰণৰ বহু খেল আছে য'ত বেন ষ্টোকচ খেল পথাৰৰ নায়ক হিচাপে পৰিগণিত হৈছে । এই মহান খেলুৱৈ গৰাকীৰ জন্মদিনত ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো বহুত বহুত শুভেচ্ছা ।

লগতে পঢ়ক:পুনৰ চিকিৎসাধীন ক্ৰীড়া তাৰকা মিলখা সিং

ABOUT THE AUTHOR

...view details