অসম

assam

বিজয়ী ভাৰতীয় দলক ৫ কোটিৰ ব'নাছ ঘোষণা বিচিচিআইৰ

By

Published : Jan 19, 2021, 7:11 PM IST

অষ্ট্ৰেলিয়াই বান্ধি দিয়া ৩২৮ ৰাণৰ লক্ষ্য় আগত লৈ ভাৰতীয় দলৰ 'ঐতিহাসিক জয়' । ৩২ বছৰীয়া ইতিবাস ভংগ কৰা ভাৰতীয় দলটোৰ বাবে ৫ কোটি টকাৰ ব'নাছ ঘোষণা বিচিচিআইৰ ।

বিজয়ী ভাৰতীয় দলক ৫ কোটিৰ ব'নাছ ঘোষণা বিচিচিআইৰ
বিজয়ী ভাৰতীয় দলক ৫ কোটিৰ ব'নাছ ঘোষণা বিচিচিআইৰ

স্পৰ্টছ ডেস্ক , ১৯ জানুৱাৰী : অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ চতুৰ্থখন টেষ্ট জয়ৰ পিছতে বিচিচিআইৰ গুৰুত্বপূৰ্ণ ঘোষণা । অন্তিমখন টেষ্টত বিজয় সাব্য়স্ত কৰি "ব'ৰ্ডাৰ গাভাস্কাৰ" ট্ৰফী নিজৰ হাতলৈ অনা ভাৰতীয় দলটোক ৫ কোটি টকাৰ ব'নাছ দিয়াৰ ঘোষণা কৰে বৰ্ড অব কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া চমুকৈ বিচিচিআইয়ে ।

বিচিচিআইৰ অধ্য়ক্ষ তথা ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাঙ্গুলী আৰু সচিব জয় শ্বাহে অষ্ট্ৰেলিয়া দলৰ বিৰুদ্ধে ভাৰতীয় দলৰ এই 'ঐতিহাসিক জয়'ৰ পিছতে টুইট কৰি ব'নাছৰ কথা ঘোষণা কৰে । দুয়োগৰাকীয়ে ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে দেশবাসী তেওঁলোককলৈ গৌৰৱান্বিত বুলিও জনাই ।

ইফালে এই শৃংখলাৰ সময়ত ভাৰতৰ কেইবাগৰাকী গুৰুত্বপূৰ্ণ খেলুৱৈ আঘাটপ্ৰাপ্ত হোৱাৰ পিছতো অজিঙ্কা ৰাহানেৰ নেতৃত্বৰ দলটোৱে এই বিজয় সাব্য়স্ত কৰাত দলটোক বিভিন্ন বিশেষণেৰে সম্ভাষণ জনালে দুয়োগৰাকী বিষয়াই ।

লগতে পঢ়ক :ভাৰত বনাম অষ্ট্ৰেলিয়া : ভাৰতৰ ‘ঐতিহাসিক জয়’ৰ পাচত তেণ্ডুলকাৰ,ছেহৱাগৰ প্ৰশংসা

ABOUT THE AUTHOR

...view details