অসম

assam

Border Gavaskar trophy 2023 : অপ্ৰতিৰোধ্য ৰোহিত বাহিনী

By

Published : Feb 19, 2023, 4:58 PM IST

Updated : Feb 19, 2023, 9:11 PM IST

ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্ট দিল্লীত অনুষ্ঠিত হৈছিল (IND vs AUS second test 2023)। ভাৰতে ৬ উইকেটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে । ৪ খন টেষ্টৰ শৃংখলাত ২-০ৰে ভাৰতে অগ্ৰগতি লাভ কৰি আছে ।

Border Gavaskar trophy 2023
অপ্ৰতিৰোধ্য ৰোহিত বাহিনী

স্পৰ্টছ ডেস্ক,১৯ ফেব্ৰুৱাৰী :ব'ৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ দ্বিতীয়খন টেষ্টত ভাৰতৰ বৃহৎ জয় (India won second test against Australia)। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত চাৰিখন টেষ্টৰ শৃংখলাটোৰ দ্বিতীয়খন খেলতো ভাৰত জয়ী হৈ ২-০ ৰে অগ্ৰগতি লাভ কৰিছে । অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত ৩১.১ অভাৰত মাত্ৰ ১১৩ ৰাণতে অল আউট হৈছিল ।

ভাৰতে চাৰিটা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ ১১৪ ৰাণৰ লক্ষ্য সম্পূৰ্ণ কৰে (India won 2nd test of Border Gavaskar trophy)। ভাৰতে ১১৮ ৰাণ সংগ্ৰহ কৰিছিল । চেতেশ্বৰ পুজাৰাই ৩১ ৰাণ আৰু কে এছ ভাৰতে ২৩ ৰাণ সংগ্ৰহ কৰিছিল ।

দ্বিতীয় ইনিংছতে অপেনাৰ কে এল ৰাহুলে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে (KL Rahul score in second test against Australia)। তেওঁক নাথান লিয়নে এক ৰাণতে আউট কৰে । ৰাহুলে মাত্ৰ তিনিটা বলৰ সন্মুখীন হয় । আনহাতে অন্তিম পৰ্যায়লৈ ফিল্ডত থকা চেতেশ্বৰ পুজাৰাই ৩১ ৰাণ আৰু কে এছ ভাৰতে ২৩ ৰাণ সংগ্ৰহ কৰে । একে সময়তে অধিনায়ক ৰোহিত শৰ্মাই ৩১ ৰাণ, বিৰাট কোহলীয়ে ২০ আৰু শ্ৰেয়াছ আয়াৰে ১২ ৰাণ সংগ্ৰহ কৰে । নাথান লিয়নে দুটা আৰু টড মাৰ্ফি আৰু এলেক্স কেৰীয়ে ১ টাকৈ উইকেট দখল কৰে ।

আনহাতে ভাৰতৰ স্পিনাৰৰ যাদু অব্যাহত আছে । আৰ অশ্বিনে তিনিটা উইকেট দখল কৰে (Ashwin total wicket at second test against Aus)। অশ্বিনে ট্ৰেভিছ হেডক আউট কৰে । হেডে অষ্ট্ৰেলিয়াৰ হৈ ইনিংছটোত সৰ্বাধিক ৪৬ টা বলত ৪৩ ৰাণ কৰে । তেওঁ ইনিংছটোত সময়ত ৬ টা চাৰি আৰু এটা ছয় মাৰিছিল । প্ৰথম ইনিংছত হেড মহম্মদ ছামীৰ চিকাৰ হৈছিল । প্ৰথম ইনিংছত হেডে ৩০ টা বলত ১২ ৰাণ সংগ্ৰহ কৰিছিল । ইফালে ষ্টিভ স্মিথকো অশ্বিনে আউট কৰে । স্মিথ এলবিডব্লিউ আউট হয় । অশ্বিনে মেট ৰেনশ্ব'ৰ উইকেটও দখল কৰে ।

আনহাতে ৰবীন্দ্ৰ জাদেজাই খেলখনত ৭ টাকৈ উইকেট দখল কৰে (Jadeja at 2nd test of Border Gavaskar trophy)। জাদেজাই খেলখনৰ দ্বিতীয় ইনিংছত প্ৰথমে উছমান খাৱাজাকো পেভিলিয়নলৈ পঠিয়ায় । খাৱাজাৰ পাছত জাদেজাই মাৰ্নাছ লাবুচাগেন (৩৫), পিটাৰহেণ্ডচ কম্ব (০) আৰু অধিনায়ক পেট কামিন্স (০), এলেক্স কেৰী (৭), নাথান লিয়ন (৮) আৰু মেথিউ কুহনেমানক (০) আউট কৰে । ইনিংছটো টড মাৰ্ফি (৩) অপৰাজিত হৈ আছিল ।

অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ২৬৩ ৰাণ সংগ্ৰহ কৰিছিল । উছমান খাৱাজাই ১২৫ টা বলত ৮১ ৰাণ সংগ্ৰহ কৰিছিল । একে সময়তে, পিটাৰহেণ্ডস্কবে ৭২ ৰাণৰ অপৰাজিত ইনিংছ খেলিছিল । ডেভিদ ৱাৰ্ণাৰ (১৫), মাৰ্নাছ লাবুচাগেন (১৮), ষ্টিভ স্মিথ (০), ট্ৰেভিছ হেড (১২), এলেক্স কেৰী (০), পেট কামিন্স (৩৩), টড মাৰ্ফি (১০), নাথান লিয়ন (১০), মেথিউ কুহনেমান (৬)।

খেলখনৰ দ্বিতীয় দিনা ভাৰতৰ প্ৰথম ইনিংছ ২৬২ ৰাণতে সমাপ্ত হয় (IND vs AUS test 2023)। অলৰাউণ্ডাৰ অক্ষৰ পেটেলে সৰ্বাধিক ৭৪ ৰাণ সংগ্ৰহ কৰে । বিৰাট কোহলীয়ে আনকি ঘৰুৱা খেলপথাৰত অৰ্ধশতক সম্পূৰ্ণ কৰিব নোৱাৰিলে । কোহলীয়ে ৪৪ ৰাণ সংগ্ৰহ কৰে । অধিনায়ক ৰোহিত শৰ্মা (৩২), কে এল ৰাহুল (১৭), চেতেশ্বৰ পুজাৰা (০), শ্ৰেয়াছ আয়াৰ (৪), ৰবীন্দ্ৰ জাদেজা (২৬), কে এছ ভাৰত (৬), ৰবিচন্দ্ৰন অশ্বিন (৩৭), মহম্মদ ছামী (২) আৰু মহম্মদ চিৰাজ (১) অপৰাজিত হৈ আছিল ।

লগতে পঢ়ক :ICC T20 Womens WC : ইংলেণ্ডৰ বিৰুদ্ধে 11 ৰাণত পৰাস্ত ভাৰত

Last Updated :Feb 19, 2023, 9:11 PM IST

ABOUT THE AUTHOR

...view details