স্পৰ্টছ ডেস্ক,৩০ অক্টোবৰ : চলিত বিশ্বকাপ ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডৰ বাবে হতাশাজনক হৈ পৰিছে । ভাৰতৰ বিৰুদ্ধে দেওবাৰে পৰাজিত হোৱাৰ পাছত দলটোৰ বাবে আৰু অধিক উদ্বেগৰ সৃষ্টি হৈছে । কাৰণ দলটো যদি বিশ্বকাপৰ পইণ্ট তালিকাৰ শীৰ্ষ আঠটা স্থানত নাথাকে তেনেহ'লে তেওঁলোকে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবেও যোগ্যতা অৰ্জন কৰিব নোৱাৰিব ।
সম্প্ৰতি পইণ্ট তালিকাৰ একেবাৰে তলত থকা ইংলেণ্ডৰ প্ৰদৰ্শনক লৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে । বহুতে দলটোৰ খেলুৱৈসকলক সমালোচনা কৰিছে । ইংলেণ্ড দলৰ মেনেজাৰ, প্ৰশিক্ষক আৰু খেলুৱৈসকলে ৫০ অভাৰৰ ক্ৰিকেটত দুৰ্বল প্ৰদৰ্শনৰ বাবে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে । বিশেষকৈ ২০১৯ চনৰ বিশ্বকাপ বিজয়ী অধিনায়ক অইন মৰ্গানে সংবাদ মাধ্যমত কৈছে যে ড্ৰেছিং ৰুমত কিবা ভুল আছে যাৰ বাবে বিশ্বকাপত একেৰাহে দলটোৱে পৰাজয়ৰ সন্মুখীন হৈছে । অইন মৰ্গানৰ মতে শিবিৰত বিভাজনৰ ফলত বেটিং আৰু বলিং দুয়োটা ক্ষেত্ৰতে প্ৰতিভাশালী খেলুৱৈসকলৰ সামূহিক বিফলতা ঘটিছে ।
অৱশ্যে এই সন্দৰ্ভত ইংলেণ্ড দলটোৰ মুখ্য প্ৰশিক্ষক মেথিউ মটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । অৰ্হতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্য প্ৰশিক্ষক মেথিউ মটে কয় যে তেওঁ অৰ্হতাৰ বিষয়ে কিছু সময় পূৰ্বেহে জানিব পাৰিছিল । যিহেতু আইচিচিয়ে অৰ্হতাৰ নিয়মবোৰ অলপ সলনি কৰিছে । তেওঁৰ মতে সঁচা অৰ্থত এইটোৱে দলটোত কোনো প্ৰভাৱ নেপেলাব ।
তেওঁ স্বীকাৰ কৰিছে যে দলটোৰ প্ৰদৰ্শন উন্নীত কৰাৰ প্ৰয়োজন আছে । তেওঁৰ মতে তালিকাৰ ওপৰলৈ যাব নোৱাৰিলেও আহি থকা খেলবোৰত জয়ী হ'ব লাগিব । শেষৰ কেইখনমান খেল শক্তিশালী দলৰ বিৰুদ্ধে খেলিব । সেয়েহে দলটোৱে কেনেদৰে পুনৰ সংগঠিত হৈ সেই খেলবোৰত উন্নত প্ৰদৰ্শন কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে বুলি প্ৰশিক্ষকগৰাকীয়ে দাবী কৰে ।