ETV Bharat / sports

ICC World Cup 2023 : ৰোহিত শৰ্মালৈ চলিত বিশ্বকাপৰ দ্বিতীয়টো মেন অফ দ্য মেচ

author img

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 11:45 AM IST

চলিত বিশ্বকাপত ৰোহিত শৰ্মাৰ বিধ্বংসী ৰূপ অব্যাহত আছে । ইংলেণ্ডৰ বিৰুদ্ধে আকৰ্ষণীয় ৮৭ ৰাণৰ সৈতে তেওঁ দ্বিতীয়টো মেন অফ দ্য মেচ বঁটা লাভ কৰে । বিশ্বকাপত এতিয়ালৈ ৭ টা মেন অফ দ্য মেচৰ বঁটা লাভ কৰিছে ।

ICC World Cup 2023
ৰোহিত শৰ্মালৈ চলিত বিশ্বকাপৰ দ্বিতীয়টো মেন অফ দ্য মেচ

স্পৰ্টছ ডেস্ক,৩০ অক্টোবৰ : শক্তিশালী ফৰ্মত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা । দেওবাৰে ইংলেণ্ডৰ বিৰুদ্ধে পুনৰ এবাৰ দলটোক সন্মুখৰ পৰা নেতৃত্ব দিলে । যাৰ বাবে ভাৰতীয় দলটোৱে আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩ৰ লীগ পৰ্যায়ৰ খেলখনত ডিফেণ্ডিং চেম্পিয়ন ইংলেণ্ডক ১০০ ৰাণত পৰাস্ত কৰিবলৈ সক্ষম হ'ল ।

ৰোহিত শৰ্মাৰ ৮৭ ৰাণৰ সৈতে ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে ২২৯/৯ ৰ সন্মানজনক স্ক'ৰ কৰে । তাৰ পাছতে ভাৰতীয় বলাৰসকলে ইংলেণ্ডক মাত্ৰ ১২৯ ৰাণতে পেভিলিয়নৰ পথ দেখুৱায় । ভাৰতীয় দলটোৰ বাবে এয়া এক স্মৰণীয় জয় হিচাপে পৰিগণিত হৈছে । ইয়াৰ লগে লগে প্ৰতিযোগিতাত একেৰাহে ৬ খন খেলত জয়ী হৈ ভাৰতীয় দলটোৱে ছেমি ফাইনেলত প্ৰায় স্থান নিশ্চিত কৰে ।

ইফালে অধিনায়ক ৰোহিত শৰ্মাক প্লেয়াৰ অফ দ্য মেচ বঁটা প্ৰদান কৰা হয় । ৬ খন খেলৰ ভিতৰত এয়া তেওঁৰ দ্বিতীয়টো প্লেয়াৰ অফ দ্য মেচ বঁটা । মুম্বাইৰ অপেনাৰজনে এদিনীয়া বিশ্বকাপত তেওঁৰ সপ্তম মেন অৱ দ্য মেচ বঁটা লাভ কৰে । এতিয়ালৈ এদিনীয়া বিশ্বকাপৰ ইতিহাসত ৯ টা মেন অৱ মেচ বঁটা লাভ কৰি শীৰ্ষস্থানত আছে শচীন তেণ্ডুলকাৰ । তেণ্ডুলকাৰ সমকক্ষ হ'বলৈ ৰোহিতক আৰু মাত্ৰ দুটা প্লেয়াৰ অফ দ্য মেচ বঁটাৰ প্ৰয়োজন হ'ব ।

যি সময়ত ৰোহিতে অধিনায়ক হিচাপে দুটা মেন অফ দ্য মেচ বঁটা লাভ কৰিছে প্ৰতিযোগিতাখনত আন অধিনায়কসকলে মাত্ৰ এটা হে মেন অফ দ্য মেচ বঁটা লাভ কৰিছে । তেনেস্থলত ই ৰোহিতৰ সম্পূৰ্ণ আধিপত্য প্ৰদৰ্শন কৰে । নতুন দিল্লীৰ কোটলাত আফগানিস্তানৰ বিৰুদ্ধে মেচ বিজয়ী ১৩১ ৰাণ সংগ্ৰহ কৰা ৰোহিতে এই টুৰ্ণামেণ্টত তেওঁৰ প্ৰথম মেন অৱ দ্য মেচ বঁটা লাভ কৰিছিল ।

দেওবাৰে মেন অফ দ্য মেচ বঁটা ৰোহিতৰ বাবে আৰু অধিক গুৰুত্বপূৰ্ণ । কিয়নো অধিনায়ক হিচাপে ৰোহিতৰ এইখন ১০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ আছিল । চেপকত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰম্ভণি খেলখনত বিফলতাক বাদ দি ৰোহিত শৰ্মাই দলটোক আক্ৰমণাত্মক আৰম্ভণি প্ৰদান কৰি আহিছে ।

ইফালে ইংলেণ্ডৰ বিৰুদ্ধে খেলখনত ৰোহিত শৰ্মাই ১৮,০০০ আন্তঃৰাষ্ট্ৰীয় ৰাণো অতিক্ৰম কৰে । এতিয়ালৈকে ৩৯৮ ৰাণ সংগ্ৰহ কৰা ৰোহিত বিশ্বকাপত তৃতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী আৰু দক্ষিণ আফ্ৰিকাৰ কুইন্টন ডি কক (৪১৩ ৰাণ) প্ৰথম স্থানত আৰু নিউজিলেণ্ডৰ ৰাচিন ৰবীন্দ্ৰ (৪০৬ ৰাণ)ৰ সৈতে দ্বিতীয় স্থানত আছে । ৰোহিতে পৰৱৰ্তী ২ নৱেম্বৰত শ্ৰীলংকাৰ বিৰুদ্ধে আইকনিক ৱানখেড়ে ষ্টেডিয়ামত ঘৰুৱা দৰ্শকৰ সন্মুখত খেলিব আৰু তেওঁ মেন ইন ব্লুক ভাল আৰম্ভণি দিব বুলি আশা কৰা হৈছে ।

এদিনীয়া বিশ্বকাপত সৰ্বাধিক মেন অফ দ্য মেচ বঁটা :

৯ - শচীন তেণ্ডুলকাৰ (৪৫ খন মেচ)

৭* - ৰোহিত শৰ্মা (২৩ খন মেচ)

৬ - গ্লেন মেকগ্ৰাথ (৩৯ খন মেচ)

৫ - লেন্স ক্লুজনাৰ (১৪ খন মেচ)

৫ - গ্ৰাহাম গুচ (২১ খন মেচ)

৫ - ভিভ ৰিচাৰ্ডছ (২৩ খন মেচ)

৫ - এবি ডি ভিলিয়াৰ্ছ (২৩ খন মেচ)

৫* - ডেভিদ ৱাৰ্ণাৰ (২৪ খন মেচ)

৫ - সনথ জয়সূৰ্য (৩৮ খন মেচ)

বিশ্বকাপ ২০২৩ত ভাৰতৰ হৈ মেন অফ দ্য মেচ বঁটা :

কে এল ৰাহুল - বনাম অষ্ট্ৰেলিয়া, চেন্নাই

ৰোহিত শৰ্মা - বনাম আফগানিস্তান, নতুন দিল্লী

যশপ্ৰীত বুমৰাহ - বনাম পাকিস্তান, আহমেদাবাদ

বিৰাট কোহলী - বনাম বাংলাদেশ - পুনে

মহম্মদ ছামী - বনাম নিউজিলেণ্ড, ধৰ্মশালা

ৰোহিত শৰ্মা - বনাম ইংলেণ্ড, লক্ষ্ণৌ

লগতে পঢ়ক :ICC World Cup 2023: আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত 18 হাজাৰ ৰাণৰ মাইলৰ খুঁটি অতিক্ৰম ৰোহিত শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.