অসম

assam

Dhoni on 2011 WC Final Match: বিশ্বকাপ 2011 ৰ ফাইনেলৰ শেষৰ 20 মিনিটক কেৰিয়াৰৰ শ্ৰেষ্ঠ মুহূৰ্ত অভিহিত এম এছ ধোনীৰ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 9:54 PM IST

মহেন্দ্ৰ সিং ধোনীয়ে তেওঁৰ এটা সাক্ষাৎকাৰত ২০১১ চনৰ বিশ্বকাপৰ চূড়ান্ত খেলখনৰ কথা উল্লেখ কৰিছে । তেওঁ মেচখন জয় কৰাৰ আগৰ ২০ মিনিট সময়ক বিশেষ মুহূৰ্ত বুলি অভিহিত কৰে ।

Dhoni on 2011 WC Final Match
মহেন্দ্ৰ সিং ধোনী

স্পৰ্টছ ডেস্ক, 29 অক্টোবৰ : ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী আৰু 2011 চনৰ বিশ্বকাপ কোনে পাহৰিব পাৰে ? মহেন্দ্ৰ সিং ধোনিৰ নাম যেতিয়াই লোৱা হ'ব তেতিয়াই ইয়াৰ লগতে 2011 চনৰ এদিনীয়া বিশ্বকাপৰ চূড়ান্ত খেলখনৰ ছয় আৰু ট্ৰফীও মনলৈ আহিব ৷ শেহতীয়া এক সাক্ষাৎকাৰতো ধোনীয়ে এই মুহূৰ্তবোৰৰ কথা উল্লেখ কৰিছে ৷ ধোনীক কেৰিয়াৰৰ যিকোনো বিশেষ মুহূৰ্তৰ কথা সোধাত তেওঁ 2011 চনৰ বিশ্বকাপৰ ফাইনেল মেচৰ কথা উল্লেখ কৰে ৷

তেওঁ কয় যে, "মোৰ কেৰিয়াৰৰ সৰ্বোত্তম মুহূৰ্ত আছিল 2011 চনৰ বিশ্বকাপ জয় কৰাৰ পূৰ্বৰ 20 মিনিট ৷ যেতিয়া ভাৰত যে জয়ী হ’ব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছিল ৷ তাৰ পাছত ৱাংখেড়ে ষ্টেডিয়ামৰ সকলো দৰ্শকে ‘বন্দে মাতৰম’ গাবলৈ আৰম্ভ কৰিলে ৷ সেইটো তেতিয়াৰ এক বিশেষ অনুভৱ আছিল ৷ স্পষ্টভাৱে যেতিয়া হাজাৰ হাজাৰ দৰ্শকে সেই মুহূৰ্তটোৰ বাবে অপেক্ষা কৰি থাকে আৰু আপুনি সেয়া কৰি দেখুৱাইছে, তেতিয়া এই মুহূৰ্তত অনুৰাগীসকল ৰোমাঞ্চিত হৈ পৰে ৷

মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বহু সফলতা অৰ্জন কৰিছে ৷ তেওঁৰ অধিনায়কত্বত ভাৰতে 2007 চনত প্ৰথমবাৰৰ বাবে আই চি চি টি-২০ বিশ্বকাপ জয় কৰিছিল ৷ ইয়াৰ পিছত ভাৰতে 2011 চনত এদিনীয়া বিশ্বকাপৰ ট্ৰফী লাভ কৰে ৷ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি 2011ত ভাৰতে জয় কৰিছিল বিশ্বকাপ ৷ ইফালে 2013 চনত ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি ভাৰতে আইচিচি চেম্পিয়নছ ট্ৰফী লাভ কৰিছিল ৷

লগতে পঢ়ক :World Cup 2023 : আজি ভাৰত বনাম ইংলেণ্ড, অধিনায়ক হিচাপে ৰোহিতৰ ১০০ সংখ্যক মেচ

ABOUT THE AUTHOR

...view details