অসম

assam

বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

By

Published : Apr 18, 2019, 8:28 AM IST

বিশ্বকাপৰ বাবে 15 জনীয়া ভাৰতীয় ক্ৰিকেট দলৰ সদস্য ঘোষণা হোৱাৰ পিচতেই ৰবি শাস্ত্ৰীৰ মন্তব্য 15 জনীয়া সদস্যৰ বিপৰীতে অনুমতি পালে 16 জনীয়া সদস্যৰ দল ঘোষণা হ’লহেতেন ৷

বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

স্পৰ্টছ ডেস্ক, 18 এপ্ৰিলঃআগন্তুক 30 মে’ৰ পৰা ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ বাবে ঘোষণা কৰা হ’ল ভাৰতীয় ক্ৰিকেট দল ৷ এম এছ কে প্ৰসাদৰ অধ্যক্ষতাত সোমবাৰে 15 জনীয়া সদ্যসৰ দল ঘোষণা কৰা হয় ৷ 15 জনীয়া সদস্যত আম্বাতী ৰাইডু আৰু ঋষভ পন্তক স্থান নিদিয়াক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পাচতেই মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ মন্তব্য, দল নিৰ্বাচন সন্দৰ্ভত তেওঁ সোমাব নিবিচাৰে ৷

বিশ্বকাপৰ বাবে 16 জনীয়া দল বিচাৰিছিল ৰবি শাস্ত্ৰীয়ে

যদিহে 15 জন সদস্যই নিৰ্ধাৰণ কৰিবলগীয়া হয় তেন্তে কোনোবা বাদ পৰাটো স্বাভাৱিক ৷ তেওঁৰ ইচ্ছা আছিল 16 জনীয়া সদস্যৰ দল ঘোষণা কৰাৰ ৷ কিন্তু সেইয়া অনুমতি নাছিল বুলি উল্লেখ কৰে শাস্ত্ৰীয়ে ৷ অৱশ্যে এতিয়াও কোনো খেলুৱৈয়ে নিৰাশ হোৱাৰ প্ৰয়োজন নাই ৷ যদিহে দুৰ্ভাগ্য ক্ৰমে কোনোবা খেলুৱৈ বিশ্বকাপৰ মাজত আঘাতৰ সন্মুখীন হয় তেন্তে নিশ্চিত ভাৱে আন খেলুৱৈক সেই স্থানত সুযোগ দিয়া হ’ব বুলি উল্লেখ কৰে ৷


ABOUT THE AUTHOR

...view details